শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজৰ পৰা এটা ভিডিঅ’ বাৰ্তা প্ৰচাৰ কৰা হৈছে যে বিশ্বত ভৱিষ্যতে বিলুপ্ত হ'ব পুৰুষ। ভিডিঅ’টোত উল্লেখ কৰা হৈছে যে ভৱিষ্যতে বিশ্বত মহিলাই আধিপত্য বিস্তাৰ কৰিব, মহিলাৰ হাতলৈ যাব বিশ্ব। আগন্তুক সময়ত পৃথিৱীত কেৱল মহিলাৰ হে জন্ম হ’ব, পুৰুষৰ জন্মৰ হাৰ প্ৰায় নাইকিয়া হৈ পৰিব। ইয়াকো কোৱা হৈছে যে এটা সমীক্ষাত দাবী কৰা হৈছে যে Y ক্ৰম’জমৰ সংখ্যা লাহে লাহে হ্ৰাস হৈ আহিছে। বিগত প্ৰায় ১৬৬ মিলিয়ন বছৰ ধৰি মানুহ তথা প্লাটিপাছ উভয়ৰ ক্ষেত্ৰতে ৫৫ৰ পৰা ৯০০ Y ক্ৰম’জম সক্ৰিয় জিন হেৰাইছে। এই ক্ষতিৰ পৰিমান সংখ্যাৰ হিচাপত প্ৰায় প্ৰতি মিলিয়ন বছৰত ৫টা। এই হাৰ অব্যাহত থাকিলে ১১ মিলিয়ন বছৰত প্ৰায় ৫৫টা জিনো নোহোৱা হ’ব বুলি ভিডিঅ’টোত দাবী কৰা হৈছে। দাবী কৰা হৈছে যে এনেকৈয়ে সমাজৰ পৰা পুৰুষৰ অস্তিত্ব প্ৰায় নোহোৱা হৈ যাব আৰু তেতিয়া সমগ্ৰ বিশ্বতে কেৱল ৰাজত্ব চলিব মহিলাসকলৰ। ভিডিঅ’টোৰ শেষত তেওঁলোকে কৈছে যে এয়া ১১ মিলিয়ন বছৰৰ পাছত হোৱাৰ সম্ভাৱনা আছে যদিও এইক্ষেত্ৰত আৰু অধিক গৱেষণাৰ প্ৰয়োজন আছে। এই ভিডিঅ’বাৰ্তাটোৰ আৰম্ভনীতে গ্ৰাফিক্সৰ জৰিয়তে কোৱা হৈছে যে মহিলাৰ হাতলৈ যাব বিশ্ব, বিশ্বত ভৱিষ্যতে বিলুপ্ত হ’ব পুৰুষ,জন্ম হ’ব কেৱল নাৰীৰ।




Facebook Link Archived Link

এই সম্পৰ্কে আমি অধ্যয়নত কি পালোঁ?

অধ্যয়নৰ আৰম্ভনীতে এই সম্পৰ্কে কোনো নিৰ্ভৰযোগ্য সংবাদ প্ৰতিস্থানৰ বাতৰি আৰু নিৰ্দিষ্ট প্ৰতিস্থানৰ কোনো তথ্য আছে নেকি প্ৰাসংগিক কী-ৱৰ্ড লৈ তাৰেই সন্ধান কৰিলোঁ। তেতিয়া আমি একাধিক বাতৰিৰ প্ৰতিবেদন আৰু অন্য ৱেবছাইটৰ তথ্য লাভ কৰিলোঁ। হিন্দুস্তান টাইমছৰ ২৮ আগষ্ট ২০২৪ত প্ৰকাশিত Will men go extinct? Study finds Y chromosomes are shrinking in the world শীৰ্ষক এক প্ৰতিবেদনত এই বিষয়ে উল্লেখ কৰা হৈছে। ইউনিভাৰ্ছিটী অৱ কেন্টৰ এক অধ্যয়নৰ উদ্ধৃতি দি প্ৰস্তুত কৰা প্ৰতিবেদনৰ শেষত কোৱা হৈছে যে ক্ৰমাগতভাৱে হ্ৰাস হৈ অহা Y ক্ৰম’জমে মানুহৰ প্ৰজননৰ প্ৰতি চিন্তাৰ সৃষ্টি কৰিছে। কাৰণ Y ক্ৰম’জম শুক্ৰাণু উৎপাদনৰ বাবে আৰু প্ৰজাতি এটাৰ ধাৰাবাহিকতা ৰক্ষাৰ বাবে অপৰিহাৰ্য । কোৱা হৈছে যে অন্য সহায়ক প্ৰযুক্তিৰ সহায়ত বহুতো জিন বাইপাছ কৰিব পাৰি। ইয়াৰ অৰ্থ হ’ল ভৱিষ্যতে অতি সোনকালে জেনেটিক ইঞ্জিনিয়াৰিঙৰ সহায়ত সমলিংগীয় মহিলা দম্পতী বা বন্ধ্যা পুৰুষেও হয়তো সন্তান জন্ম দিব পাৰিব। কিন্তু, ই সম্ভৱপৰ হ’লেও ই প্ৰাকৃতিক প্ৰজননৰ ঠাই সম্পূৰ্ণৰূপে লোৱাৰ সম্ভাৱনা নাই। অধ্যয়ন অনুসৰি Y ক্ৰম’জমৰ অন্তৰ্ধান ভৱিষ্যতৰ ৪৬ লাখ বছৰৰ পাছতো হ’ব বুলি ধাৰণা কৰা হৈছে। ইয়াৰ পৰা বুজা যায় যে ভৱিষ্যতে লিংগ নিৰ্ণয়, প্ৰজনন বা যদি আন কিবা সম্পূৰ্ণ নতুন প্ৰজাতিৰ এক নতুন ব্যৱস্থা হ’ব।




টাইমছ অৱ ইণ্ডিয়াৰ Decline of the Y chromosome: Are men to go extinct? শীৰ্ষত প্ৰতিবেদনতো অনুৰূপ ধৰণে উল্লেখ কৰা হৈছে যে Y ক্ৰম’জমৰ বিকল্প হিচাপে নতুন ব্যৱস্থাৰ সুচনা হোৱাৰ সম্ভাৱনা আছে। ২০২২ৰ এক অধ্যয়নৰ উদ্ধৃতিৰে লিখা হৈছে যে স্পাইনী ৰেটৰ প্ৰজাতিৰ মাজত লিংগ নিৰ্ণায়ক এক নতুন জিনৰ সৃষ্টিৰ কথা কোৱা হৈছে।




আনহাকে ইক’নমিক টাইমছৰ Y chromosome might be in decline, but men are here to stay; here’s why লেখাত উল্লেখ কৰা হৈছে যে হোকাইডো বিশ্ববিদ্যালয়ৰ আছাটো কুৰ’ইৱাৰ নেতৃত্বত কৰা এক অধ্যয়নত দেখা গৈছে যে স্পাইনী ৰেট (Spiny Rat)ৰ বেছিভাগ Y ক্ৰম’জম জিন অন্য ক্ৰম’জমলৈ স্থানান্তৰিত হৈছে। গৱেষকসকলে ৩ নং ক্ৰম’জমৰ SOX9 জিনৰ ওচৰত এটা সৰু ডি এন এ ডুপ্লিকেচন চিনাক্ত কৰে, যিটো সকলো মতা কাঁইটীয়া এন্দুৰতে থাকে যদিও মাইকী এন্দুৰত অনুপস্থিত। এই ডুপ্লিকেচনে SOX9 জিন সক্ৰিয় কৰা যেন লাগে। ই পুৰুষৰ বিকাশত হেৰাই যোৱা SRY জিনৰ ভূমিকা গ্ৰহণ কৰে। অধ্যয়নটোৱে প্ৰকাশ কৰিছে যে, "Y ক্ৰম'জমৰ ক্ষতিয়ে কাঁইটীয়া এন্দুৰ(Spiny Rat)ৰ বাবে মাৰাত্মক হোৱা নাই; বৰঞ্চ ই লিংগ নিৰ্ণয়ৰ বিকল্প উপায় বিচাৰি নিজকে খাপ খুৱাই লৈছে।"



