শেহতীয়াভাবে অসমত এনেকুৱা একাধিক ঘটনা পোহৰলৈ আহিছে, য’ত কোনো অজ্ঞাত পোকে কামোৰাৰ ফলত একাধিক লোক বেয়াকৈ আক্ৰান্ত হৈছে তথা আনকি মৃত্যুৰ মুখতো পৰিছে। বিশেষকৈ এজন যুৱ সাংবাদিক এইদৰে এবিধ পোকে কামোৰাৰ ফলত অসুস্থ হৈ দেহৰ সকলো অংগ বিকল হৈ মৃত্যু হোৱাৰ পাছত এই কথাবোৰ সামাজিক মাধ্যমত বাৰুকৈয়ে আলোচিত হৈছে। বহুলোকে পোকৰ আক্ৰমণত শাৰীৰিকভাৱে ক্ষতিগ্ৰস্থ হোৱাৰ খবৰ পোহৰলৈ আহিছে।

খবৰ অনুসৰি উৎপল ডেকা নামৰ যুৱ সাংবাদিক এগৰাকী গড়ভাঙাৰ জলাশয়ত গা ধুই থাকোতে পানীৰ তলতে ভৰিত এটা অচিনাক্ত বিষাক্ত পোকে কামুৰিছিল । সাধাৰণ পোক বুলি ভাবি তেঁও ঘৰলৈ গুচি আহিছিল। কিন্তু তাৰ পাছত তেওঁৰ জ্বৰ উঠিছিল আৰু লাহে লাহে শৰীৰৰ লিভাৰ, কিডনী, হাওঁফাওঁ আদিকে ধৰি সমগ্ৰ অংগ বিকল হৈ পৰিছিল। পাছত হাস্পতাললৈ লৈ অনি পৰীক্ষা কৰাত ধৰা পৰিল যে তেওঁৰ শৰীৰত অতি ভয়ানক লেপ্ট'স্পাইৰা নামৰ এবিধ অত্যন্ত বিষাক্ত ভাইৰাছৰ সংক্ৰমন হোৱাৰ বাবে সকলো অংগ বিকল হৈ পৰিছিল । কিন্তু চিকিৎসা হোৱালৈ জীয়াই নাথাকিল উৎপল।

ইয়াৰ পাছত বিভিন্ন জনে পাছত নিজৰ নিজৰ কিছুমান অভিজ্ঞতা সামাজিক মাধ্যমত, বিশেষকৈ ফেচবুকত শ্বেয়াৰ কৰিছিল। এজন ব্যৱহাৰকাৰীয়ে ফেচবুকত লিখিছিল- বিষাক্ত পোকৰ চিকাৰ

ফিল’বাৰীৰ পৰা তিনিচুকীয়ালৈ মটৰ চাইকেলেৰে আহি আছিলো৷হঠাৎ মাকুম উৰণসেতুৰ সমীপত এটা উৰণীয়া পোক আহি কানৰ লতিত দংশন কৰিলে তাৎক্ষণিকভাবে মটৰচাইকেলখন ৰাখি হেলমেটটো খুলি ইফালে সিফালে চাওঁ নাই পোকটো দেখা নাপালো৷লগা লগ বিজুলী গতিত দংশন হোৱা ঠাইত বিষ অনুভৱ কৰিলোঁ৷লাহে লাহে আহি মাকুম থানাৰ সন্মুখত পালেহি বিষ দ্ৰুত গতিত বাঢ়ি আহি মূৰত ধৰিছে কি কৰো কি নকৰো ভাবি ডাক্তৰৰ পৰামৰ্শ লৈ লও বুলি তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডা০ পূৰ্ণিমা বৰুৱা বাইদেউক ফোন কৰি সকলো বিৱৰি কলো বাইদেউৱে লগা লগ হাস্পতাললৈ আহিবলৈ পৰামৰ্শ দি জৰুৰীকালীন বিভাগত থকা চিকিৎসক আমাক সোনকালে চিকিৎসা কৰিবলৈ কৈ দিছো বুলি কৈ হাস্পতাললৈ আহিবলৈ কলে৷হাস্পতালত তিনিটা Injection আৰু কিছু ঔষধ দিলে৷বৰ্তমান বিষৰ কিছু উপশম পাইছো যদিও বিষ আছেই দংশন কৰা ঠাইত৷হাস্পতালৰ পৰা ঘৰলৈ আহি থাকোতে বিভিন্নজনে ফোন কৰিছে৷ইয়াৰ মাজতে ফিল’বাৰীৰ কিৰণ খনিকৰ দাৰ ফোন সুধিলে পোকটো কেনেকুৱা?মই কলো দেখা নাপালো কিন্তু উৰণীয়া পোক৷বিষ কেনেকুৱা সেইটো সুধিলে কলো সাংঘাতিক বিষ৷তেতিয়া কিৰণ দাই কলে মোৰ লৰাটোকো স্কুলৰ পৰা ঘৰলৈ যাওঁতে দংশন কৰিলে সাংঘাতিক বিষত লৰাটো কান্দি গৈছিল তাৰ পাছত চিকিৎসা কৰি উপশম পোৱা বুলি জনালে৷কিৰণ দাই কলে যে এই পোকটো খুৱ কম দেখা যায়৷পোক বিধ মই কিন্তু দেখা নাই কিৰণ দাই দিয়া ফটোখনতহে দেখিছো৷ইয়াৰ নামো নাজানো৷কিন্তু ই ভয়ানক বিষাক্ত!



