
২০২৪ চনৰ ২৫ ডিচেম্বৰত আজাৰবাইজান এয়াৰলাইন্সৰ বিমান দুৰ্ঘটনাত ৩৮ জন লোকৰ মৃত্যু হোৱাৰ পাছত ছ’চিয়েল মিডিয়াত এই দুৰ্ঘটনাৰ সৈতে জড়িত বুলি বহু ভিডিঅ’ ভাইৰেল হৈছে। এই পটভূমিত বিমানৰ ভিতৰত যাত্ৰীসকলে প্ৰাৰ্থনা কৰা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে আৰু ইয়াক আজাৰবাইজান এয়াৰলাইন্সৰ বিমানখনৰ দুৰ্ঘটনাৰ ঠিক পূৰ্বৰ দৃশ্য বুলি দাবী কৰা হৈছে। ভিডিঅ’টো ফেচবুকত শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “আজাৰবাইজানৰ বিমান খন দূৰ্ঘটনাগ্ৰস্ত হোৱাৰ আগমূহুৰ্তৰ ভিডিঅ | গুজব ওলাইছে যে ইউক্ৰেনৰ ড্ৰোন বুলি সন্দেহ কৰি চেচনিয়া সেনাৰ ৰকেটৰ আঘাটত ভূপতিত হৈছিল বিমানখন”
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি Sputnik Arabic নামৰ এটা এক্স হেণ্ডলত এই ভাইৰেল ভিডিঅ’টো ২০২৪ চনৰ ২৫ চেপ্তেম্বৰত আপলোড হোৱা দেখিলোঁ। টুইটটোৰ কেপশ্বনৰ অনুবাদ এনেধৰণৰ, “ছ’চিয়েল মিডিয়াত এনে ভিডিঅ’ বিয়পি পৰিছে, য’ত দেখা গৈছে যে ইস্তানবুললৈ যোৱা এয়াৰ আলজেৰীৰ এখন বিমানে কাৰিকৰী বিজুতিৰ বাবে উৰণৰ এঘণ্টাৰ পিছত উভতি আহিছে। ভিডিঅ’ত দেখা গৈছে যাত্ৰীসকলৰ মাজত আতংক আৰু বিমানখনৰ ভিতৰত টকবীৰৰ শব্দ। (Videos have spread on social media showing an Air Algerie plane heading to Istanbul returning an hour after takeoff due to a technical glitch. The footage shows panic among passengers and the sounds of Takbeer inside the plane.)”
আজাৰবাইজানৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছিল ২০২৪ চনৰ ২৫ ডিচেম্বৰত আৰু আমি পোৱা টুইটটো ২০২৪ চনৰ চেপ্তেম্বৰ মাহৰ। গতিকে ভিডিঅ’টো আজাৰবাইজানৰ শেহতীয়া বিমান দুৰ্ঘটনাৰ নহয় বুলি আমি নিশ্চিত হ’লোঁ।
ইয়াকে সমল হিচাপে লৈ আমি প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া Morocco World News নামৰ এটা ফেচবুক পেজত একেধৰণৰ ভিডিঅ’ এটা পালোঁ। পোষ্টটোৰ কেপশ্বনত লিখা আছিল এইদৰে, “ইস্তানবুললৈ যোৱা এয়াৰ আলজেৰীৰ এখন বিমানে কাৰিকৰী বিজুতিৰ বাবে উৰণৰ প্ৰায় এঘণ্টাৰ পিছত সোমবাৰে, ২৩ ছেপ্টেম্বৰত হাউয়াৰী বৌমেডিয়েন বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰে। স্থানীয় সময় অনুসৰি নিশা প্ৰায় ১১ বজাত যাত্ৰা কৰা বিমানখনে যাত্ৰী আৰু ক্ৰুৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা হিচাপে উভতি আহে। বিমান সংস্থাটোৱে জনোৱা মতে, বৰ্তমান ৰক্ষণাবেক্ষণ দলে এই সমস্যাৰ কাৰণৰ তদন্ত কৰি বিমানখন অতি সোনকালে সেৱালৈ ঘূৰাই অনাৰ বাবে কাৰিকৰী পৰীক্ষা চলাই আছে। ক্ষতিগ্ৰস্ত যাত্ৰীসকলক ৰখাৰ বাবে আন এখন বিমানৰ দিন ধাৰ্য কৰা হৈছে।”(An Air Algerie flight heading to Istanbul made an emergency landing at Houari Boumediene Airport on Monday, September 23, around one hour after takeoff due to a technical failure. The flight, which departed at around 11PM local time, returned as a precautionary measure to ensure the safety of passengers and crew. The airline stated that maintenance teams are currently investigating the cause of the issue and conducting technical checks to restore the aircraft to service as soon as possible. A replacement flight has been scheduled to accommodate affected passengers.”)
এইবাৰ আমি ২০২৪ চনৰ ২৪ চেপ্তেম্বৰত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ য’ত লিখা আছিল এইদৰে, “ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা অপেছাদাৰী ভিডিঅ’ত এয়াৰ আলজেৰীৰ এখন বিমানত কাৰিকৰী সমস্যাত ভুগি থকা বুলি গম পোৱাৰ পিছত যাত্ৰীসকলৰ অৱস্থা দেখা গৈছে। সোমবাৰে এয়াৰ আলজেৰীয়ে ঘোষণা কৰে যে ইস্তানবুল অভিমুখী বিমান এখন কাৰিকৰী সমস্যাৰ বাবে দেওবাৰে সন্ধিয়া আলজিয়াৰ্ছ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ উভতি যায়। “ৰাষ্ট্ৰীয় বিমান সংস্থা এয়াৰ আলজেৰীয়ে ইয়াৰ মূল্যৱান গ্ৰাহকসকলৰ লগতে জনসাধাৰণকো অৱগত আৰু আশ্বস্ত কৰিব বিচাৰে যে এ এইচ ৩০১৮ বিমানত সংঘটিত হোৱা কাৰিকৰী সমস্যাৰ বাবে, আলজিয়াৰ্ছক ইস্তানবুলৰ সৈতে সংযোগ কৰা বিমানখনে, যিখন বিমানখনে দেওবাৰে, ২২ ছেপ্টেম্বৰ, ২০২৪ তাৰিখে উৰা মাৰিছিল ১১:০২ বজাত, হাউয়াৰী বৌমেডিয়েন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা কেপ্তেইনে এঘণ্টা বিমানৰ পিছত ঘূৰি যোৱাৰ সিদ্ধান্ত লয়, আৰু এইটো প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে আৰু বিমানত থকা যাত্ৰী আৰু ক্ৰুৰ সুৰক্ষাৰ বাবে,” এক বিবৃতিত কোৱা হৈছে। একেটা সূত্ৰই লগতে কয় যে এবাৰ হাউয়াৰী বৌমেডিয়েন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নামি অহাৰ পিছত “যাত্ৰীসকলক থকাৰ ব্যৱস্থাৰ জৰিয়তে এয়াৰ আলজেৰীয়ে যত্ন লৈছিল আৰু ইস্তানবুললৈ লৈ যাবলৈ ২৩ ছেপ্টেম্বৰ, ২০২৪ তাৰিখে সোমবাৰে সন্ধিয়া ১০:১০ বজাত আন এখন বিমানৰ ব্যৱস্থা কৰা হৈছিল ৷”
একেধৰণৰ ভিডিঅ’ Info Trafic Algerie নামৰ ফেচবুক পেজতো আপলোড কৰা হৈছিল ২০২৪ চনৰ ২৩ চেপ্তেম্বৰত।
আমি আল জাজিৰাত ২০২৪ চনৰ ২৫ চেপ্তেম্বৰত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ য’ত ভাইৰেল ভিডিঅ’টো সংলগ্ন কৰা হৈছিল। প্ৰতিবেদনত লিখা আছিল, “আলজেৰিয়াৰ বিমানখনে যাত্ৰীসকলৰ মাজত আতংক আৰু আতংকৰ সৃষ্টি কৰি আলজেৰিয়াৰ ৰাজধানীৰ হাউয়াৰী বৌমেডিয়েন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ উভতি যাবলৈ বাধ্য কৰাইছে।
প্ৰেছ ৰিপ’ৰ্ট অনুসৰি, আলজিয়াৰ্ছ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা তুৰস্কৰ ইস্তানবুললৈ যোৱা এয়াৰবাছ এ৩৩০ বিমানখনে ২০০ৰো অধিক যাত্ৰীবাহী বিমানেৰে গৈ আছিল, কিয়নো ফটোত দেখা গৈছে যে বিমানখন যাত্ৰীৰে ভৰি আছিল।
কিন্তু আলজিয়াৰ্ছ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰণৰ এঘণ্টাৰ পাছত বিমানখনে উৰণৰ সময়ত জৰুৰীকালীন অৱস্থাৰ সন্মুখীন হয়, যাৰ ফলত বিমানখনে প্ৰস্থান বিমানবন্দৰলৈ উভতি যাবলগীয়া হয়, নেভিগেচনেল তথ্য অনুসৰি।…”
গতিকে ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো পুৰণি আৰু আজাৰবাইজানৰ শেহতীয়া বিমান দুৰ্ঘটনাৰ নহয়।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। ভাইৰেল ভিডিঅ’টো পুৰণি আৰু ইয়াত এয়াৰ আলজেৰীৰ এখন বিমানৰ যাত্ৰীসকলে বিমানখনত কাৰিকৰী বিজুতিৰ খবৰ পোৱাৰ পিছত প্ৰাৰ্থনা কৰা দেখা গৈছে। ইয়াৰ লগত আজাৰবাইজান এয়াৰলাইন্সৰ বিমান দুৰ্ঘটনাৰ কোনো সম্পৰ্ক নাই।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:পুৰণি অপ্ৰাসংগিক ভিডিঅ’ আজাৰবাইজানৰ বিমান দুৰ্ঘটনাৰ বুলি ভাইৰেল।
Written By: Debanjana BaishyaResult: False
