শেহতীয়াভাবে অসমৰ বিভিন্ন লোক ডিজিটেল এৰেষ্টৰ কৱলত পৰা খবৰ পোৱা গৈছে। বিভিন্ন লোকলৈ প্ৰৱঞ্চকৰ ফোন আহিছে আৰু কিছুলোকৰ একাউণ্টৰ ধন হৰলুকি কৰিছে এই প্ৰৱঞ্চকসকলে। প্ৰথমে এটা অজ্ঞাত নম্বৰৰ পৰা ফোন আহে আৰু বিভিন্ন প্ৰলোভন, ভাবুকি অথবা আৱেগিক কথা কৈ অসচেতন লোকৰ পৰা ধন হৰলুকি কৰে এই প্ৰৱঞ্চক চক্ৰই। তেনেকুৱা প্ৰৱঞ্চনা সন্দৰ্ভত বিভিন্নজনে ফেচবুকত পোষ্ট দিয়া দেখা গৈছে। তেনেকুৱা কিছুমান পোষ্ট আপোনালোকে ইয়াত ইয়াত আৰু ইয়াত চাব পাৰিব।

কি এই ডিজিটেল এৰেষ্ট?

এয়া হৈছে প্ৰৱঞ্চনাৰ এক নতুন ধৰণ। সাধাৰণতে প্ৰৱঞ্চকে নিজকে এজন চৰকাৰী বিষয়া অথবা শীৰ্ষ আৰক্ষী বিষয়া বুলি পৰিচয় দি ফোন অথবা ভিডিঅ’ কল কৰে। সেই ফোন বা ভিডিঅ’ কল ৰিচিভ কৰাৰ পাছত সেইফালৰ পৰা ব্যক্তিগৰাকীক বিভিন্ন আৰোপ লগোৱ হয়। বিভিন্ন বেআইনী কামত জৰিত থকা বুলি অভিযোগ কৰা হয়। আনকি নিজৰ সন্তান, স্বামী,পত্নী আদি তেনেকুৱা অপৰাধত জৰিত থকা বুলি কৈ ভয় খুওৱা হয়। আৰু কিবা কাৰণত যদি সেই প্ৰৱঞ্চকৰ ভীতি প্ৰদৰ্শন,ভাবুকিত ভয় খাই ফোনটো বা ভিডিঅ’ কলটো ৰিচিভ কৰাজনে প্ৰৱঞ্চকৰ কথামতে কাম কৰি যায়, তেনেহ’লে মুহূৰ্তৰ ভিতৰতেই তেওঁৰ একাউণ্ট খালি কৰি দিয়ে। এনেকৈ বহুলোকে এই প্ৰৱঞ্চনাৰ ভুক্তভোগী হৈ আহিছে।

ডিজিটেল এৰেষ্টৰ স্তৰবোৰ কি?

এই ক্ষেত্ৰৰ বিশেষজ্ঞ আৰু অধিবক্তা পৱন ডুগলৰ মতে চাইবাৰ আইন অনুসৰি, “ডিজিটেল এৰেষ্ট হৈছে কাৰোবাক ভয় আৰু আতংকত পেলাবলৈ চেষ্টা কৰা আৰু তাৰ পাছত সেই ব্যক্তিজনৰ পৰা কোনো ভুল ধাৰণাৰে ধন দাবী কৰা পৰিঘটনা য’ত ব্যক্তিজনক চাইবাৰ অপৰাধৰ বলি হয়।”

ডিজিটেল এৰেষ্টৰ স্তৰসমুহ এনেধৰণৰঃ

প্ৰথমে সাম্ভাৱ্য ভুক্তভোগীলৈ ফোন কৰি কোৱা হয় যে তেওঁলোক ধন সৰবৰাহ বা ড্ৰাগছ সৰবৰাহৰ দৰে গুৰুতৰ অপৰাধত জড়িত হৈ আছে আৰু তেওঁলোকে সহযোগ নকৰিলে গুৰুতৰ কাৰাদণ্ডৰ সন্মুখীন হ’ব পাৰে।

