
শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া এটি হাতীয়ে শিশু এটিক উদ্ধাৰ কৰি অভিভাৱকৰ হাতত তুলি দিয়া সঁচা দৃশ্য।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ বাবে আমি ভিডিঅ’টো ভালকৈ পৰ্যবেক্ষণ কৰি দেখিলোঁ যে তাত এনেকুৱা কিছুমান বিসংগতি আছে যিবোৰ সাধাৰণতে কেমেৰাৰে লোৱা দৃশ্যত নাথাকে। বিশেষকৈ তাত দেখা মানুহবোৰৰ মুখাৱয়ব, ওপৰত দেখা গছবোৰ তথা হাতীটোৰ কাণ আদি স্বাভাৱিক কেমেৰাৰে লোৱা দৃশ্যৰ দৰে নহয়। তদুপৰি বাঁওফালে ওপৰৰ কোণত Ai বুলি সৰুকৈ লিখাও আমি দেখিলোঁ। তেতিয়াই এই দৃশ্যটো AI Generated বা কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা হ’ব পাৰে বুলি আমাৰ সন্দেহ হ’ল।
ইয়াৰে আঁত ধৰি আমি একাধিক AI Image Detector Tool ব্যৱহাৰ কৰি পৰীক্ষা কৰোতে তাত এই দৃশ্য কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰাৰ সৰ্বাধিক সম্ভাৱনা থকা বুলি ফলাফল ওলাল। Decopy AI নামৰ টুলটোত ই ১০০ শতাংশয়ে কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা বুলি ফলাফল ওলাল।
আনহাতে Sightengine নামৰ AI Image detector toolটোতো পৰীক্ষা কৰোতে ৯৬ শতাংশ সম্ভাৱনা কৃত্ৰিম বুদ্ধিমত্তাৰ বুলিয়েই ফলাফল ওলাল।
ইয়াতেই ক্ষান্ত নাথাকি আমি দৃশ্যটোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি ইউটিউৱত একেটা দৃশ্য লাভ কৰিলোঁ। ‘MoumitasCreation6560‘ নামৰ ইউটিউৱ চেনেলটোত যোৱা ২৪জুলাই ২০২৫ত এই ভিডিঅ’টো আপলোড কৰা হৈছে আৰু তাৰ বিৱৰণত এইটো AI Video বুলি উল্লেখ কৰা আছে।
মৌমিতাজ ক্ৰিয়েছন নামৰ চেনেলটো আমি পৰীক্ষা কৰি দেখিলোঁ যে তাত এইধৰণৰ অনেক এআই ভিডিঅ’ আপলোড কৰি থোৱা আছে।
আমি দেখিলোঁ যে চেনেলটোৰ বিৱৰণত স্পষ্টভাৱে উল্লেখ কৰা আছে যে সেইসমূহ কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা ভিডিঅ’।
বিৱৰণত উল্লেখ কৰা ইনষ্টাগ্ৰাম লিংক আৰু ফেচবুক লিংক আমি খুলি চাই দেখোঁ যে সম্প্ৰতি ইনষ্টাগ্ৰাম একাউণ্টটো উপলব্ধ হৈ থকা নাই যদিও আমি ফেচবুকৰ পেজটো লাভ কৰিলোঁ। সেইটো মৌমিতা গোৰাণি মণ্ডলৰ পেজ বুলি জানিব পাৰিলোঁ। ফেচবুক পেজটোত আমি ইউটিউৱ চেনেলটোত থকা একেখন প্ৰোফাইল পিকছাৰ লক্ষ্য কৰিলোঁ।
আমি তাতেই তেওঁৰ সৈতে যোগাযোগ কৰি ইউটিউৱ চেনেলটোত থকা ভিডিঅ’ সম্পৰ্কত জানিব বিচৰাত তেওঁ আমাক জনায় যে তেওঁ মনোৰঞ্জনৰ বাবে সেই ভিডিঅ’সমূহ প্ৰস্তুত কৰে। বিভিন্ন AI Tools ব্যৱহাৰ কৰি সেই ভিডিঅ’সমূহ তেওঁ সৃষ্টি কৰে বুলি আমাক জানিবলৈ দিয়ে।
ইয়াৰ লগে লগেই এই সত্যতা নিশ্চিত হয় যে যিটো ভিডিঅ’ অসমৰ ব্যৱহাৰকাৰীজনে সঁচা দৃশ্য বুলি আপলোড কৰিছিল, সেইটো আচলতে মৌমিতা গোৰাণি মণ্ডল নামৰ এগৰাকী ক্ৰিয়েটৰে কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা ভিডিঅ’হে। দাবীটো মিছা বুলি প্ৰমাণিত হয় এইদৰে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে দাবীটো মিছা। যিটো ভিডিঅ’ অসমৰ ব্যৱহাৰকাৰীজনে সঁচা দৃশ্য বুলি আপলোড কৰিছিল, সেইটো আচলতে মৌমিতা গোৰাণি মণ্ডল নামৰ এগৰাকী ক্ৰিয়েটৰে কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা ভিডিঅ’হে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:এটি হাতীয়ে শিশু এটি উদ্ধাৰ কৰি অভিভাৱক দিয়া ভিডিঅ’টো AI Generated অৰ্থাত কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা
Fact Check By: Pranjal SharmaResult: False
