
শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজত এখন ফটো আপলোড কৰি এটা পোষ্ট কৰা হৈছে আৰু পোষ্টটোত লিখিছে-বিদেশত গ্ৰেপ্তাৰ হোৱা অধিকাংশ ঠগ ভাৰত আৰু নাইজেৰিয়াৰে হয় কিয়? পোষ্টটোৰে দাবী কৰা হৈছে যে ফটোত দেখা লোকসকল কোনো বিদেশত গ্ৰেপ্তাৰ হোৱা ভাৰতীয় অথবা নাইজেৰিয়ান লোক।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভনীতে আমি সেই ফটোখন ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ফটোখন সম্বলিত বহুতো বাতৰি আৰু অন্যান্য লিংক পালোঁ। আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰেৰক প্ৰতিস্থান ANIয়ে নিজৰ এক্স হেণ্ডেলত এই ফটোখন দি টুইট কৰিছে যে তেওঁলোক কম্বোদিয়াৰ প্ৰৱঞ্চক নিয়োগকৰ্তাৰ কৱলৰ পৰা উদ্ধাৰ কৰা ভাৰতীয়সকলৰ প্ৰথমটো ৬০জনীয়া গোট।
আমি সেই বাতৰিটো সবিশেষ ৰূপত ANIৰ ৱেবছাইটত পঢ়িবলৈ পালোঁ। বাতৰি অনুসৰি কম্বোডিয়াত থকা ভাৰতীয় দূতাবাসে বৃহস্পতিবাৰে প্ৰকাশ কৰে প্ৰৱঞ্চনামূলক নিয়োগকৰ্তাৰ পৰা উদ্ধাৰ কৰা ৬০ জন ভাৰতীয় নাগৰিকৰ প্ৰথমটো গোট ঘৰলৈ উভতি আহিছে । যোৱা ২০ মে’ত জিনবেই-৪ নামৰ ঠাইৰ পৰা কৰ্তৃপক্ষই উদ্ধাৰ কৰিছিল এই ভাৰতীয়সকলক। শেহতীয়াকৈ ভাৰতীয় দূতাবাসে চাকৰিৰ বাবে কম্বোডিয়ালৈ যোৱাসকলৰ বাবেও পৰামৰ্শ জাৰি কৰিছে। ইয়াত ভাৰতীয় নাগৰিকসকলক বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অনুমোদিত এজেণ্টৰ জৰিয়তেহে কৰ্মসংস্থাপন লাভ কৰিবলৈ কোৱা হৈছিল।
সেই বাতৰিটোতেই কম্বোডিয়াস্থিত ভাৰতীয় দূতাবাসে কৰা টুইটটোও আমি দেখিবলৈ পালোঁ।
প্ৰসাৰ ভাৰতীৰ ৱেবছাইটতো আমি একই তথ্যৰে সেই বাতৰিটো পালোঁ আৰু তাতো সেই একেখন ফটোকে ব্যৱহাৰ কৰা হৈছে।
সেইখন ফটোৰে সৈতে সবিস্তাৰে প্ৰকাশ কৰা আন সংবাদ মাধ্যমৰ বাতৰিও আমি পালোঁ।
উল্লেখযোগ্য যে কম্বোডিয়াৰ একাংশ প্ৰৱঞ্চক নিয়োগকৰ্তাই এইদৰে শতাধিক ভাৰতীয় লোকক চীন দেশৰ একাংশ এজেঞ্চিৰ তত্বাৱধানত চাইবাৰ অপৰাধমূলক কৰ্মত নিয়োগ কৰি ৰাখিছিল। নিয়োগৰ নামত চলা এই অপৰাধ তথা প্ৰৱঞ্চনাৰ খবৰ সম্প্ৰতি বিয়পি পৰিছে। এতিয়াও বহুতো ভাৰতীয় সেইদৰে আৱদ্ধ হৈ আছে আৰু তেওঁলোকক উদ্ধাৰ কৰাৰ প্ৰক্ৰিয়া অব্যাহত আছে।
এইখিনি তথ্যৰ পৰা আমি নিশ্চিত হৈছোঁ যে অসমৰ ফেচবুক পেজটোৱে দাবী কৰা ধৰণে তেওঁলোক বিদেশত গ্ৰেপ্তাৰ হোৱা ভাৰত আৰু নাইজেৰিয়াৰ ঠগ নহয়। বৰং তেওঁলোক প্ৰৱঞ্চকৰ বলি হোৱা আৰু সেই প্ৰৱঞ্চকৰ কৱলৰ পৰা উদ্ধাৰ হৈ অহা ভাৰতীয় নাগৰিকহে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। তেওঁলোক বিদেশত গ্ৰেপ্তাৰ হোৱা ভাৰত আৰু নাইজেৰিয়াৰ ঠগ নহয়। বৰং তেওঁলোক প্ৰৱঞ্চকৰ বলি হোৱা আৰু সেই প্ৰৱঞ্চকৰ কৱলৰ পৰা উদ্ধাৰ হৈ অহা ভাৰতীয় নাগৰিকহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:কম্বোডিয়াৰ প্ৰৱঞ্চক নিয়োগকৰ্তাৰ কৱলৰ পৰা উদ্ধাৰ হৈ অহা ভাৰতীয় নাগৰিকৰ ফটো বিদেশত গ্ৰেপ্তাৰ হোৱা ভাৰতীয় আৰু নাইজেৰিয়ান ঠগৰ ফটো বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে।
Written By: Pranjal SharmaResult: False
