সঁচাকৈয়ে চৰাইটোৱে ৰাষ্ট্ৰীয় পতাকাখন মেলি দিয়াত সহায় কৰিছিল নেকি?

False Social

শেহতীয়াকৈ এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ভিডিঅ’টোত দেখা গৈছে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ সময়ত পতাকাখন খোল খোৱাত অলপ পলম হৈছিল আৰু এটা চৰাই উৰি আহি পতাকাখনৰ ওচৰ পাওঁতে পতাকাখন খোল খায়। ভিডিঅ’টো ছ’চিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰিত হৈছে য’ত দাবী কৰা হৈছে যে জোঁট-পোট খোৱা ৰাষ্ট্ৰীয় পতাকাখন এনেদৰে চৰাইটোৱে মেলি দিলে। 

Facebook Link | Archived Link 

এনেধৰণৰ পোষ্ট ইয়াত আৰু ইয়াতো চাব পাৰিব। Archived Link 

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

ভিডিঅ’টো সূক্ষ্মভাৱে নিৰীক্ষণ কৰিলে দেখা যায় যে চৰাইটো আচলতে নাৰিকল গছজোপাৰ পাততহে বহি আছিল। 

এইবাৰ আমি প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া এই ভিডিঅ’টো এটা ইনষ্টাগ্ৰাম হেণ্ডলত যোৱা ১৭ আগষ্টত আপলোড কৰা দেখিলোঁ। কিন্তু এই ভিডিঅ’টো বেলেগ এটা দিশৰ পৰা কৰা হৈছিল য’ত স্পষ্টকৈ দেখা গৈছে যে চৰাইটো আন এজোপা গছৰ পৰা উৰি আহি নাৰিকল গছজোপাত পৰিছিল আৰু সেই সময়তে ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰা হৈছিল। চৰাইটো পতাকাখনৰ ওচৰলৈ অহাই নাছিল প্ৰকৃততে।

Instagram Link | Archived Link 

এজন এক্স ব্যৱহাৰকাৰীয়েও আন এটা দিশৰ পৰা কৰা এই ভিডিঅ’টো শ্বেয়াৰ কৰিছিল য’ত স্পষ্টকৈ দেখা গৈছে যে চৰাইটো আচলতে নাৰিকল গছজোপাতহে পৰিছিল।

X Link | Archived Link 

তলত ভাইৰেল ভিডিঅ’টো আৰু অন্য দিশৰ পৰা কৰা ভিডিঅ’টোৰ তুলনা চাব পাৰিব।

উল্লেখযোগ্য যে এই ঘটনাটো ঘটিছিল কেৰালাৰ মলপ্পুৰম জিলাৰ মাৰমংগলম গাঁৱৰ এক অংগনবাদী কেন্দ্ৰত।

ইয়াৰপৰা স্পষ্ট হৈ পৰিল যে চৰাইটো ৰাষ্ট্ৰীয় পতাকাখনৰ ওচৰলৈ যোৱাই নাছিল, বৰং নাৰিকল গছজোপাতহে পৰিছিল।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। ভাইৰেল ভিডিঅ’টোত চৰাইটোৱে জোঁট-পোট লগা ৰাষ্ট্ৰীয় পতাকাখন মেলি দিয়া নাছিল। চৰাইটো প্ৰকৃততে পতাকাখনৰ ওচৰলৈ যোৱাই নাছিল বৰং নাৰিকল গছজোপাতহে পৰিছিল। কেমেৰাৰ এংগলৰ কাৰণেহে এই বিভ্ৰান্তিৰ সৃষ্টি হৈছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:সঁচাকৈয়ে চৰাইটোৱে ৰাষ্ট্ৰীয় পতাকাখন মেলি দিয়াত সহায় কৰিছিল নেকি?

Fact Check By: Debanjana Baishya 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *