ইৰাণে ইজৰাইলৰ এয়াৰবেচৰ ওপৰত কৰা আক্ৰমণৰ দৃশ্যকে ভাৰতে পাকিস্তানক কৰা আক্ৰমণ বুলি ভাইৰেল।

False Social

শেহতীয়াকৈ যোৱা ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অসমৰ কেইগৰাকীমান ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া ভাৰতে অপাৰেচন সিন্দূৰৰ পাছত পাকিস্তানৰ ওপৰত কৰা আক্ৰমণৰ দৃশ্য। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdtdUrYHIh3gf24_89f1lChvDIQJIni2B6cM43SE79QTH3mHTIwgulXEe2SB6hkU1pidm7DkJIehJtFJXqXs04eSBPHbMMQG_ZVVMjpHaM7sdAdBVEpB7rj_HHYvDxC45FnvZAdcA?key=27bYVE_xIMa3Hyd3QxJhew

Facebook Link Archived Link

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdRlP5_X-8BANyKaH8xF1FLtCHx_eE6hBEKsZNzMygV1o3-y0c5MWrB9t8_t30268B-x5qVHLGOvpD9ypJDjT4svbU7Y9i8OpZP6rXZH02r6D1SuXryailO2MpOLPy8pnhfwTmgpA?key=27bYVE_xIMa3Hyd3QxJhew

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া 

আমি বহুকেইটা লিংক লাভ কৰিলোঁ য’ৰ পৰা আমি এই ভিডিঅ’টোৰ শুংসূত্ৰ লাভ কৰাত সহায় হ’ল। 

১ অক্টোবৰ, ২০২৪ তাৰিখে baroda_muslim_official নামৰ ইনষ্টাগ্ৰাম একাউণ্টটোৰ পৰা ভিডিঅ’টো শ্বেয়াৰ কৰি কেপচনত লিখা হৈছিল- The Israeli Iron Dome failed to intercept any of the Iranian missiles hitting military bases in Israel। আমি নিশ্চিত হ’লোঁ যে ভিডিঅ’টো ৬ মে’ত আৰম্ভ হোৱা অপাৰেচন সিন্দূৰৰ পাছৰ নহয়; ২০২৪ৰ অক্টোবৰত ইৰাণে ইজৰাইলত চলোৱা আক্ৰমণৰ সময়ৰ। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcBwoy2EIF-09_QBl8BaIcBghXsixXnRMhObHQkJgVkLhpZokPZ3mx2oOxwE7ABItBz8MK8MJ2tONUQ-lNvzeHTA_cUiTym597i6yC5NzLHRdh2K9GV2vqh8Bi10fMaZ5LupAdfCA?key=27bYVE_xIMa3Hyd3QxJhew

ইয়াৰ পাছত আমি DD Indiaৰ ভেৰিফাইড ইউটিউৱ চেনেলটোত ২০২৪ৰ ২ অক্টোবৰত Iranian missiles targeting the Nevatim airbase in the Negev Desert কেপচনেৰে এই ভিডিঅ’টো আপলোড কৰা দেখিলোঁ। অৰ্থাত এয়া সেই সময়চোৱাত ইজৰাইলৰ নেগেভ মৰুভূমিত থকা নেভাটিম এয়াৰবেচৰ ওপৰত ইৰাণৰ মিছাইল আক্ৰমণৰ দৃশ্যহে।

আমি সেই সময়চোৱাত ইৰাণে মোছাডৰ মুখ্য কাৰ্যালয় তথা বিভিন্ন এয়াৰবেচ আক্ৰমণ কৰি ধ্বংস কৰা বাতৰিও পঢ়িবলৈ পালোঁ। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcaFk2qDZ_tnf33wREZZuyU-vXp2pYehYE1-qgt2FwCVyq4AA8efI8yUFvqUo-mLeTHwp8gAGz3SDc6KOS8tcUECGjohu1JQ4dTfi3_qgbb6k6ngZ0C22eAo6bVZ9ucUS6K3TLm?key=27bYVE_xIMa3Hyd3QxJhew

ইয়াৰ পৰায়ে প্ৰমাণিত হয় যে যিটো ভিডিঅ’ ভাৰতে অপাৰেচন সিন্দূৰৰ পাছত পাকিস্তানৰ ওপৰত চলোৱা আক্ৰমণৰ দৃশ্য বুলি ভাইৰেল কৰা হৈছে, সেইটো আচলতে ২০২৪ৰ অক্টোবৰত ইৰাণে ইজৰাইলৰ এটা এয়াৰবেচৰ ওপৰত কৰা আক্ৰমণৰ দৃশ্যহে। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে  দাবীটো মিছা। যিটো ভিডিঅ’ ভাৰতে অপাৰেচন সিন্দূৰৰ পাছত পাকিস্তানৰ ওপৰত চলোৱা আক্ৰমণৰ দৃশ্য বুলি ভাইৰেল কৰা হৈছে, সেইটো আচলতে ২০২৪ৰ অক্টোবৰত ইৰাণে ইজৰাইলৰ এটা এয়াৰবেচৰ ওপৰত কৰা আক্ৰমণৰ দৃশ্যহে।  

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ইৰাণে ইজৰাইলৰ এয়াৰবেচৰ ওপৰত কৰা আক্ৰমণৰ দৃশ্যকে ভাৰতে পাকিস্তানক কৰা আক্ৰমণ বুলি ভাইৰেল।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *