পাকিস্তানৰ সংসদৰ ভিতৰত গাধ সোমোৱা দৃশ্যটো আচলতে AI Generated.

False Social

শেহতীয়াকৈ অসমৰ একাংশ ফেচবুক পেজ আৰু একাউণ্টত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। সেই ভিডিঅ’টোত দেখা গৈছে যে এক সংসদৰ ভিতৰত হঠাতে এটা গাধ তীব্ৰগতিত প্ৰৱেশ কৰিছে আৰু চকীত বহি থকা একাংশ লোক বাগৰি পৰিছে। ভিডিঅ’টো পাকিস্তানৰ সংসদ ভৱনৰ ভিতৰৰ বুলি দাবী কৰা হৈছে। 

Facebook Link Archived Link

Facebook Link Archived Link

ইউটিউৱতো একেই দাবীৰে সেই ভিডিঅ’ ভাইৰেল হোৱা দেখা গৈছে।

Youtube Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি সেই ভিডিঅ’টোৰ স্ক্ৰীণশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া ইনষ্টাগ্ৰামত এটা পোষ্ট লাভ কৰিলোঁ। সেই পোষ্টটোত উল্লিখিত ভিডিঅ’টো কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা বুলি উল্লেখ কৰা হৈছে। 

তাৰেই আঁত ধৰি আমি কৃত্ৰিম বুদ্ধিমত্তাৰে কৰা যিকোনো সৃষ্টি পৰীক্ষণ ৱেবছাইটত পৰীক্ষা কৰি চালোঁ। তেতিয়া আমি সেই দৃশ্যটো কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা বুলি তথ্য লাভ কৰিলোঁ। 

ইমানতে ক্ষান্ত নাথাকি আমি আমাৰ অনুসন্ধান আগুৱাই নিয়াত সেই দৃশ্যটো এটা ইউটিউৱ চেনেলত আপলোড কৰা দেখিলোঁ। তাত আমি দৃশ্যটোৰ ওপৰত এটা টিকটক একাউণ্টৰ ৱাটাৰমাৰ্ক লক্ষ্য কৰিলোঁ। 

যিহেতু আমাৰ দেশত টিকটক বৰ্তমান নিষিদ্ধ,সেইবাবেই আমাৰ শ্ৰীলংকাস্থিত সহকৰ্মীৰ সহযোগত উল্লিখিত টিকটক একাউণ্টটো পৰীক্ষা কৰিলোঁ। তাৰ পৰাই আমি জানিব পাৰিলোঁ যে সেই দৃশ্যটো কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা অৰ্থাত AI Generated. 

টিকটক একাউণ্টটোত আমি দেখিলোঁ যে সংসদ ভৱনত বিভিন্ন জীৱ জন্তু প্ৰৱেশ কৰা সেই ধৰণৰ কৃত্ৰিম বুদ্ধিমত্তাসৃষ্ট অৰ্থাত AI Generated ভিডিঅ’ অন্য অনেক আছে। সেই টিকটক একাউণ্টটোত সেইধৰণৰ ভিডিঅ” আপলোড কৰা হয়। 

ইয়াৰ পৰাই আমি নিশ্চিত হৈছোঁ যে যিটো ভিডিঅ’ পাকিস্তানৰ সংসদ ভৱনৰ ভিতৰত গাধৰ প্ৰৱেশ ঘটা বুলি দাবী কৰি ভাইৰেল কৰা হৈছে, সেইটো প্ৰকৃত দৃশ্য নহয়। ই কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা অৰ্থাত এটা AI Generated ভিডিঅ’হে।  

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে যে দাবীটো মিছা। যিটো ভিডিঅ’ পাকিস্তানৰ সংসদ ভৱনৰ ভিতৰত গাধৰ প্ৰৱেশ ঘটা বুলি দাবী কৰি ভাইৰেল কৰা হৈছে, সেইটো প্ৰকৃত দৃশ্য নহয়। ই কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা অৰ্থাত এটা AI Generated ভিডিঅ’হে। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:পাকিস্তানৰ সংসদৰ ভিতৰত গাধ সোমোৱা দৃশ্যটো আচলতে AI Generated.

Fact Check By: Pranjal Sharma 

Result: False