২০২২ আৰু ২০২৩চনৰ পুৰণি ফটোকে ২০২৫চনৰ জানুৱাৰীৰ তীব্বত ভূমিকম্পৰ ফটো বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে।  

যোৱা ৭ জানুৱাৰী ২০২৫ত অসমৰ এটি ফেচবুক পেজত কেইখনমান ফটো আপলোড কৰি সেইকেইখন অতি শেহতীয়াকৈ নেপাল সীমান্তৱৰ্তী তীব্বতৰ শ্বিজাঙত অহা ভূমিকম্পৰ ফটো বুলি দাবী কৰিছে। পোষ্টটোত একেখন ফটোকে দুবাৰ ব্যৱহাৰ কৰা হৈছে আৰু তাত মুঠ চাৰিখন ফটো আছে। পোষ্টটোত লিখিছে- নেপালৰ সীমান্তৱৰ্তী তিব্বতৰ পাহাৰীয়া অঞ্চল শ্বিজাঙত মঙলবাৰে পুৱা এক ঘণ্টাৰ ভিতৰতে একেৰাহে ছটাকৈ ভূমিকম্প সংঘটিত […]

Continue Reading

২০২৪ চনত টাইৱানত হোৱা ভূমিকম্পৰ দৃশ্য তিব্বতৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য বুলি ভাইৰেল।

যোৱা ৭ জানুৱাৰীত নেপাল-তিব্বত সীমান্তত হোৱা ৭.১ প্ৰাবল্যৰ ভূমিকম্পৰ পাছত ছ’চিয়েল মিডিয়াত এই সম্পৰ্কে বিভিন্ন পোষ্ট শ্বেয়াৰ হোৱা দেখা গৈছে। এটা ফেচবুক পেজৰ বাতৰি আমাৰ দৃষ্টিগোচৰ হ’ল য’ত দুখন ফটো সংলগ্ন কৰি এই ভূমিকম্প সম্পৰ্কে বাতৰি পৰিবেশন কৰা হৈছিল। এখন ফটোত এটা প্ৰকাণ্ড অট্টালিকা হেলনীয়া হৈ পৰা দেখা গৈছে আৰু আনখনত কোনো ঘৰৰ খহি পৰা […]

Continue Reading

জাপানৰ ভূমিকম্পৰ পুৰণি ভিডিঅ’ নেপাল-তিব্বত সীমান্তত হোৱা শেহতীয়া ভূমিকম্পৰ বুলি ভাইৰেল।

২০২৫ চনৰ ৭ জানুৱাৰীত স্থানীয় সময় অনুসৰি পুৱা ৯:০৫ বজাত তিব্বতৰ এক দুৰ্গম অঞ্চলত হোৱা ৭.১ প্ৰাবল্যৰ ভূমিকম্পত ১২০ জনতকৈ অধিক লোকৰ মৃত্যু হয়। উদ্ধাৰ অভিযান অব্যাহত আছে আৰু উদ্ধাৰ কৰা হৈছে ৪০০ৰো অধিক লোকক। এই পটভূমিত নেপাল-তিব্বত সীমান্তত শেহতীয়াকৈ সংঘটিত হোৱা ভূমিকম্পৰ বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত ভূমিকম্পৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। Facebook […]

Continue Reading