
শেহতীয়াভাৱে ইজৰাইল আৰু ইৰাণৰ মাজত চলা যুদ্ধৰ লগত সংগতি ৰাখি সামাজিক মাধ্যমত বিভিন্ন ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। অসমৰ ফেচবুকতো তেনেকুৱা ফটো আৰু ভিডিঅ’ বিয়পি পৰা আমাৰ দৃষ্টিগোচৰ হৈছে। অসমৰ এটা ফেচবুক পেজে যুদ্ধৰ সময়চোৱাত এখন ফটো আপলোড কৰি দাবী কৰিছে যে ইজৰাইলৰ প্ৰধানমন্ত্ৰী আৰু নাগৰিকে মাটিৰ ৬০ফুট তলত বাংকাৰ সাজি আইডিএফৰ মুখ্য কাৰ্যালয়ত আশ্ৰয় ল’বলগীয়া হৈছে। এইদৰে ফটোখন শেহতীয়া বুলি দাবী কৰিছে।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণীতে আমি ফটোখন ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া এক্সত সেই ফটোখন পোৱাৰ লগতে ফটোখন ব্যৱহাৰ কৰি পৰিবেশন কৰা বহুকেইটাৰ বাতৰি তথা প্ৰতিবেদনৰ লিংক লাভ কৰিলোঁ।
২০২৩ৰ ৮ অক্টোবৰত কৰা এটা টুইটত আমি সেই ফটোখন দেখিলোঁ। লিখা হৈছিল-Prime Minister of Israel Benjamin Netanyahu monitoring inside the IDF war room the war against Hamas Terrorists in Gaza.
yNet newsৰ Israel appeals to Egypt to help release captives from Gaza, report শীৰ্ষক এক লেখাত সেই ফটোখন আমি পালোঁ। সেই লেখাটো প্ৰকাশ হৈছিল ২০২৩ চনৰ ৮ অক্টোবৰত।
Swarajya নামৰ সংবাদ প্ৰতিষ্ঠানটোৱে ২০২৩চনৰ ৮ অক্টোবৰত প্ৰকাশ কৰা Israel Declares War First Time Since 1973; 600+ Lives Lost, 2,000+ Injured Since Shock Hamas Assault বাতৰিটোতো সেই ফটোখন আমি দেখিলোঁ।
তদুপৰি আল-জাজিৰাৰ ২০২৩চনৰ ৭ অক্টোবৰত প্ৰকাশিত এক প্ৰতিবেদনতো এই ফটোখন ব্যৱহাৰ কৰা হৈছিল।
ইয়াৰ পৰাই আমি নিশ্চিত হৈছোঁ যে এই ফটোখন শেহতীয়াকৈ ২০২৫ৰ জুন মাহত হোৱা ইজৰাইল-ইৰাণ যুদ্ধৰ সময়ৰ নহয়। এইখন পুৰণি ফটো।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে দাবীটো মিছা। এই ফটোখন শেহতীয়াকৈ ২০২৫ৰ জুন মাহত হোৱা ইজৰাইল-ইৰাণ যুদ্ধৰ সময়ৰ নহয়। এইখন ২০২৩ চনৰে এখন পুৰণি ফটো।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:২০২৩চনৰে এখন ফটো শেহতীয়াকৈ ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে মাটিৰ তলত আশ্ৰয় লোৱা বুলি বুলি মিছাকৈ প্ৰচাৰ।
Fact Check By: Pranjal SharmaResult: False