ইউনিফৰ্ম, নথি-পত্ৰ, আইডি কাৰ্ড আনকি বিভিন্ন এজেন্সীৰ কাৰ্যালয়ৰ অনুকৰণত কৰা নথিপত্ৰৰ জৰিয়তে প্ৰৱঞ্চকৰ কথাত ভুক্তভোগীসকল পতিয়ন যায়।

টাৰ্গেটসকলক সকলো সময়তে কেমেৰা আৰু মাইক্ৰ’ফোন অন কৰি ৰাখিবলৈ কোৱা হয় অন্যথা ভয়ংকৰ পৰিণতিৰ সতৰ্কবাণীৰে দিয়া হয়।

যি ঘটি আছে সেই বিষয়ে কাৰো লগত কথা নাপাতিবলৈ সকীয়াই দিয়া হয়। যথেষ্ট ভয় খাই ভুক্তভোগীয়ে প্ৰৱঞ্চকৰ সৈতে সহযোগ কৰে আৰু তাৰ পাছত লাখৰ পৰা কোটিলৈকে হৰলুকি কৰা হয়।

এই সম্পৰ্কে কিছু তথ্য আপোনালোকে ইয়াত পঢ়ি চাব পাৰিব।

কেৱল ইমানেই নহয় এই প্ৰৱঞ্চক চক্ৰই ফোনকল বা ভিডিঅ’ কলৰ উপৰিও ইমেইল যোগেও এই অপৰাধ সংঘটিত কৰে। বিভিন্ন বিভাগৰ নকল লেটাৰহেড প্ৰস্তুত কৰি সেইসকলে ভুক্তভোগীলৈ মেইল কৰে আৰু জালত পেলায়। সেই সম্পৰ্কেও ইতিমধ্যেই বিভিন্ন তথ্য লাভ কৰা হৈছে।




ইণ্ডিয়া টুডেৰ শেহতীয়া এক সমীক্ষা মতে চলিত বৰ্ষত আমাৰ দেশত ৭লাখ ৪০ হাজাৰৰো অধিক এনেকুৱা অপৰাধৰ তথ্য আছে। সেই বিষয়ে অধিক তথ্য ইয়াত পঢ়িব পাৰিব।




ফটোঃ ইণ্ডিয়া টুডে

এইক্ষেত্ৰত আপুনি কি কৰিব পাৰে?

দেশৰ গৃহ মন্ত্ৰালয়ৰ এক বিবৃতিত কোৱা হৈছে- "গৃহ মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ (আই ৪ চি)য়ে দেশৰ চাইবাৰ অপৰাধৰ বিৰুদ্ধে যুঁজ দিয়াত জড়িত কাম-কাজসমুহৰ সমন্বয় সাধন কৰে। এই প্ৰৱঞ্চনাসমূহ প্ৰতিহত কৰিবলৈ গৃহ মন্ত্ৰালয়ে অন্যান্য মন্ত্ৰালয় আৰু তেওঁলোকৰ সংস্থা, আৰ বি আই আৰু অন্যান্য সংস্থাসমূহৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে। লগতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমুহৰ আৰক্ষী কৰ্তৃপক্ষক গোচৰসমূহ চিনাক্ত আৰু তদন্তৰ বাবে ইনপুট আৰু কাৰিকৰী সহায় প্ৰদান কৰা হৈছে” ।

ইয়াত লগতে কোৱা হৈছে যে, "নাগৰিকসকলক এই ধৰণৰ জালিয়াতিৰ বিষয়ে সজাগ হৈ সজাগতা বিয়পাবলৈ চেষ্টা কৰিব লাগে। এনে ফোন লাভ কৰাৰ লগে লগে নাগৰিকে সাহায্যৰ বাবে চাইবাৰ অপৰাধৰ হেল্পলাইন নম্বৰ ১৯৩০ বা www.cybercrime.gov.in ত এই ঘটনাৰ খবৰ দিব লাগে।"