এই লেখাৰ শেষৰ ফালে উল্লেখ কৰা হৈছে যে মানুহৰ বাবে নতুন লিংগ নিৰ্ধাৰণকাৰী জিন বিকশিত কৰাৰ সম্ভাৱনাই আশাৰ সঞ্চাৰ কৰিলেও ই বিপদৰ সৃষ্টি কৰিব পাৰে। বিভিন্ন লিংগ নিৰ্ধাৰণ ব্যৱস্থাৰ উত্থানে উল্লেখযোগ্য জিনীয় বৈচিত্ৰ্যৰ সৃষ্টি কৰিব পাৰে, যাৰ ফলত সম্ভৱতঃ নতুন মানৱ প্ৰজাতিৰ সৃষ্টি হ’ব পাৰে। বিজ্ঞানীসকলে সকীয়াই দিছে যে লিংগ নিৰ্ণায়ক জিনৰ এই ‘যুদ্ধ’ৰ ফলত নতুন প্ৰজাতিৰ পৃথকীকৰণ হ’ব পাৰে। মোল ভ’ল আৰু স্পাইনী ৰেটৰ ক্ষেত্ৰত ঠিক তেনেকুৱাই হৈছে।

১ কোটি ১০ লাখ বছৰত পৃথিৱীত কেইবাটাও সুকীয়া মানৱ প্ৰজাতিৰ বাসস্থান হ’ব পাৰে। প্ৰত্যেকৰে নিজৰ অনন্য জিনীয় গঠন হ’ব। নতুবা Y ক্ৰম’জমৰ অন্তৰ্ধানৰ ফলত বিপৰ্যয়জনক পৰিণতি হ’ব পাৰে, যাৰ ফলত মানৱ প্ৰজাতিৰ বিলুপ্তিৰ সম্ভাৱনা আছে। ভৱিষ্যত অনিশ্চিত হৈ আছে যদিও অন্যান্য স্তন্যপায়ী প্ৰাণীৰ বিকল্প লিংগ নিৰ্ধাৰণ ব্যৱস্থাৰ আৱিষ্কাৰৰ ফলত মানুহে হয়তো ইয়াৰ লগত খাপ খাই জীয়াই থাকিব পাৰিব বুলি আশা আছে।




অন্য প্ৰতিস্থানৰ অধ্যয়নত কি প্ৰকাশ হৈছে?

ইয়াৰ পাছত আমি লা ট্ৰোব ইউনিভাৰ্ছিটীৰ Men are slowly losing their Y chromosome শীৰ্ষক এক লেখা পঢ়িবলৈ পালোঁ। সেই লেখাৰ শেষত উল্লেখ কৰা হৈছে যে বিৱৰ্তনৰ ফালৰ পৰা ক’বলৈ গ’লে মানুহৰ Y ক্ৰম’জমৰ অন্তৰ্ধানে আমাৰ ভৱিষ্যতৰ বিষয়ে জল্পনা-কল্পনাৰ সৃষ্টি কৰিছে। কিছুমান সৰিসৃপ আৰু সাপ কেৱল মাইকী প্ৰজাতিৰ আৰু ই পাৰ্থেনোজেনেছিছ নামেৰে জনাজাত জিনৰ জৰিয়তে নিজৰ জিনৰ পৰা কণী সৃষ্টি কৰিব পাৰে। কিন্তু মানুহ বা আন স্তন্যপায়ী প্ৰাণীৰ ক্ষেত্ৰত এনে হ’ব নোৱাৰে কাৰণ আমাৰ ওচৰত কমেও ৩০টা গুৰুত্বপূৰ্ণ “নিৰ্ণায়ক” জিন আছে যিবোৰে শুক্ৰাণুৰ জৰিয়তে পিতৃৰ পৰা আহিলেহে কাম কৰে। প্ৰজনন কৰিবলৈ আমাক পুৰুষৰ প্ৰয়োজন আৰু শুক্ৰাণুৰ প্ৰয়োজন। অৰ্থাৎ Y ক্ৰম’জমৰ অন্ত পৰিলে মানৱ জাতিৰ বিলুপ্তিৰ আগজাননী দিব পাৰে। নতুন তথ্যই এটা বিকল্প সম্ভাৱনা প্ৰকত কৰে যে মানুহে এটা নতুন লিংগ নিৰ্ণায়ক জিন বিকশিত কৰিব পাৰে। কিন্তু নতুন লিংগ নিৰ্ণায়ক জিনৰ বিৱৰ্তনৰ লগত বিপদৰ সৃষ্টি হ”ব পাৰে। পৃথিৱীৰ বিভিন্ন ঠাইত যদি এটাতকৈ অধিক নতুন ব্যৱস্থাৰ বিকাশ ঘটে তেন্তে কি হ’ব? লিংগ নিৰ্ণায়ক জিনৰ “যুদ্ধ”ৰ ফলত নতুন প্ৰজাতিৰ পৃথকীকৰণ হ’ব পাৰে। মোল ভ’ল আৰু স্পাইনী ৰেটৰ ক্ষেত্ৰত ঠিক তেনেকুৱাই হৈছে। গতিকে, যদি কোনোবাই ১ কোটি ১০ লাখ বছৰৰ ভিতৰত পৃথিৱী ভ্ৰমণ কৰে, তেন্তে তেওঁলোকে হয়তো কোনো মানুহ নাপাব বা কেইবাটাও ভিন্ন মানৱ প্ৰজাতি পাব, যিবোৰক তেওঁলোকৰ বিভিন্ন লিংগ নিৰ্ণয় ব্যৱস্থাই পৃথক কৰি ৰাখিছে।




আনফালে চাইণ্টিক আমেৰিকাই তেওঁলোকৰ Men Are Not On Their Way to Extinction After শীৰ্ষক এক লেখাত উল্লেখ কৰিছে যে অষ্ট্ৰেলিয়াৰ মেলবৰ্ণৰ লা ট্ৰ’ব বিশ্ববিদ্যালয়ৰ জিনীয় বিজ্ঞানী তথা ২০০২ চনৰ নেচাৰ প্ৰবন্ধত মানৱৰ Y ক্ৰম’জমৰ মৃত্যুৰ ভৱিষ্যদ্বাণী কৰা অন্যতম বিজ্ঞানী জেনিফাৰ গ্ৰেভছে এই নতুন অধ্যয়নৰ প্ৰশংসা কৰিছে যদিও এতিয়াও Yৰ দীৰ্ঘম্যাদী সম্ভাৱনাক লৈ প্ৰশ্নও উত্থাপন কৰিছে। মানৱৰ এই সংস্কৰণটো সক্ৰিয় আৰু ভগ্ন দুয়োটা জিন থকা ওলোটা ডি এন এ ডুপ্লিকেচনেৰে ভৰি আছে। গ্ৰেভছে এই ডুপ্লিকেচনবোৰক ক্ৰম’জমৰ মৃত্যুমুখী হাঁহি বুলি গণ্য কৰে। তেওঁ কয় যে কাইলৈ যদি অটোজম(Autosome)ত আন এটা লিংগ নিৰ্ণয়কাৰী জিনৰ সৃষ্টি হয় তেন্তে Y নোহোৱা হ’ব পাৰে।




অনুৰূপ আন এক লেখা ইয়াত পঢ়িব পাৰিব।

এইখিনি তথ্য আৰু অধ্যয়নমূলক লেখাৰ পৰা আমি নিশ্চিত হৈছোঁ যে মানুহৰ Y ক্ৰম’জমৰ সংখ্যা অনাগত সময়ত যদি হ্ৰাসো হৈ যায়, তথাপিও পুৰুষৰ লিংগ নিৰ্ণায়ক নতুন জিনীয় ব্যৱস্থাৰ সৃষ্টি হ’ব অথবা পৃথক মানৱ প্ৰজাতিৰ সৃষ্টি হ’ব। এয়া হয়তো বহু মিলিয়ন বছৰৰ পাছত সম্ভৱ হ’ব। কিন্তু অসমৰ ফেচবুক পেজটোৰ ভিডিঅ’বাৰ্তাটোৱে দাবী কৰাৰ দৰে পৃথিৱীৰ পৰা পুৰুষ নিঃশেষ হৈ গৈ মহিলাৰ ৰাজত্ব হ’ব বুলি কোৱা কথাষাৰ বিভ্ৰান্তিকৰ। ই সত্য নহয়।

উপসংহাৰঃ

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অধ্যয়নত স্পষ্ট হৈ পৰিছে যে দাবীটো সত্য নহয়। বিভিন্ন অধ্যয়নত প্ৰকাশ পাইছে যে Y ক্ৰম’জম হ্ৰাস পাই অহা পৰিঘটনাটোৰ ফলত পৃথিৱীৰ পৰা পুৰুষ প্ৰজাতিটো নোহোৱা হৈ গৈ মহিলাৰ ৰাজত্ব হ’ব বুলি কৰা দাবীটো সত্য নহয়। Y ক্ৰম’জম নোহোৱা হৈ গ’লেও লিংগ নিৰ্ণায়ক অন্য ব্যৱস্থাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