আন এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে লিখিছে- (মোৰ নাম ৰুবী বৰা ।বৰ্তমান অসমৰ বাহিৰত আছো )

কিছুদিন পূৰ্বে মই পষ্ট দিছিলো বিষাক্ত কীটে মোক কামূৰাৰ ।বহুতে হাঁহা ৰিয়েক্ট দিয়াত পষ্টটো দিলিট কৰি দিলো ।আজি এজন যুৱ সাংবাদিকক বিষাক্ত কীটে কামূৰাৰ ফলত মৃত্যু হোৱাৰ খৱৰটো পাই আকৌ বিষয়টো লিখিছো ।তেওঁক কিহে কামূৰিল নাজানো খৱৰতহে পাইছো ।কিন্তু মোৰ এইখিনি কথা নিজা ।মইও হয়তো মৰি থাকিলোহেতেন ।মোকো ডিঙিৰ সোঁফালে কামূৰিছিল বিষাক্ত কীট এবিধে ।প্ৰথমে বহুতে ক'লে যে খৰ হৈছে ।মইও গুৰুত্ব নিদিছিলো ।পিছে তিনিদিন মূৰৰ বিষ,জ্বৰ, বমি হৈ ভাত পানীও পেটত নৰৈছিল,উশাহ নিশাহ খেলিমেলি হৈছিল । দুজন ডাক্তৰক দেখালো ।প্ৰথমজনে গৰমৰ কাৰণে হৈছে বুলি দৰৱ বিশেষ নিদিলে তেওঁ স্কীনৰ ডাক্তৰ নাছিল। পিছৰজন স্কীনৰ ভাল ডাক্তৰ আছিল তেওঁ জনালে যে বিষাক্ত এবিধ কীট আছে কামূৰিলে গম নাপায় প্ৰথমে ।মনে মনে কামূৰি গুচি যায় বাবে সেইটোয়েই যে কামূৰিলে সেই কথা জনা নাযায় ।গৰম তেল পৰাৰ দৰে অনুভৱ হয় ।সময়ত চিকিৎসা ন'ললে সমস্যা হয় ।মোৰ এতিয়া ভাল হ'ল কাৰণ মই উচিত সময়ত চিকিৎসা ল'লো ।আপোনালোকো সাৱধান হ'ব এই বিষয়টোত ।বিশেষকৈ শিশুক য'তে ত'তে এৰি নিদিব । কাপোৰ ধুই ৰ'দত দিওতে ভালকে চাব ।মাটিত নুশুব ।এই বিষাক্ত কীটবিধে বোলে ডিঙিৰ চাইডত মানে কাণৰ সামান্য তলতে কামূৰে ।প্ৰথমে ক'ৰ'বাত দুখ পোৱাৰ দৰে আঁচ পৰে আৰু লাহে লাহে খৰৰ দৰে হৈ বিয়পি যায়।মোকো ডিঙিতে কামূৰিছিল ।মই কামোৰাৰ সময়ত গম নাপালো ।স্কীণ জ্বলি যোৱাৰ দৰে হয় ।পানী আৰু চাবোন ভুলটোয়ে নল'গাব ভয়ংকৰ হ'ব ।দাগ যাবলৈ দিন লাগে ।ডাক্তৰে টেবলেট খাবলৈ আৰু দুটা মলম মিস্ক কৰি ঘহিবলৈ দিছিল মোক ।ডাক্তৰে কৈছিল বিষক্ৰীয়া ন দিন মানলৈ সক্ৰিয় হৈ থাকে ।ৰিংগাৰ্ড, পাউদাৰ আদি মনে ভাৱি লগাব নালাগে। ততাতৈয়াকৈ চিকিৎসকৰ ওচৰলৈ যাব লাগে ।অসমত এই চিকিৎসা আছেনে নাই নাজানিম ।কাৰণ মই বাহিৰত আছো ।মোক কামোৰা কীট বিধেই যে সকলোকে কামূৰিব বা মোৰ দৰৱখিনিয়েই যে সকলোকে ভাল কৰিব এনে নহয় কাৰণ সকলোৰে শৰীৰ ছাল বেলেগ থাকে তথাপি এই কথা জানি থোৱা ভাল যে বহুত বিষাক্ত পোক পতংগ আছে যিবোৰ দেখাত ক্ষুদ্ৰ যদিও বিষাক্ত সেয়ে সকলোয়ে কথাখিনি গুৰুত্ব দি শৰীৰত এনে লক্ষণে দেখা দিলে সাৱধান হ'ব বুলি আঁশা কৰিলো ।কথাখিনি ভাৱিলো লিখি থওঁ কাৰণ বহু মানুহে এনে হ'লে চিকিৎসকৰ ওচৰলৈ নাযায় ভাল হ'ব বুলি ভাৱি ৰৈ থাকে ।


এটা ফেচবুক পেজে এই সম্পৰ্কত এক ভিডিঅ’ প্ৰস্তুত কৰা আমাৰ দৃষ্টিগোচৰ হৈছে।




এই আটাইবোৰ পোষ্টতেই বিভিন্ন ধৰণৰ বিষাক্ত পোকৰ কথা উল্লেখ আছে। এই সম্পৰ্কে এক বিস্তাৰিত আলোচনা কৰাৰ প্ৰয়াস কৰা হৈছে এই লেখাত।

প্ৰথমে জানো আহক লেপ্টোস্পাইৰা বেক্টেৰিয়া আৰু লেপ্টোস্পাইৰোছিচ সম্পৰ্কত

লেপ্টোস্পাইৰোছিচ হৈছে বেক্টেৰিয়াৰ দ্বাৰা হোৱা এক ৰোগ। নাক, মুখ, চকুত বা ছালত কটা থাকিলে জন্তুৰ প্ৰস্ৰাৱৰ দ্বাৰা পানী বা মাটি দূষিত হোৱাৰ পাছত তাৰ সংস্পৰ্ষত আহিলে লেপ্টোস্পাইৰোছিচ হ’ব পাৰে। লেপ্টোস্পাইৰোছিচৰ ফলত ফ্লুৰ দৰে লক্ষণ দেখা দিব পাৰে আৰু কম সংখ্যক লোকৰ ক্ষেত্ৰত জীৱনৰ বাবে সংকটজনক ৰোগ ৱেইল’ছ চিনড্ৰমলৈ দেখা দিব পাৰে। অনুমান কৰা হৈছে যে বিশ্বজুৰি প্ৰতি বছৰে ১০ লাখতকৈ অধিক লোকে লেপ্টোস্পাইৰোছিচ ৰোগত আক্ৰান্ত হয়। ইয়াৰে প্ৰায় ৬০ হাজাৰ লোক মৃত্যুমুখত পৰে।

