বৰ্ধিত উষ্ণতা, বৰ্ষাহীনতা আৰু অসমৰ ভৱিষ্যতঃ এক আলোচনা

প্ৰস্তাৱনা ২০৪০ চনলৈ অসমৰ জলবায়ুৰ যথেষ্ট পৰিৱৰ্তন হ’ব বুলি আশংকা কৰা হৈছে, যাৰ ফলত ৰাজ্যখনৰ অৰ্থনীতি, পৰিৱেশ তন্ত্ৰ আৰু জনস্বাস্থ্যৰ প্ৰতি যথেষ্ট প্ৰত্যাহ্বানৰ সৃষ্টি হ’ব। এই শংকা প্ৰকাশ কৰিছে বেংগালুৰুৰ আজিম প্ৰেমজী বিশ্ববিদ্যালয়ৰ জলবায়ু পৰিৱৰ্তন আৰু বহনক্ষমতা বিদ্যালয়ে । পূৰ্বাভাস অনুসৰি ভাগ-বতৰা কৰা আৰ্থ-সামাজিক পথ (shared socio-economic pathway) ২-৪.৫ পৰিস্থিতিৰ যি মধ্যমীয়া নিৰ্গমন, তাৰ বৰ্তমান […]

Continue Reading

অসম চৰকাৰৰ বিৰুদ্ধে “আপোনালোকে শুভ মুহূৰতৰ অপেক্ষা কৰি আছে নেকি” বুলি কিয় গৰজি উঠিল উচ্চতম ন্যায়ালয়। সবিশেষ জানো আহক।

পাতনি বিদেশী চিনাক্তকৰণ, বিতাড়ণ, ডিটেনছন আদি শব্দ অসমৰ সাধাৰণ জনজীৱনত চিনাকি শব্দ। আজি বছৰ বছৰ ধৰি এই শব্দবোৰে সময়ে সময়ে অসমীয়াক চিন্তিত কৰি আহিছে তথা মাজে সময়ে বিৰোধ,বিবাদ আৰু বিদ্ৰোহৰো কাৰণ হৈ আহিছে। শেহতীয়াকৈ  মঙলবাৰে উচ্চতম ন্যায়ালয়ে অসম চৰকাৰে বিদেশী বুলি ঘোষণা কৰা লোকক বিতাড়ন কৰাৰ সলনি অনিৰ্দিষ্টকাললৈ ডিটেনছন চেণ্টাৰত ৰখাৰ বাবে তীব্ৰ ক্ষোভ উজাৰিলে। […]

Continue Reading

গীলেন-বাৰে চিণ্ড্ৰম চমূকৈ জিবিএছ(Guillain-Barre Syndrome) কি, কিদৰে হয়, ইয়াৰ পৰা হাত সৰাৰ উপায় কি ইত্যাদি সামৰি এক থুলমুল আলোচনা। 

পাতনি শেহতীয়াকৈ মহাৰাষ্ট্ৰত গীলেন-বাৰে চিণ্ড্ৰম চমূকৈ জিবিএছ(Guillain-Barre Syndrome)ৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। ৰোগীৰ সংখ্যাই ১০০ জন অতিক্ৰম কৰিছে। তাৰে ভিতৰত এজন ৮ বছৰীয়া আৰু এজন ৪০ বছৰীয়া ৰোগী। এই বিষয়ে নাগৰিকসকলক আশ্বাস প্ৰদান কৰাৰ প্ৰয়াসেৰে মহাৰাষ্ট্ৰৰ স্বাস্থ্যমন্ত্ৰী প্ৰকাশ অবিতকাৰে এই সপ্তাহৰ শেষৰ ফালে পুনে ভ্ৰমণ কৰে। তেওঁ কয় যে প্ৰায় ৮০% আক্ৰান্ত ৰোগী একে অঞ্চলৰ […]

