বাংলাদেশৰ শেহতীয়া বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বাংলাদেশৰ বিভিন্ন দল সংগঠনৰ বান সাহায্য বিতৰণৰ বিভিন্ন ফটো আৰু ভিডিঅ' ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত। কিছুসংখ্যক পোষ্ট সাম্প্ৰদায়িক দিশেৰেও শ্বেয়াৰ কৰা দেখা গৈছে। তেনে ধৰণৰ এটা পোষ্ট আমি ফেচবুকত পালোঁ। পোষ্টটোত এখন ফটো আৰু এটা ভিডিঅ' সংলগ্ন কৰা হৈছিল। ফটোখনত বাংলাদেশৰ ইস্কন মন্দিৰৰ সদস্যক বান সাহায্য বিতৰণ কৰা দেখা গৈছে। আনহাতে ভিডিঅ'টোত দেখা গৈছে কিছুসংখ্যক মুছলমান লোকে বান সাহায্য প্ৰদান কৰি আছে। তাত মৌলৱী এজনে সৰু ল'ৰা এজনৰ ডিঙিৰ তাবিজ মুখেৰে চিঙি দিয়া দেখা গৈছে।

ভিডিঅ'টোৰ কেপশ্বনত লিখা আছিল এইদৰে, "মুছলমানে বানপানীৰ সময়ত সাহায্য দিয়াৰ বিনিময়ত হিন্দু শিশুৰ তুলসী তাবিজ চিঙি দিছে , আল্লাৰ নাম লব দিছে।

কিমান ঘৃণণীয় মুছলমানৰ কাম"

Facebook Link | Archived Link.

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে পোষ্টটোত থকা ফটোখন ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া ইস্কন মন্দিৰ ফেনী, বাংলাদেশৰ ফেচবুক পেজত ভাইৰেল ফটোখনৰ সৈতে মিল থকা কিছুমান ফটো পালোঁ। সেই ফটোখনত থকা বেনাৰ আৰু ভাইৰেল ফটোখনৰ বেনাৰখন একেই।

আমি পুনৰ কী-ৱ'ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া যোৱা ২৯ আগষ্টত এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে আপলোড কৰা এখন ফটো পালোঁ যিখন আছিল ভাইৰেল ফটোখনৰ সৈতে একেই। সেয়া ইস্কন বাংলাদেশৰ ফটো বুলি পোষ্টটোত উল্লেখ কৰা হৈছিল। ব্যৱহাৰকাৰীজন ইস্কন মন্দিৰৰ সদস্য বুলি আমি তেওঁৰ প্ৰ'ফাইলৰপৰা জানিব পাৰিলোঁ।

Facebook Link

গতিকে আমি নিশ্চিত হ'লোঁ যে ভাইৰেল ফটোখন ইস্কন বাংলাদেশৰেই।

এইবাৰ আমি পোষ্টটোত থকা ভিডিঅ'টো সম্পৰ্কে জানিবলৈ ভাইৰেল ভিডিঅ'টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া এক্সত যোৱা ৩০ আগষ্টত একেটা দাবীৰে আপলোড কৰা এই ভিডিঅ'টো পালোঁ। কিন্তু এই ভিডিঅ'টোৰ ওপৰত বাংলা ভাষাত লিখা আছিল এইদৰে, "নোয়াখালী ত্রাণসামগ্রী বিতরণ সাথে ছেলেকে শিরক মুক্ত করা হলো"।

X Link | Archived Link

"শ্বিৰ্ক মুক্ত কৰা" মানে কি সেয়া জানিবলৈ আমি বাংলা ভাষাত কী-ৱ'ৰ্ড ছাৰ্চ কৰিলোঁ। শ্বিৰ্ক (শিরক/ Shirk) বুলি ক'লে ইছলাম ধৰ্মত বহুঈশ্বৰবাদ চৰ্চা কৰাৰ পাপক বুজায়। অৰ্থাৎ আল্লাহৰ বাহিৰে আন কাৰোবাক উপাসনা কৰিলে তাক শ্বিৰ্ক বুলি কোৱা হয়।

শ্বিৰ্ক মূলতঃ তিনি প্ৰকাৰৰ-

আল্লাহৰ সত্তাৰ সৈতে অংশীদাৰ। যেনে: আল্লাহৰ পত্নী, পুত্ৰ, কন্যা আছে বুলি বিশ্বাস কৰা।

আল্লাহৰ ইবাদতত সংগী কৰা।

আল্লাহৰ গুণৰ লগত তুলনা কৰা। যেনে: নবী, ৰাছুল আৰু আউলিয়াসকলে নিজেই অদৃশ্য জানে বুলি ভবা, কাৰণ অদৃশ্যৰ জ্ঞান কেৱল আল্লাইহে জানে।

কী-ৱ'ৰ্ড ছাৰ্চ কৰি আমি তেনেধৰণৰ আন কিছুমান ভিডিঅ' পালোঁ।

আমি পুনৰ কী-ৱ'ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া বাংলাদেশৰ এগৰাকী তথ্য পৰীক্ষক শ্বোহানুৰ ৰহমানৰ এটা টুইট পালোঁ। টুইটটোত ভাইৰেল ভিডিঅ'টোৰ দুটা স্ক্ৰীণশ্বট আছিল।

