কৃষক আন্দোলন সন্দৰ্ভত ভুৱা ভিডিঅ’ আৰু পোষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে, য’ত একাংশ নিহাঙ শিখে এজন বৃদ্ধ শিখক প্ৰহাৰ কৰা দেখা গৈছে। সেই সময়ত বৃদ্ধ শিখ লোকজনৰ পাগুৰি পথত পৰি যায়। শেহতীয়া কৃষক আন্দোলনৰ সৈতে জড়িত কৰি শ্বেয়াৰ কৰা হৈছে ভাইৰেল ভিডিঅ’টো।

কৃষক আন্দোলনৰ সময়ত অভিনেতা দীপ সিদ্ধুৰ বিৰোধ কৰা বাবে নিহাং শিখসকলে এজন বৃদ্ধ শিখক প্ৰহাৰ কৰা বুলি দাবী কৰা হৈছে।

Twitter Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমে আমি ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰাৰ পিছত ব্ৰাউজ ডেইলী টিভি নামৰ ফেচবুক পেজত ভাইৰেল ভিডিঅ’টো পালোঁ। যোৱা ১৯ ডিচেম্বৰত এই ভিডিঅ’টো আপলোড কৰা হৈছিল। ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে ভাইৰেল ভিডিঅ’টোৰ সৈতে শেহতীয়া কৃষক আন্দোলনৰ কোনো সম্পৰ্ক নাই।

প্ৰকাশিত ভিডিঅ'টোত দিয়া তথ্য অনুসৰি এজন শিখ বৃদ্ধলোকে দীপ সিদ্ধুৰ বিষয়ে নিহাঙসকলক প্ৰশ্ন কৰিছিল, কিন্তু নিহাঙসকলে বৃদ্ধজনক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে।

তদন্তৰ সময়ত আমি একেটা চেনেলৰ পৰা আপলোড কৰা আন এটা ভিডিঅ’ পালোঁ, য’ত বৃদ্ধজনক আক্ৰমণ কৰা নিহাং শিখজনে নিজৰ পক্ষ দাঙি ধৰিছিল। শ্বহীদ শিখসকলৰ বিষয়ে ভুলকৈ কোৱাৰ বাবেই এই কাজিয়া সংঘটিত হোৱা বুলি ভিডিঅ’টোত নিহাং শিখে জনাইছে। সম্পূৰ্ণ ভিডিঅ'টো তলত চাওক।

https://www.facebook.com/reel/361814530040591

অধিক তদন্তৰ অন্তত আমি এটা ইনষ্টাগ্ৰাম একাউণ্টত আপলোড কৰা ভাইৰেল ভিডিঅ’টো পালোঁ। ইয়াতো ভিডিঅ'টো ২০২৩ চনৰ ডিচেম্বৰ মাহৰ ২০ তাৰিখে প্ৰকাশ কৰা হৈছে। তথ্য অনুসৰি এই ঘটনা সংঘটিত হৈছে পঞ্জাৱৰ মোহালী চহৰত।

'বন্দী সিংহ মৰ্চা’ প্ৰতিবাদৰ সময়ত বিতৰ্কিত পাঞ্জাবী অভিনেতা দীপ সিদ্ধুৰ ফটো প্ৰদৰ্শন কৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল এজন বৃদ্ধ শিখ অটোৰিক্সা চালকে ।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ভিডিঅ'টোৰ সৈতে কৰা দাবীটো মিছা। ভিডিঅ'টো চলিত কৃষক আন্দোলনৰ নহয় বৰং ২০২৩ চনত চণ্ডীগড়-মোহালী সীমান্তত হোৱা এক প্ৰতিবাদী কাৰ্যসূচীৰহে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ভিডিঅ'টো ভুৱা দাবীৰে ভাইৰেল হৈছে।

Fact Check By: Debanjana Baishya

Result: False