প্ৰয়াগৰাজৰ কুম্ভমেলা অভিমুখী ৰেলত শিলগুটি নিক্ষেপ কৰা লোকক আৰক্ষীয়ে এইদৰে পিটিছে নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলা সম্পৰ্কে ছ’চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ পোষ্ট ভাইৰেল হোৱা দেখা গৈছে। শেহতীয়াকৈ এটা ভিডিঅ’ আমাৰ দৃষ্টিগোচৰ হ’ল য’ত দেখা গৈছে আৰক্ষীৰ লোকে কোনো এক অঞ্চলত এজন লোকক খেদি খেদি মৰিয়াইছে আৰু দুগৰাকীমান মহিলা লোকজনক বচাবলৈ আগবাঢ়ি আহিছে। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে কুম্ভমেলা অভিমুখী ৰেলত শিলগুটি নিক্ষেপ কৰাৰ অভিযোগত […]

Continue Reading

অৰবিন্দ কেজৰিৱালে নিজকে সমালোচনা কৰিছিল নেকি? অসম্পূৰ্ণ ভিডিঅ’ ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত দিল্লীৰ পূৰ্বৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত তেওঁক কোনো অনুষ্ঠানত ভাষণ প্ৰদান কৰা দেখা গৈছে। ভিডিঅ’টোত অৰবিন্দ কেজৰিৱালে নিজকে সমালোচনা কৰা দেখা গৈছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “নিজকে প্ৰশংসা কৰি থকা অৱস্থাত কেজৰিৱাল৷ ইফালে দিল্লীত নিৰ্বাচন সমাগত৷ 😂” Facebook Link | Archived Link  কিন্তু সঁচাকৈয়ে অৰবিন্দ […]

Continue Reading

সম্পাদিত ভিডিঅ’ জাষ্টিন ট্ৰুডোৰ পদত্যাগ ঘোষণাৰ পাছত জনতাই আনন্দ-উল্লাস প্ৰদৰ্শন কৰাৰ দৃশ্য বুলি ভাইৰেল।

কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে ৬ জানুৱাৰীত প্ৰধানমন্ত্ৰী আৰু লিবাৰেল পাৰ্টিৰ নেতা পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে। তেওঁৰ নেতৃত্বৰ প্ৰতি জনসাধাৰণৰ অসন্তুষ্টি আৰু তেওঁৰ চৰকাৰৰ অস্থিৰতা বাঢ়ি আহিছিল। বিশেষকৈ চৰকাৰৰ বিত্তমন্ত্ৰীৰ হঠাৎ পদত্যাগ কৰাৰ পিছত চৰকাৰৰ অস্থিৰতা বৃদ্ধি পালে। এই পৰিস্থিতিৰ বাবে প্ৰধানমন্ত্ৰী ট্ৰুডোৱে সিদ্ধান্ত ল’লে যে তেওঁ আৰু নেতৃত্ব নিদিয়ে। এই প্ৰসংগত ছ’চিয়েল […]

Continue Reading

২০২৪ চনত টাইৱানত হোৱা ভূমিকম্পৰ দৃশ্য তিব্বতৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য বুলি ভাইৰেল।

যোৱা ৭ জানুৱাৰীত নেপাল-তিব্বত সীমান্তত হোৱা ৭.১ প্ৰাবল্যৰ ভূমিকম্পৰ পাছত ছ’চিয়েল মিডিয়াত এই সম্পৰ্কে বিভিন্ন পোষ্ট শ্বেয়াৰ হোৱা দেখা গৈছে। এটা ফেচবুক পেজৰ বাতৰি আমাৰ দৃষ্টিগোচৰ হ’ল য’ত দুখন ফটো সংলগ্ন কৰি এই ভূমিকম্প সম্পৰ্কে বাতৰি পৰিবেশন কৰা হৈছিল। এখন ফটোত এটা প্ৰকাণ্ড অট্টালিকা হেলনীয়া হৈ পৰা দেখা গৈছে আৰু আনখনত কোনো ঘৰৰ খহি পৰা […]

Continue Reading

জাপানৰ ভূমিকম্পৰ পুৰণি ভিডিঅ’ নেপাল-তিব্বত সীমান্তত হোৱা শেহতীয়া ভূমিকম্পৰ বুলি ভাইৰেল।

২০২৫ চনৰ ৭ জানুৱাৰীত স্থানীয় সময় অনুসৰি পুৱা ৯:০৫ বজাত তিব্বতৰ এক দুৰ্গম অঞ্চলত হোৱা ৭.১ প্ৰাবল্যৰ ভূমিকম্পত ১২০ জনতকৈ অধিক লোকৰ মৃত্যু হয়। উদ্ধাৰ অভিযান অব্যাহত আছে আৰু উদ্ধাৰ কৰা হৈছে ৪০০ৰো অধিক লোকক। এই পটভূমিত নেপাল-তিব্বত সীমান্তত শেহতীয়াকৈ সংঘটিত হোৱা ভূমিকম্পৰ বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত ভূমিকম্পৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। Facebook […]

