
কমেও ২৬ জন লোকৰ প্ৰাণ কাঢ়ি নিয়া পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত এই ঘটনাৰ সৈতে জড়িত বিভিন্ন পোষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই পটভূমিত চিকিৎসালয়ৰ বিচনাত এজন ব্যক্তিক সাংবাদিকে সাক্ষাৎকাৰ লোৱাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে ভাইৰেল ভিডিঅ’টোত থকা ব্যক্তিজনেই হৈছে শেহতীয়াকৈ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত সন্ত্ৰাসবাদী। ভিডিঅ’টোত এজন সাংবাদিকে ব্যক্তিজনক তেওঁৰ নাম আৰু তেওঁৰ উদ্দেশ্য সুধিছে। ব্যক্তিজনে কয় যে তেওঁ আই এছ আইৰ লগত জড়িত।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি দেখিলোঁ যে ভাইৰেল ভিডিঅ’টোত আজ টকৰ (Aaj Tak )ল’গ’ আছে। ইয়াকে সমল হিচাপে লৈ আমি হিন্দীত প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ। তেতিয়া ২০২২ চনৰ ২৫ আগষ্টত আজ টকৰ ইউটিউব চেনেলত আপলোড হোৱা এই ভিডিঅ’টো পালোঁ।
যদিও ভিডিঅ’টোত বিশেষ তথ্য নাছিল, তথাপিও ভিডিঅ’টো যে পুৰণি সেই কথা স্পষ্ট হৈ পৰিল।
আমি টিভি৯ ভাৰতবৰ্ষত ২৫ আগষ্ট ২০২২ তাৰিখে আপলোড কৰা এটা ভিডিঅ’ ৰিপৰ্ট পালোঁ য’ত ভাইৰেল ভিডিঅ’টো আছিল। ভিডিঅ’টোৰ হিন্দী বৰ্ণনাৰ অনুবাদত লিখা আছে, “জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ গাতে লাগি থকা অঞ্চলত পাকিস্তানী সন্ত্ৰাসবাদীৰ দুটা অনুপ্ৰৱেশৰ চেষ্টা ভাৰতীয় সেনাই বিফল কৰি তুলিছে। যোৱা ৪৮ ঘণ্টাত জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ নৌশ্বেৰা ছেক্টৰত এই অনুপ্ৰৱেশৰ চেষ্টা সংঘটিত হৈছে। এই সময়ছোৱাত এটা সন্ত্ৰাসবাদী জীৱিত অৱস্থাত ধৰা পৰিছে আনহাতে আন দুটা সন্ত্ৰাসবাদী লেণ্ডমাইন বিস্ফোৰণত নিহত হৈছে।”
নিউজ১৮ ইণ্ডিয়াৰ ইউটিউব চেনেলত আপলোড কৰা আন এক ভিডিঅ’ ৰিপ’ৰ্ট তলত চাব পাৰিব।
ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে ভাইৰেল ভিডিঅ’টো পুৰণি আৰু শেহতীয়াকৈ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰো যে ভাইৰেল দাবীটো মিছা। ভাইৰেল ভিডিঅ’টোত শেহতীয়াকৈ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত কোনো সন্ত্ৰাসবাদীক দেখা পোৱা নাই। এই ভিডিঅ’টো ২০২২ চনৰ, য’ত খবৰ অনুসৰি জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ নৌশ্বেৰা ছেক্টৰত অনুপ্ৰৱেশৰ চেষ্টাৰ সময়ত এটা সন্ত্ৰাসবাদী জীৱিত অৱস্থাত ধৰা পৰিছিল।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:পুৰণি ভিডিঅ’ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত জড়িত এটা সন্ত্ৰাসবাদীৰ ভিডিঅ’ বুলি ভাইৰেল।
Written By: Debanjana BaishyaResult: False