উল্লেখযোগ্য যে নয়ডা আৰক্ষীৰ চাইবাৰ অপৰাধ অনুসন্ধান বিভাগকে ধৰি আৰক্ষী বাহিনীটোৱে সন্দেহজনক ফোনকল পৰীক্ষা কৰা আৰু কেৱল গুগল বা বিঙৰ দৰে চাৰ্চ ইঞ্জিনৰ জৰিয়তে নহয়, অফিচিয়েল ৱেবছাইটৰ জৰিয়তেও ফোন কৰা লোকৰ প্ৰমাণপত্ৰ পৰীক্ষা কৰাত গুৰুত্ব আৰোপ কৰিছে, য’ত অপৰাধীয়ে প্ৰায়ে ভুৱা নম্বৰ আপলোড কৰে।

অসমৰ ক্ষেত্ৰত ই কি পৰ্যায়ত আছে বিভাগীয় কৰ্তৃপক্ষৰ ভাষ্য কি?

এই সম্পৰ্কে আমি অসম আৰক্ষীৰ চাইবাৰ শাখাৰ পৰিদৰ্শক দীপক দাসৰ সৈতে কথা পাতোতে তেখেতে আমাক কয় যে শেহতীয়াকৈ এইধৰণৰ অপৰাধৰ গোচৰ সমগ্ৰ অসমৰ লগতে গুৱাহাটীতো বাঢ়িছে। আনকি বিভিন্ন শিক্ষিত লোকেও এই জালত ভৰি দি সৰ্বস্বান্ত হোৱাৰ খবৰ আছে। তেখেতে সাধাৰণ ৰাইজলৈ আহ্বান জনায় যে যিকোনো ধৰণৰ সন্দেহজনক ফোনকল বা ভিডিঅ’ কল সাধাৰণতে ৰিচিভ নকৰে যেন আৰু যদি কোনো কাৰণত কোনো ভয় ভাবুকিভৰা তেনেকুৱা কল আহে, তেনেহ’লে অনতিবিলম্বে নিজৰ সংশ্লিষ্ট আৰক্ষী থানাৰ সৈতে যোগাযোগ কৰে যেন। কাৰণ একোটা অঞ্চলৰ যিকোনো অপৰাধজনিত ঘটনাৰ বাবে সেই অঞ্চলৰটোৰ দায়িত্বত থকা থানাখনেহে প্ৰাথমিক কামকাজ কৰিব। সেইবাবেই যিকোনো ভাবুকিভৰা ফোনকলত ভীতিগ্ৰস্থ নহৈ সুস্থিৰ সিদ্ধান্তৰে নিজৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ সৈতে বিষয়টো আলোচনা কৰি পৰ্যায়ক্ৰমে সেই প্ৰৱঞ্চকৰ বিৰুদ্ধে গোচৰ তৰা উচিত। ফোন কলত নিজৰ কোনোধৰণৰ স্পৰ্শকাতৰ তথ্য কাৰো সৈতেই শ্বেয়াৰ কৰাটো অনুচিত।

উপসংহাৰ

এই লেখাৰ অন্তত এটা কথাকে ক’ব পৰা যায় যে অতি শেহতীয়াকৈ অৰ্থনৈতিক প্ৰৱঞ্চনাৰ নতুন নতুন ধৰণ পোহৰলৈ আহিছে। বিভিন্ন উপায়েৰে আপোনাৰ কষ্টোপাৰ্জিত গাঁঠিৰ ধন সৰকাই লৈ যাবলৈ এটা চক্ৰ সাজু হৈ আছে। গতিকে যিকোনো ফোনকল বাব মেইলত ভীতিগ্ৰস্থ হৈ ভুল সিদ্ধান্ত নলৈ শীঘ্ৰেই আৰক্ষীৰ সহায় লওক। পৰাপক্ষত অচিনাকী ভিডিঅ’ কল ৰিচিভ নকৰিব।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