Continue Reading

ফিজি পৃথিৱীৰ একমাত্ৰ কেন্সাৰবিহীন দেশ নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

শেহতীয়াকৈ ফেচবুকত এটা বিশেষ পোষ্ট আমাৰ দৃষ্টিগোচৰ হ’ল। পোষ্টটোত দাবী কৰা হৈছে যে ‘ফিজি’ পৃথিৱীৰ একমাত্ৰ কেন্সাৰবিহীন দেশ। Facebook Link | Archived Link. কিন্তু এই দাবী সঁচানে?  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে গুগলত প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ। তেতিয়া ফিজিৰ স্বাস্থ্য আৰু চিকিৎসা সেৱা মন্ত্ৰালয়ৰ (Ministry […]

Continue Reading

পুৰণি অপ্ৰাসংগিক ভিডিঅ’ আজাৰবাইজানৰ বিমান দুৰ্ঘটনাৰ বুলি ভাইৰেল।

২০২৪ চনৰ ২৫ ডিচেম্বৰত আজাৰবাইজান এয়াৰলাইন্সৰ বিমান দুৰ্ঘটনাত ৩৮ জন লোকৰ মৃত্যু হোৱাৰ পাছত ছ’চিয়েল মিডিয়াত এই দুৰ্ঘটনাৰ সৈতে জড়িত বুলি বহু ভিডিঅ’ ভাইৰেল হৈছে। এই পটভূমিত বিমানৰ ভিতৰত যাত্ৰীসকলে প্ৰাৰ্থনা কৰা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে আৰু ইয়াক আজাৰবাইজান এয়াৰলাইন্সৰ বিমানখনৰ দুৰ্ঘটনাৰ ঠিক পূৰ্বৰ দৃশ্য বুলি দাবী কৰা হৈছে। ভিডিঅ’টো ফেচবুকত শ্বেয়াৰ […]

Continue Reading

২০২১ চনৰেই ফটো ড° মনমোহন সিঙৰ অন্তিম শয়নৰ দৃশ্য বুলি ভাইৰেল।

ভাৰতৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙে যোৱা নিশা অৰ্থাৎ ২৬ ডিচেম্বৰত শেষ নিশ্বাস ত্যাগ কৰে। ইয়াৰ পাছতে ড° মনমোহন সিঙৰ অন্তিম শয়নৰ দৃশ্য বুলি এখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ফটোখনত এখন হস্পিতালৰ বিচনাত ড° মনমোহন সিঙক দেখা গৈছে আৰু ওচৰত এজন চিকিৎসকক থিয় হৈ থকা দেখা গৈছে। ফেচবুকত ফটোখন শ্বেয়াৰ কৰি এক অসমীয়া […]

Continue Reading

বিজেপি সাংসদক ৰাহুল গান্ধীয়ে ঠেলা মাৰি দিয়া বুলি তেওঁ নিজে স্বীকাৰ কৰিছিল নেকি? জানক সত্যতা।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে বিজেপি সাংসদক ঠেলা মাৰিছিল বুলি ৰাহুল গান্ধীয়ে নিজে স্বীকাৰ কৰিছে। যোৱা ১৯ ডিচেম্বৰত বিজেপি সাংসদ প্ৰতাপ সাৰংগীয়ে অভিযোগ উত্থাপন কৰিছিল যে ৰাহুল গান্ধীয়ে এজন সাংসদক ঠেলা মাৰি দিছিল আৰু সেই সাংসদগৰাকী প্ৰতাপ সাৰংগীৰ ওপৰত পৰি যোৱাৰ ফলত তেৱোঁ পৰি […]

Continue Reading

ভিডিঅ’টোত বাংলাদেশৰ মুছলমান লোকে হিন্দু গাঁৱত আক্ৰমণ কৰা দেখা গৈছে নেকি? জানক সত্যতা।

অলপতে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে ইছলাম ধৰ্মাৱলম্বী লোকৰ পোছাক পৰিহিত এদল লোকে হাতে  হাতে লাঠী লৈ গছ-গছনি, জেওৰা আদি ধ্বংস কৰি গৈ আছে আৰু গৰু-ম’হ লৈ গৈছে। তদুপৰি খেতিপথাৰৰ ঠায়ে ঠায়ে ধোঁৱা ওলাই থকা দেখা গৈছে। দাবী কৰা হৈছে যে ভিডিঅ’টো বাংলাদেশৰ আৰু তাত এনেদৰে মুছলমান লোকে হিন্দু গাঁৱত ধ্বংসলীলা […]

Continue Reading