ইয়াৰ কাৰণ আৰু লক্ষণ

কিছুমান মানুহৰ ফ্লুৰ দৰে লেপ্টোস্পাইৰোছিচৰ লক্ষণ দেখা যায় আৰু কিছুমানৰ একেবাৰেই লক্ষণ দেখা নাযায়। গুৰুতৰভাৱে হোৱা লেপ্টোস্পাইৰোছিচৰ ক্ষেত্ৰত মানুহৰ আভ্যন্তৰীণ ৰক্তক্ষৰণ আৰু অংগৰ ক্ষতি তথা বিকল হোৱা দেখা যায়।

সাধাৰণ লেপ্টোস্পাইৰোছিচত হঠাতে দেখা দিয়া লক্ষণসমূহ:

তীব্ৰ জ্বৰ, চকু ৰঙা পৰা, মূৰৰ বিষ, ঠাণ্ডা লগা, পেশীৰ বিষ, পেটৰ বিষ, বমি হোৱা, ডায়েৰিয়া, হালধীয়া ছাল বা চকু (জণ্ডিচ), চোকোৰা পৰা ইত্যাদি।

গুৰুতৰ লেপ্টোস্পাইৰোছিচত হঠাতে দেখা দিয়া লক্ষণসমূহ:

তেজ কাহ ওলোৱা (হেম’প্টাইছিছ), বুকুৰ প্ৰচণ্ড বিষ, উশাহ-নিশাহ লোৱাত অসুবিধা, ছাল বা চকু তীব্ৰ হালধীয়া হোৱা, ক’লা, টেৰী মলত্যাগ, প্ৰস্ৰাৱত তেজ ওলোৱা (হেমেটুৰিয়া), প্ৰস্ৰাৱৰ পৰিমাণ কমি যোৱা, ছালত সমান, ৰঙা দাগ যিবোৰ ফোহা (petechiae)ৰ দৰে দেখা যায়।

লেপ্টোস্পাইৰোছিচ কেনেকৈ ধৰা পৰে?

শাৰীৰিক পৰীক্ষা, ৰক্ত পৰীক্ষা আৰু প্ৰস্ৰাৱ পৰীক্ষাৰ দ্বাৰা লেপ্টোস্পাইৰোছিচ নিৰ্ণয় কৰা হয়। এই ক্ষেত্ৰত লক্ষণসমূহ চাই, আক্ৰান্তৰ ভ্ৰমণ ইতিহাস অথবা কোনো দূষিত বস্তুৰ সংস্পৰ্শলৈ আহিছে নেকি সেই বিষয়ে অনুসন্ধান কৰা হয়৷ যদি আক্ৰান্তজন অতি অসুস্থ হৈ পৰে তেন্তে বুকুৰ এক্স-ৰে বা চিটি স্কেন কৰিব পাৰে।

এই বিষয়ে সবিস্তাৰে আপোনালোকে ইয়াতে তথ্য লাভ কৰিব পাৰিব।

এই লেপ্টোস্পাইৰোছিচেই আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল অসমৰ যুৱ সাংবাদিক উৎপল ডেকা।

এইবাৰ আহিছোঁ কেইবিধমান ভয়ংকৰ পতংগ বা পোকৰ তথ্যলৈ। ওপৰত উল্লিখিত ফেচবুক পোষ্টসমুহৰ পৰা অনুমান কৰিব পাৰি যে তেনেকুৱা কোনো বিষাক্ত পতংগ বা পোকৰ আক্ৰমণতেই উল্লেখ কৰা ধৰণে তেওঁলোক আক্ৰান্ত হৈছিল। আমি উল্লেখ কৰিব বিচাৰা বিষাক্ত আৰু মাৰাত্মক পতংগবোৰৰ কেইবিধমান হৈছে।

১. ব্লিষ্টাৰ বিটলঃ ব্লিষ্টাৰ বিটলে কেন্থাৰিডিন নামৰ এবিধ বিষাক্ত পদাৰ্থ ( আত্মৰক্ষামূলক পদাৰ্থ) নিঃসৰণ কৰে, যাৰ ফলত মানুহৰ ছালত ফোহা ওলায়। ইয়াক অৱশ্যে পূৰ্বতে ঘৰুৱা ঔষধ হিচাপে ব্যৱহাৰ কৰা হৈছিল, উফি আৰু আনকি জলাতংকৰ বিৰুদ্ধেও ফলপ্ৰসূ বুলি ভবা হৈছিল।

২.এছাচিন কেটাৰপিলাৰঃ ইয়াৰ বিষ ই বিন্ধি দিয়া শুঙৰ পৰা আহে । প্ৰতিটো বিন্ধাৰ গুৰিতে এটা মোনাত বিষটো জমা কৰি ৰাখে আৰু যেতিয়া কোনো ভুক্তভোগীৰ ছালত বিন্ধি পেলায় তেতিয়া বিষটো তাৰ মাজেৰে বৈ যায়। বিষাক্ত পদাৰ্থবোৰৰ এন্টি-ক’এগুলেণ্ট(anti-coagulant) গুণ থাকে। তাৰ ফলত তেজ সঠিকভাৱে জমা হোৱা গুণটোত ব্যাঘাত জন্মে। লক্ষণসমূহ হ’ল- জ্বলা-পোৰা, বমি হোৱা, বৃক্ক বিকল হোৱা, আভ্যন্তৰীণ ৰক্তক্ষৰণ হোৱা আৰু বিৰল ক্ষেত্ৰত মৃত্যু হোৱা।



.ফায়াৰ এণ্টছঃ এনাফিলেক্সিছৰ জৰিয়তে মানুহৰ মৃত্যুৰ কাৰণ হ’ব পৰা আন এটা পোক হ’ল ফায়াৰ এণ্টছ। ২০০ৰো অধিক প্ৰজাতিৰ ছ’লেন’পচিছ প্ৰজাতিৰ সদস্য এই পৰুৱাবোৰে ভুক্তভোগীৰ ছালত চেপি ধৰি এটা শক্তিশালী আৰু ভয়ংকৰ বিষ সুমুৱাই দিয়ে। যাৰ ফলত কিছুমান মানুহৰ মাৰাত্মক এলাৰ্জী হয়। অৱশ্যে বেছিভাগ মানুহৰ ক্ষেত্ৰত আটাইতকৈ বেয়া কথাটো হ’ল জ্বলা-পোৰা কৰা আৰু দংশন কৰা ঠাইখিনি ফুলি উঠে।

এই বিষয়ে আৰু অধিক তথ্যৰ বাবে আপোনালোকে ইয়াত ,ইয়াত আৰু ইয়াত পঢ়িব পাৰে।

এই বিষয়ে আমি আৰু অধিক তথ্য আহৰণৰ বাবে এইক্ষেত্ৰত দীৰ্ঘদিনে চিকিৎসা সেৱা আগবঢ়োৱা অভিজ্ঞ চিকিৎসক ডা. ভাৰত বৈশ্যৰ সৈতে কথা পাতিলোঁ। তেখেতেও আমাক আমি ইতিমধ্যে লাভ কৰা তথ্যখিনিত উল্লিখিত একাংশ পতংগৰ কথা ক’লে। তেখেতে উল্লেখ কৰে যে যিকোনো ধৰণৰ পোক বা পতংগই কামুৰিলেই ততালিকে ডাক্তৰৰ পৰামৰ্শ ল’ব লাগে। কাৰণ কিছুমান পতংগই কামুৰিলে যদিও বহু সময়ত ই মাৰাত্মক হৈ নুঠে, কিন্তু বহুক্ষেত্ৰত মানুহৰ উদাসিনতা আৰু সজাগতাৰ অভাৱৰ কাৰণে মাৰাত্মক ঘটনা ঘটে। আনকি মৃত্যু পৰ্যন্ত ঘটে। সেইকাৰণেই বৰ্তমান সময়ত সাধাৰণ পতংগ বা পোকে কামুৰিলেও ডাক্তৰৰ পৰামৰ্শ লোৱাটো উচিত বুলি তেখেতে পৰামৰ্শ প্ৰদান কৰে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছ