
বিশ্বকাপ ক্ৰিকেটত যোৱা ১৪ অক্টোবৰত ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা খেলত ভাৰত সাত উইকেটত জয়ী হয়। ইয়াৰ পিছতে বিভিন্ন ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। এজন ব্যক্তিয়ে টিভি ভাঙি পেলোৱা এক দৃশ্য চ’চিয়েল মেডিয়াত ভাইৰেল হৈছে এই দাবীৰে যে পাকিস্তানী ক্ৰিকেট প্ৰেমীয়ে ভাৰতৰ হাতত পাকিস্তান পৰাজিত হোৱাৰ পিছত খঙতে টিভি ভাঙি পেলাইছিল। ফেচবুকত পোৱা পোষ্টটোৰ কেপশ্বন আছিল এইদৰে “ভাৰতীয় ক্ৰিকেট দলৰ মেচ হৰাৰ পিছৰ পাকিস্তানৰ দৃশ্য এয়া ! অনুৰাগীয়ে ভাঙি গৈছে এটাৰ পিছত আনটো টি ভি !!
#IndiavsPak
#viralvideo”।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ভিডিঅ’টো কী-ফ্ৰেমত বিভক্ত কৰি ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ আৰু কিছু তথ্য পালোঁ।

এই তথ্যৰ পৰা আমি ইউটিউবত এটা ভিডিঅ’ পালোঁ।
আৰ্জেণ্ট ইলেক্ট্ৰনিক’ নামৰ এটা চেনেলে ২০১৫ চনৰ ৯ এপ্ৰিলত একেটা ভিডিঅ’ আপলোড কৰিছিল, যিটো আছিল ভাইৰেল ভিডিঅ’টোৰ সৈতে একেই। ভিডিঅ’টোত উৰ্দুত লিখা বিৱৰণৰ অৰ্থ এনেধৰণৰ – “আব্দুল মালিকক টিভিত চোৱাৰ পিছত; এজন পাকিস্তানী লোকে টিভিটো ভাঙি পেলালে”।
তদুপৰি আমি ২৭ মাৰ্চ ২০১৬ তাৰিখে আন এটা চেনেল ‘গেমছ হাইলাইট’ত আপলোড কৰা একেটা ভিডিঅ’ পাইছিলোঁ।এই ভিডিঅ’টোৰ বৰ্ণনাত কোৱা হৈছিল যে, “ভাৰতৰ হাতত পৰাজয়ৰ পিছত এজন বাংলাদেশী অনুৰাগীৰ প্ৰতিক্ৰিয়া।”
ইয়াৰ পিছত আমি ২০১৫ চনৰ এপ্ৰিল মাহৰ ২৯ তাৰিখে এক্স(পূৰ্বৰ টুইটাৰ)ত কৰা এটা টুইট পালোঁ। তাতো সেই একেটা ভিডিঅ’ আছিল আৰু আৰবী ভাষাত লিখা আছিল – উৎসাহিত কৰাৰ ধৰণ, আজিৰ খেলৰ পিছত “।
ইয়াৰ লগতে আমি ‘Daily Motion’ ব্লগত একেটা ভিডিঅ’ পাইছিলোঁ। ব্লগাৰ ‘Iffat-Javaid-CH’ এ এই ভিডিঅ’টো ২৩ জানুৱাৰী ২০১৬ তাৰিখে শ্বেয়াৰ কৰিছিল। বিৱৰণ দিয়া হৈছিল এইদৰে – পাকিস্তান বনাম নিউজিলেণ্ডৰ খেলৰ পিছৰ অৱস্থা”।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। এই ভিডিঅ’টো পুৰণি আৰু বিভিন্ন সময়ত বেলেগ বেলেগ ব্যাখ্যাৰে শ্বেয়াৰ হৈ আহিছে। ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা শেহতীয়া খেলৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:এই ভিডিঅ’টোৰ ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা শেহতীয়া খেলৰ লগত কোনো সম্পৰ্ক নাই।
Written By: Debanjana BaishyaResult: False
