মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ দুটা ভিন্ন ঘটনাৰ দৃশ্যক একেলগ কৰি উত্তৰ প্ৰদেশৰ ঘটনা বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে।

False Social

শেহতীয়াভাবে অসমৰ ফেচবুকত এগৰকী ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেই ভিডিঅ’টো উত্তৰ প্ৰদেশৰ। ভিডিঅ’টোত দুটা ভিন্ন দৃশ্য দেখা গৈছে। এটা দৃশ্যত এজন যুৱকক হাতত বান্ধি কোবাই কোবাই ৰাজপথেৰে লৈ গৈ আছে আৰক্ষীৰ লোকে আৰু আনটো দৃশ্যত দেখা গৈছে যে বাইকত অহা যুৱক এজনে যুৱতীগৰাকীমানৰ সৈতে অশালীন আচৰণ কৰি উধাও হৈছে। ভিডিঅ’টোৰে দাবী কৰা হৈছে যে সদায় এইদৰে স্কুললৈ অহাযোৱা কৰা ছাত্ৰীৰ সৈতে অশালীন আচৰণ কৰা আব্দুল নামৰ যুৱক এজনক অৱশেষত উত্তৰ প্ৰদেশ আৰক্ষীয়ে এইদৰে ধৰি-বান্ধি প্ৰহাৰ কৰি কৰি থানালৈ লৈ গৈছে। পোষ্টটোত ব্যৱহাৰকাৰীয়ে এইদৰে লিখিছে- সদায় স্কুললৈ অহা যোৱা কৰা ছোৱালীক জোকাৱা আব্দুলক উত্তৰ প্ৰদেশ আৰক্ষীয়ে খোজকঢ়াই পিটি-পিটি লৈ আহিলে থানালৈ।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXe5cNE7t6D9pOpDC_WBljAnZtmhxl43OUQ3uMUCXpGT1cmSQGEOj8ElE84EkSxkiWiN4HLMvYHhzKrPz7HbmMzm-UeZUXVRMKdqxxQdN8wJTpYqN8rslFXgCcZCAfQnNKMAFshKyw?key=-zAeKu9b_6R1DRePhD-CKpIZ

Facebook LinkArchived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি প্ৰথম ভিডিঅ’ ক্লিপটোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু সেই ভিডিঅ’টো ইনষ্টাগ্ৰামত লাভ কৰিলোঁ। তাত সেইটো মধ্য প্ৰদেশৰ গাৰ্ডৱাৰাৰ বুলি অভিহিত কৰা হৈছে। কোৱা হৈছে যে শক্তি চ’কৰ মহেন্দ্ৰ চৌৰাছিয়াৰ পুত্ৰ মধুৰ চৌৰাছিয়াৰ হত্যাকাৰীক এইদৰে আৰক্ষীয়ে লৈ গৈছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcO9VyV35CGkxq9Vs6CviQGQrCD7-8UL_sxMdSm--Q-6Yae1lQXV0AgQ0zH8jEAVcL8ygFFCmK4mR3bW1Xt3PGQHZfrM199jDOOSf9WuK2l-oPuZP4Y7Rl1_DvacvoP3M53SuuK0Q?key=-zAeKu9b_6R1DRePhD-CKpIZ

সেই তথ্যৰ আঁত ধৰি আমি অনুসন্ধান কৰোতে ঘটনাটোৰ সবিশেষ উল্লেখ কৰি পৰিবেশন কৰা এটা বাতৰি লাভ কৰিলোঁ। তাত উল্লেখ কৰা হৈছে মধ্য প্ৰদেশৰ গাৰ্ডৱাৰাত ৪০ হেজাৰ টকাৰ লেনদেনৰ এক বিবাদৰ বাবে দিনৰ পোহৰতে এক হত্যাকাণ্ড সংঘটিত হৈছিল। মধুৰ চৌৰাছিয়াৰ হত্যাকাণ্ডত অভিযুক্ত বিকাশ কুছবন্দীয়াক গ্ৰেপ্তাৰ কৰে। এই ঘটনাটো নালন্দা বিদ্যালয়ৰ সমীপত সংঘটিত হৈছিল। সেই বাতৰিটোত আমি ভাইৰেল হোৱা ভিডিঅ’টোত থকা প্ৰথম দৃশ্যাংশ দেখিলোঁ। 

 

মধুৰ চৌৰাছিয়া হত্যকাণ্ডৰ অভিযুক্ত বিকাশ কুছবন্দীয়াৰ গ্ৰেপ্তাৰ সন্দৰ্ভত একেই ভিডিঅ’ৰে কৰা আন এক বাতৰিও আমি ইউটিউৱত লাভ কৰিলোঁ। তদুপৰি নৱ ভাৰতৰ বাতৰিতো সেই ঘটনাৰ সবিশেষ আমি লাভ কৰিলোঁ। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcYUlSzal3304h7pU6Bisf4hbd-6xhZMyPrnFJ69YTTwuFHpdKbbUiOyUsWoiZLUsKQFvsP7GLSWfEuvikbAM1_8ZUod5smvuJlImksPqgcRRCpQY4A4wsym8NFru__tGMvqdRH_A?key=-zAeKu9b_6R1DRePhD-CKpIZ

আমি এই ঘটনাটো সন্দৰ্ভত নৰসিংহপুৰৰ আৰক্ষী অধীক্ষক মৃগাক্ষী ডেকাৰ সৈতে ফোনযোগে যোগাযোগ কৰিছিলোঁ। তেখেতে ঘটনাৰ সত্যতা নিশ্চিত কৰে আৰু কয় এই ঘটনাটো গৰ্ডৱাৰাত সংঘটিত হৈছিল। 

ইয়াৰ পৰা আমি নিশ্চিত হ’লোঁ যে ভাইৰেল হোৱা ভিডিঅ’টোৰ প্ৰথম অংশটো উত্তৰ প্ৰদেশৰ নহয়, মধ্য প্ৰদেশৰহে হয়। মধ্যপ্ৰদেশৰ গৰ্ডৱাৰাৰ এটা হত্যাকাণ্ডত অভিযুক্ত বিকাশ কুছবন্দীয়াক আৰক্ষীয়ে এইদৰে প্ৰহাৰ কৰি লৈ যোৱা দেখা গৈছে।

ইয়াৰ পাছত আমি ভিডিঅ’টোৰ দ্বিতীয় অংশটোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰোতে এবিপিৰ এটা ভিডিঅ’ বাতৰি লাভ কৰিলোঁ। তাত কোৱা হৈছে যে মহাৰাষ্ট্ৰৰ পৰ্ভানিত এজন যুৱকে এইদৰে কলেজীয়া ছাত্ৰীৰ সৈতে অশালীন আচৰণ কৰা চিচিটিভি ফুটেজ পোহৰলৈ আহিছে। আনহাতে মাৰাঠী সংবাদ মাধ্যম সকালৰ বাতৰিতো কোৱা হৈছে যে পৰ্ভানীৰ মহাত্মা ফুলে বিদ্যালয়ৰ ছাত্ৰীৰ সৈতে এইদৰে অশালীন আচৰণ কৰি বাইকত অহা দুৰ্বৃত্তই পলায়ন কৰিছিল। সেই দুষ্কাৰ্যৰ চিচিটিভি ফুটেজ পোহৰলৈ অহিছে আৰু ইতিমধ্যে নানালপেথ আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে। সেই গোচৰৰ ভিত্তিত অভিযুক্তক মহম্মদ আছলাম মহম্মদ চেলিম বুলি চিনাক্ত কৰা হৈছে। 

 

