ভাৰত-বাংলাদেশ সীমান্তত শেহতীয়াকৈ হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি পুৰণি অপ্ৰাসংগিক ভিডিঅ’ ভাইৰেল।

Missing Context Social

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে অসংখ্য লোক কাঁটা তাঁৰৰ বেৰৰ ওচৰত ৰৈ আছে আৰু বহু লোক কাঁটা তাঁৰৰ বেৰৰ লগতে থকা গেটৰ মাজেৰে পাৰ হৈ গৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি এটা ফেচবুক পেজত লিখা হৈছে এইদৰে, “বাংলাদেশ সীমান্তত হাহাকাৰ পৰিস্থিতি, কাইঁটীয়া বেৰেৰে পাৰ হৈছে হাজাৰ হাজাৰ লোক”

Facebook Link | Archived Link.

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া ২০২৫ চনৰ ২৫ নৱেম্বৰত West Bengal Police ৰ অফিচিয়েল এক্স হেণ্ডলত এটা টুইট পালোঁ। টুইটটোত ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বট সংলগ্ন কৰি উল্লেখ কৰা হৈছিল যে সেয়া বাংলাদেশ সীমান্তৰ সমীপত অৱস্থিত গাঁও ফুনকোতলাৰ (পি.এছ- মুৰুটিয়া, জিলা- নাদিয়া, পশ্চিমবংগ) মথাভংগা নদীত কালী মূৰ্তি বিসৰ্জনৰ সময়ৰ দৃশ্য।

উল্লেখযোগ্য যে এই ভিডিঅ’টো সেই সময়ত SIR‌ৰ ভয়ত ভাৰতৰ পৰা বাংলাদেশী নাগৰিকৰ পলায়নৰ দৃশ্য বুলি ভাইৰেল হৈছিল আৰু পশ্চিমবংগ পুলিচে এই দাবী খণ্ডন কৰি টুইট কৰিছিল।

ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো পুৰণি আৰু প্ৰসংগ সংগতিহীন।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো প্ৰসংগ সংগতিহীন। ভিডিঅ’টোত দাবী কৰা ধৰণে শেহতীয়াকৈ ভাৰত-বাংলাদেশ সীমান্তত এইদৰে হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই। ভিডিঅ’টো পুৰণি আৰু বাংলাদেশ সীমান্তৰ পশ্চিমবংগৰ এখন গাঁৱত কালী মূৰ্তি বিসৰ্জনৰ সময়ৰহে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ভাৰত-বাংলাদেশ সীমান্তত শেহতীয়াকৈ হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি পুৰণি অপ্ৰাসংগিক ভিডিঅ’ ভাইৰেল।

Fact Check By: Fact Crescendo Team  

Result: False