ভাইৰেল ভিডিঅ’টোত থকা শিল্পীজন ওস্তাদ জাকিৰ হুছেইন নহয়, বৰঞ্চ তাৰী খান নামৰ এজন পাকিস্তানী তবলা শিল্পীহে।

False Social

শেহতীয়াভাবে অসমৰ হোৱাটছএপত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত বিশ্ববিখ্যাত গায়ক নুচৰত ফটেহ আলীখানৰ সৈতে এগৰাকী তবলাবাদকে তবলা সংগত কৰি থকা দেখা গৈছে। সেই তবলা বাদকজন সদ্য দিবংগত ভাৰতীয় তবলা বাদক জাকিৰ হুছেইন বুলি দাবী কৰা হৈছে অথবা সেইগৰাকী তবলা বাদক জাকিৰ হুছেইন হয় নে নহয় তাকে লৈ প্ৰশ্ন উত্থাপন হৈছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfUzAiDtDsHTLlc_9yMMwgiyvDDwn6vJZvibc1GB0aH9LVG2fUH_3QL957vFnvCsCUgQ6aXdxDLTRHv4Yj3Tx3TSAchAsX-fAu9GlwivTGcoe-m9d1A78YfhAjYGVJOjp5mc3b1ZA?key=hYIp58yGB2bpDWnBYXfxDhc6

Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি সেই বিশেষ ভিডিঅ’টো কী-ফ্ৰেমত ভাগ কৰি লৈ গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ আৰু তাৰ ফলত যোৱা ৩১ অক্টোবৰত ইউটিউবত আপলোড কৰা একেধৰণৰ ভিডিঅ’ এটাৰ সংবৰ্ধিত সংস্কৰণ এটা পালোঁ, যাৰ কেপচনত লিখা আছিল, “Ustad Nusrat Fateh Ali Khan & Ustad Tari Khan Live In Washington DC and many more”। আমি দেখিলোঁ যে সেই ভিডিঅ’টোৰ আৰম্ভণিতে প্ৰয়াত কণ্ঠশিল্পীগৰাকীয়ে তবলাবাদকজনক আব্দুল সত্তাৰ তাৰী বুলি চিনাকি কৰাই দিয়ে। এই ভিডিঅ’ৰ প্ৰায় ৪:৪২ টাইমষ্টেম্পত আমি অসমত ভাইৰেল হোৱা দৃশ্যাংশটো পালোঁ। দুয়োটা ভিডিঅ’ৰ মাজত পাৰ্থক্য মাথোঁ এটায়ে যে ভাইৰেল ভিডিঅ’টো ৰঙীন নহয়, ক’লা-বগাহে।

আমাৰ সন্ধান আগবাঢ়ি যোৱাত আমি এটা লেখা পালোঁ, যিটো ‘নুছৰত অনলাইন ব্লগ‘ ৱেবছাইটত প্ৰকাশ পাইছিল। শিৰোনাম আছিল ‘নুছৰত ফাতেহ আলী খান & উস্তাদ তাৰী খান” কেইটামান সুন্দৰ যুগলবন্দী ” ১ম খণ্ড। তাত লিখা হৈছিল- “আজি আমি যি উপস্থাপন কৰিছো সেয়া হৈছে NFAK (Nusrat Fateh Ali Khan) আৰু তাৰী খানে ১৯৯২ চনৰ পৰা ১৯৯৪ চনৰ ভিতৰত আমেৰিকাত পৰিবেশন কৰা কেইটামান সুন্দৰ যুগলবন্দী.”

https://lh7-rt.googleusercontent.com/docsz/AD_4nXckyAh4BKjjhBdZcwUmT1PR6Px5mBHbGK3aMLHfEv3Ap9goIN8Vjzm7tb4tJwrAzuY7Oy9a5rk1Xdclkwfd9FmT-wUXT2u-imH4cl8AWaR_1NOkkddtwJhcwFiqwNZg8cQcfTLs?key=hYIp58yGB2bpDWnBYXfxDhc6

ওস্তাদ তাৰী খান হৈছে পাকিস্তানৰ এগৰাকী প্ৰখ্যাত তবলা শিল্পী আৰু ভাইৰেল ভিডিঅ’টোত যি দেখা গৈছে, সেয়া হৈছে ২০১১ চনত ৱাশ্বিংটন ডিচিত ওস্তাদ নুছৰত ফাতেহ আলী খানৰ সৈতে তেওঁ তবলা সংগত কৰা সময়ৰ দৃশ্য।

গতিকে এই সকলোবোৰ প্ৰমাণৰ প্ৰতি লক্ষ্য ৰাখি আমি নিশ্চিত হ’ব পাৰোঁ যে এই ভাইৰেল ভিডিঅ’টোত দেখা তবলা শিল্পী গৰাকী ওস্তাদ জাকিৰ হুছেইন নহয়। তেওঁ পাকিস্তানী তবলা শিল্পী ওস্তাদ তাৰী খানহে।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। ভাইৰেল ভিডিঅ’টোত থকা শিল্পীজন ওস্তাদ জাকিৰ হুছেইন নহয়, বৰঞ্চ তাৰী খান নামৰ এজন পাকিস্তানী তবলা শিল্পীহে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ভাইৰেল ভিডিঅ’টোত থকা শিল্পীজন ওস্তাদ জাকিৰ হুছেইন নহয়, বৰঞ্চ তাৰী খান নামৰ এজন পাকিস্তানী তবলা শিল্পীহে।

Written By: Pranjal Sharma  

Result: False