কেৰালাৰ ৱায়ানাডত যোৱা ৩০ জুলাইত হোৱা ভূমিস্খলনত তিনিশৰো অধিক লোকৰ মৃত্যু হৈছিল আৰু বহু লোক এতিয়াও নিৰুদ্দেশ হৈ আছে। এই ঘটনাৰ পাছত শেহতীয়াকৈ এটা বিশেষ পোষ্ট ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে। ভাইৰেল পোষ্টটোত উল্লেখ কৰা হৈছে যে চাৰিবছৰ আগেয়ে এজনী গৰ্ভৱতী হাতীৰ মৃত্যু হৈছিল আচজবাজী ভৰ্তি আনাৰস খোৱা ফলত। সেই ঘটনাটো সংঘটিত হৈছিল কেৰালাৰ মলপ্পুৰমত আৰু শেহতীয়া ভূমিস্খলনত মলপ্পুৰম সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিল।

Facebook Link | Archived Link

একেধৰণৰ আন এটা পোষ্ট আমি ইয়াতো পালোঁ। Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে কেৰালাৰ শেহতীয়া ভূমিস্খলন সম্পৰ্কে তথ্য বিচাৰিলোঁ আৰু তেতিয়া জানিব পাৰিলোঁ যে কেৰালাৰ ৱায়ানাড জিলাৰ ভিথিৰি তালুকৰ পুঞ্জিৰিমাটম, মুণ্ডাক্কাই, চুৰলমালা, আট্টামালা, মেপ্পাদি আৰু কুনহোমে গাঁওত ২০২৪ চনৰ ৩০ জুলাইৰ পুৱাৰ ভাগত ভূমিস্খলনৰ‌ ঘটনা সংঘটিত হৈছিল যাৰ ফলত শ শ লোকৰ মৃত্যু হোৱাৰ লগতে বহুতো লোক নিৰুদ্দেশ আৰু গৃহহাৰা হৈছিল। উদ্ধাৰ অভিযান এতিয়াও অব্যাহত হৈ আছে। কিন্তু মলপ্পুৰমত ভূমিস্খলন হোৱা বুলি কোনো বাতৰি আমি নাপালোঁ। এই সম্পৰ্কে আমি মলপ্পুৰমৰ জিলা আয়ুক্তৰ অফিচিয়েল ফেচবুকতো কোনো তথ্য নাপালোঁ। অধিক তথ্যৰ বাবে আমি মলপ্পুৰমৰ জিলা আয়ুক্তৰ সৈতে যোগাযোগ কৰাৰ চেষ্টা কৰিছিলোঁ। তেওঁলোকৰ পৰা উত্তৰ পালেই আমি ইয়াত আপডেট কৰিম।

এইবাৰ আমি আতচবাজী ভৰ্তি আনাৰস খোৱা গৰ্ভৱতী হাতীটোৰ বিষয়ে জানিবলৈ কী-ৱ'ৰ্ড ছাৰ্চ কৰিলোঁ। তেতিয়া আমি এ এন আইৰ এক্স হেণ্ডলত ২০২০ চনৰ ৪ জুনত কৰা এটা টুইট পালোঁ। টুইটটোত কেৰালাৰ বনমন্ত্ৰী কে ৰাজুৰ উদ্ধৃতি দি কোৱা হৈছিল যে গৰ্ভৱতী হাতীটোৰ হত্যাকাৰীক কঠোৰ শাস্তি বিহা হ'ব বুলি কেৰালাৰ বনমন্ত্ৰীয়ে জনাইছিল লগতে তেওঁ স্পষ্ট কৰি দিছিল যে সেই ঘটনাটো মলপ্পুৰমৰ নহয় বৰং পালাক্কাড়তহে হৈছিল (Strict action will be taken against culprits responsible for killing a pregnant elephant. I want to clarify that it happened in Palakkad not in Malappuram. Regarding, the remark of Maneka Gandhi, I don't want to comment at this juncture: K Raju, Kerala Forest Minister)।

Archived Link

এই সম্পৰ্কে কেৰালাৰ বন বিভাগেও টুইটযোগে স্পষ্টীকৰণ দিছিল। কেৰালাৰ বন বিভাগে জনাইছিল যে গৰ্ভৱতী হাতীৰ মৃত্যুৰ ঘটনাটো মলপ্পুৰমৰ নহয় বৰং পালাক্কাড়ৰহে আছিল।

Archived Link

এন ডি টি ভি আৰু মনোৰমাৰ প্ৰতিবেদনতো ঘটনাৰ স্থান পালাক্কাড় বুলি আপডেট কৰা হৈছিল।

Archived Link 1

Archived Link 2

এই সম্পৰ্কে ২০২০ চনৰ ৫ জুনত ফেক্ট ক্ৰেছেণ্ড ইংৰাজীৰ দ্বাৰা কৰা এক ফেক্ট চেক ইয়াত পঢ়িব পাৰিব।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। আতচবাজী ভৰ্তি আনাৰস খোৱাৰ ফলত গৰ্ভৱতী হাতী এজনীৰ মৃত্যু হোৱা ঘটনাটো মলপ্পুৰমৰ নহয় বৰং পালাক্কাড়ৰহে। তদুপৰি, মলপ্পুৰমত শেহতীয়াকৈ কোনো ভূমিস্খলন হোৱা নাছিল, ভূমিস্খলন ৱায়ানাডতহে হৈছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:আতচবাজী ভৰ্তি আনাৰস খোৱাৰ ফলত গৰ্ভৱতী হাতীৰ মৃত্যু হোৱা ঘটনাটো মলপ্পুৰমৰ আছিলনে? মলপ্পুৰম কেৰালাৰ শেহতীয়া ভূমিস্খলনত বিধ্বস্ত হৈছে নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

Fact Check By: Debanjana Baishya

Result: False