তদপৰি আন এক সংবাদ প্ৰতিস্থানৰ বাতৰিত উল্লেখ কৰা হৈছে যে এই গোচৰত অভিযুক্তৰ বিৰুদ্ধে নানালপেথ আৰক্ষীত গোচৰ পঞ্জীয়ন কৰা হৈছিল। নানালপেথ আৰক্ষীৰ দলে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। দেওবাৰে অভিযুক্তক পাৰ্লি তালুকৰ ধৰ্মপুৰীৰ পৰা আটক কৰা হৈছিল। অধিক ব্যৱস্থাৰ বাবে অভিযুক্তক নানালপেথ থানালৈ অনা হৈছে। এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ সূত্ৰৰ পৰা পোৱা অধিক তথ্য অনুসৰি ৬ ডিচেম্বৰ শুকুৰবাৰে মহাত্মা ফুলে মহাবিদ্যালয়ৰ পিছফালৰ পথত থকা জিলা সাধাৰণ চিকিৎসালয়লৈ গৈ আছিল একাংশ ছাত্ৰী। এই সময়ত দুচকীয়া বাহনত অহা এজন যুৱকে এগৰাকী ছাত্ৰীৰ সৈতে অশালীন আচৰণ কৰিছিল। এই গোচৰত নানালপেথ আৰক্ষীৰ ওচৰত নিৰ্যাতনৰ গোচৰ ৰুজু কৰা হৈছিল। এই সকলোবোৰ ঘটনা চিচিটিভিত ৰেকৰ্ড হৈছিল। আৰক্ষীয়ে চিচিটিভিৰ ফুটেজৰ ভিত্তিত অভিযুক্তৰ সন্ধান উলিয়ায়। মহম্মদ আছলাম মহম্মদ চেলিম নামৰ অভিযুক্তক পাৰ্লি তালুকৰ ধৰ্মপুৰীৰ পৰা আটক কৰিছে আৰক্ষীয়ে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdo50_DLb6kpxsNXc8XJhH5XkztVoaFFQTsC46Txao66zrd4-gIKfFEHH4Eykj4-LRx47Idn7rBnRQaTwyFOgOYyEXfYEr3KIzlDjOy2AejwW8627DUJmh0orijaQOIsniNEJ0f?key=-zAeKu9b_6R1DRePhD-CKpIZ

এই সংক্ৰান্তত আমি নানলপেথ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চিতাম্বৰ কামথেৱাড়ৰ সৈতে ফোনযোগে পোনপটীয়াভাৱে কথা পাতিছিলোঁ। তেখেতে এই ঘটনাৰ নিশ্চিতি প্ৰদান কৰে। 

ইয়াৰ পৰা আমি নিশ্চিত হওঁ যে ভাইৰেল হোৱা ভিডিঅ’টোৰ দ্বিতীয় অংশটোও উত্তৰ প্ৰদেশৰ নহয়। বৰং সেই ঘটনাটো মহাৰাষ্ট্ৰতহে সংঘটিত হৈছিল। 

অৰ্থাত আমাৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে অসমৰ ফেচবুক ব্যৱহাৰকাৰীয়ে দুটা ক্লিপযুক্ত ভিডিঅ’টো অপলোড কৰি সেই ঘটনাটো উত্তৰ প্ৰদেশৰ আৰু বাইকত অহা যুৱকজন তথা আৰক্ষীয়ে ৰাজপথেৰে প্ৰহাৰ কৰি লৈ গৈ থকা যুৱকজন আব্দুল নামৰ একেজন যুৱকেই বুলি কৰা দাবীটো মিছা। দৰাচলতে সেই ভিডিঅ’টোত দুটা ভিন্ন ঘটনাৰ দুটা ক্লিপ আছে। প্ৰথম ক্লিপটো মধ্যপ্ৰদেশৰ আৰু দ্বিতীয় ক্লিপটো মহাৰাষ্ট্ৰৰ। উত্তৰ প্ৰদেশৰ সৈতে দুয়োটা ঘটনাৰে কোনো সম্পৰ্ক নাই।  

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। দৰাচলতে সেই ভিডিঅ’টোত দুটা ভিন্ন ঘটনাৰ দুটা ক্লিপ আছে। প্ৰথম ক্লিপটো মধ্যপ্ৰদেশৰ আৰু দ্বিতীয় ক্লিপটো মহাৰাষ্ট্ৰৰ। উত্তৰ প্ৰদেশৰ সৈতে দুয়োটা ঘটনাৰে কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ দুটা ভিন্ন ঘটনাৰ দৃশ্যক একেলগ কৰি উত্তৰ প্ৰদেশৰ ঘটনা বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে।

Written By: Pranjal Sharma  

Result: False