Continue Reading

উজনি অসমৰ ডিব্ৰুগড়ত অসমৰ দ্বিতীয় ৰাজধানী স্থাপনে কিদৰে লাভান্বিত কৰিব অঞ্চলটোক। ইয়াৰ আঁৰত বিজেপি চৰকাৰৰ আছে নেকি কোনো ৰাজনৈতিক অভিপ্ৰায়। 

পাতনি চলিত বৰ্ষৰ গণৰাজ্য দিৱসত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে পূব অসমৰ ডিব্ৰুগড় অসমৰ “দ্বিতীয় ৰাজধানী” হিচাপে গঢ়ি তোলা হ’ব। তেওঁ ডিব্ৰুগড়ত নগৰায়নৰ ক্ষেত্ৰত এক পদক্ষেপৰ কথাও ঘোষণা কৰে, য’ত ডিব্ৰুগড় চহৰখন আৰু গুৱাহাটীৰ মাজত যাতায়তৰ ক্ষেত্ৰত সময় কম কৰাৰ বাবে এক্সপ্ৰেছৱে নিৰ্মাণ কৰা হ’ব। আমাৰ আজিৰ এই লেখাত এই পদক্ষেপৰ অন্য […]

Continue Reading

এতিয়াৰ পৰা ভাৰতত ১২ বাজি ১ বজাৰ পৰিৱৰ্তে ১৩ বজাৰ বিষয়টো কি? জানো আহক।

পাতনি শেহতীয়াভাৱে  অসমৰ সামাজিক মাধ্যমত এটা বিশেষ চৰ্চা চলা পৰিলক্ষিত হৈছে। সেয়া হৈছে ভাৰত চৰকাৰে অথবা প্ৰধানমন্ত্ৰী মোডীয়ে দেশত বিয়লি ১ বজাৰ সলনি ১৩ বজাব। বুজাব বিচৰা হৈছে যে এতিয়াৰ পৰা মোডী চৰকাৰৰ নতুন নীতি অনুসৰি আমাৰ দেশত সময় গণনাৰ নতুন ধৰণ প্ৰৱৰ্তন হ’ব আৰু সেই অনুসৰি এতিয়াৰ পৰা ১২ বজাৰ পাছত ১ বজাৰ সলনি […]

Continue Reading

অনন্ত আম্বানীৰ নেতৃত্বৰ বনতাৰাঃ কি, ক’ত, আৰু কেনেকুৱা।

পাতনি শেহতীয়াভাৱে  অসমৰ সামাজিক মাধ্যম তথা সংবাদ মাধ্যমত গুজৰাটৰ এখন প্ৰতিষ্ঠানৰ ব্যাপক চৰ্চা চলা পৰিলক্ষিত হৈছে। সেয়া হৈছে গুজৰাটৰ জামনগৰস্থিত ৰিলায়েন্স ৰিফাইনেৰী কম্প্লেক্সত স্থাপন কৰা বনতাৰা বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰ অথবা সাধাৰণ ৰাইজে বুজি পোৱাকৈ বনতাৰা চিৰিয়াখানা। বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ পৰা ১০টা হাতী অসমৰ মাজেৰে বনতাৰালৈ লৈ যোৱাৰ পাছত এই বিষয়ে ব্যাপক চৰ্চা দেখা গৈছে। ৮টা […]

Continue Reading

AI Generated বা কৃত্ৰিম বুদ্ধিমত্তাসৃষ্ট ভিডিঅ’ৰে কেলিফৰ্ণিয়াৰ বনজুইৰ সংহাৰ দেখুওৱা হৈছে। সবিস্তাৰ আলোচনা। 

প্ৰস্তাৱনা শেহতীয়াভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লজ এঞ্জেলছ,কেলিফৰ্ণিয়াত সৃষ্টি হোৱা বনজুইৰ তাণ্ডৱৰ পৰিপ্ৰেক্ষিতত সামাজিক মাধ্যমত বিভিন্ন ফটো আৰু ভিডিঅ’ বিযপি পৰিছে। অসমৰ ফেচবুক, হোৱাটছেপ আদিতো তেনেকুৱা বিভিন্ন ফটো আৰু ভিডিঅ’ দেখিবলৈ পোৱা গৈছে। আজিৰ এই আলোচনাত আমি তেনেকুৱা এটা ভিডিঅ’ৰ কথা জনাব বিচাৰিছোঁ, যিটো কেলিফৰ্ণিয়াৰ বনজুইৰ প্ৰকৃত ভিডিঅ’ নহয়। সেই ভিডিঅ’টো কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা হৈছে। অসমৰ […]

Continue Reading

HMPV কি? ইয়াৰ লক্ষণ কি,চিকিৎসা কি, কিদৰে প্ৰতিৰোধ কৰিব পাৰি আদি সামৰি এক সামগ্ৰিক আলোচনা। 

প্ৰস্তাৱনা হিউমেন মেটানিউমোভাইৰাছ চমুকৈ HMPV হৈছে বৰ্তমান বিশ্বব্যাপী স্বীকৃত শ্বাস-প্ৰশ্বাসজনিত এক ভাইৰাছ যিয়ে শেহতীয়াকৈ চীনত ইয়াৰ প্ৰাদুৰ্ভাৱ হোৱাৰ বাতৰি বিয়পি পৰাৰ পাছত ব্যাপক চৰ্চা লাভ কৰিছে। ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ (আইচিএমআৰ)ৰ নিয়মীয়া পৰ্যবেক্ষণত শেহতীয়াকৈ আমাৰ দেশৰ কৰ্ণাটকত এইচএমপিভিৰ দুটা ৰোগী ধৰা পৰিছে। তদুপৰি অন্য একাধিক ৰাজ্যৰ পৰাও ইয়াৰ প্ৰদুৰ্ভাৱৰ খবৰ আহিছে। আমাৰ এই আলোচনাত […]

Continue Reading

স্বাগত সতীৰ্থঃ এক সামগ্ৰিক আলোচনা

প্ৰস্তাৱনা যুগ যুগ ধৰি গতানুগতিকভাৱে চলি অহা এক প্ৰথাক বিঘ্নিত কৰি শেহতীয়াভাৱে অসম চৰকাৰে ‘স্বাগত সতীৰ্থ’ নামৰ এক ডিজিটেল প্লেটফৰ্ম আৰম্ভ কৰিছে। ইয়াৰ জৰিয়তে  যাতে কৰ্মচাৰীসকলক আধুনিক প্ৰক্ৰিয়াৰে বদলি কৰাত সুবিধা হয় তাৰ ব্যৱস্থা কৰা হৈছে।৷ ই কাৰ্যতঃ ৰাজ্যখনত এক দক্ষ, স্বচ্ছ, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল কৰ্মচাৰীৰ অনুকূল বদলি ব্যৱস্থাৰ সূচনা কৰিছে। যাৰ ফলত […]

Continue Reading

আৰাকান আৰ্মীয়ে বাংলাদেশৰ টেকনাফ দখল কৰা প্ৰসংগত কিছু আলোচনা।

প্ৰস্তাৱনা অতি শেহতীয়াভাবে অসমৰ ফেচবুকত এখন মানচিত্ৰ আপলোড কৰি দাবী কৰা হৈছিল যে ম্যানমাৰৰ আৰাকান আৰ্মীয়ে বাংলাদেশ আক্ৰমণ কৰি বাংলাদেশৰ দক্ষিণ অঞ্চলৰ টেকনাফ দখল কৰিছে । এই প্ৰসংগটো আলোচিত হৈছে। খেনোৰ মতে আৰাকান আৰ্মীয়ে বাংলাদেশৰ ভূখণ্ডলৈ সোমাই আহিছে আৰু খেনোৰ মতে তেওঁলোকে ম্য়ানমাৰৰ ভিতৰতেই নিজৰ প্ৰভূত্ব অক্ষুন্ন ৰাখিছে, বাংলাদেশলৈ শিপাবলৈ সক্ষম হোৱা নাই। এই আলোচনাত […]

Continue Reading