টুইটটোত তেওঁ লিখিছে এইদৰে, "ল’ৰাটো হিন্দু নহয়, আৰু তুলসী মালাও নাছিল; বৰঞ্চ ই আছিল এটা তাবিজ।

ভিডিঅ'টোত বাংলা টেক্সট আছে য'ত লিখা আছে- "সাহায্য বিতৰণৰ লগে লগে এই ল'ৰাটোক 'শ্বিৰ্কমুক্ত' কৰা হ'ল।"

যোৱা ২৬ আগষ্টত এই ভিডিঅ’টো আপলোড কৰিছিল, ৰাছেল খানে। এয়া নোয়াখালিৰ ভিডিঅ', য'ত চান্দপুৰৰ "তাওহিদ একাডেমী এণ্ড ইছলামিক চেণ্টাৰ" নামৰ এখন চালাফী ইছলামিক বিদ্যালয়ে এই সাহায্য বিতৰণ কৰিছিল। চালাফী/আহলে হাদীছ অনুগামী তাৱিজৰ বিৰোধী, আৰু চালাফী সদস্যই তাৱিজ কাটি থকা বহু ভিডিঅ' আছে।

ভিডিঅ’টোত কথা-বতৰা এনেদৰে চলি আছে:

হুজুৰ: "আল্লাহে তোমাক পুৰস্কাৰ দিয়ক।"

ল'ৰা : "মা হয়তো গালি পাৰিব পাৰে..."

: "নাই নাই তেওঁ গালি নাপাৰে। তেওঁক ক'বা হুজুৰ আহি এয়া পিন্ধাটো ঠিক নহয় বুলি ক'লে..."

হিন্দু ল'ৰা এটাক তাৰ মালা কাটি শ্বিৰ্কমুক্ত কৰিব নোৱাৰি। শ্বিৰ্ক মানে আল্লাহৰ ওপৰত প্ৰভুত্ব, ইবাদত বা তেওঁৰ নাম আৰু চিফতত কোনো অংশীদাৰ বা প্ৰতিদ্বন্দ্বীক আৰোপ কৰা। ইছলামৰ আটাইতকৈ ডাঙৰ পাপ।

তাবিজ পিন্ধিলে মানুহে হয়তো বিশ্বাস কৰিব যে আল্লাহতকৈ তাবিজহে ৰক্ষক। সেইবাবেই ইয়াক শ্বিৰ্ক বুলি কয় আৰু ল'ৰাটোৰ ডিঙিৰ পৰা আঁতৰাই পেলায়। গতিকে, হিন্দু নহয়, তাবিজ আঁতৰাই কেৱল এজন মুছলমান ল’ৰাকহে শ্বিৰ্কমুক্ত কৰিব পৰা যায়"।

Archived Link

শ্বোহানুৰ ৰহমানৰ এক্স হেণ্ডলত ২ চেপ্তেম্বৰত আপলোড কৰা এটা ভিডিঅ'ত ভাইৰেল ভিডিঅ'টোত থকা ল'ৰাজনৰ লগত হোৱা এক কথোপকথন দেখা গ'ল। ভিডিঅ'টোত ল'ৰাজনে কৈছে যে তেওঁৰ নাম ছোহেল, তেওঁৰ পিতৃৰ নাম আব্দুল হক, মাতৃৰ নাম ৰজিনা আৰু তেওঁ মাদ্ৰাছাৰ শিক্ষাৰ্থী। ভিডিঅ'টোত ল'ৰাজনে কলিমা পঢ়ি শুনোৱাও দেখা গৈছে আৰু তেওঁ নিজকে মুছলমান বুলি কৈছে।

X Link | Archived Link

গতিকে ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ'টোত থকা ল'ৰাজন হিন্দু নহয় বৰং মুছলমানহে।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল পোষ্টটো আংশিকভাৱে মিছা। পোষ্টটোত থকা ইস্কন বাংলাদেশৰ বান সাহায্য বিতৰণৰ ফটোখন বাংলাদেশৰ শেহতীয়া বানপানীৰ হয়, কিন্তু তাত থকা ভিডিঅ'টোৰ কোনো সাম্প্ৰদায়িক দিশ নাই। ভিডিঅ'টোত দেখা ল'ৰাজন হিন্দু নহয় বৰং মুছলমানহে আৰু মৌলৱীজনে ল'ৰাজনে ডিঙিত পিন্ধা তাবিজ চিঙি ইছলাম ধৰ্ম অনুসৰি শ্বিৰ্ক মুক্তহে কৰিছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:মৌলৱী এজনে সৰু ল'ৰা এজনৰ ডিঙিৰ তাবিজ চিঙি আঁতৰোৱা এই ঘটনাৰ কোনো সাম্প্ৰদায়িক দিশ নাই।

Fact Check By: Debanjana Baishya

Result: Partly False