স্তম্ভ লেখক অমূল্যা গোপালকৃষ্ণনৰ ফটো জৰ্জ চৰোচৰ সঞ্চালক অমৃত সিং বুলি দাবী কৰি প্ৰচাৰ।

শেহতীয়াভাবে অসমত এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে বিশেষ এখন ফটো শ্বেয়াৰ কৰি দাবী কৰিছে যে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ সৈতে সেয়া জৰ্জ চৰোচ নামৰ সংগঠনটোৰ এগৰাকী সঞ্চালক অমৃত সিং।

Update: 2024-09-09 13:32 GMT

শেহতীয়াভাবে অসমত এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে বিশেষ এখন ফটো শ্বেয়াৰ কৰি দাবী কৰিছে যে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ সৈতে সেয়া জৰ্জ চৰোচ নামৰ সংগঠনটোৰ এগৰাকী সঞ্চালক অমৃত সিং। ফটোখনত সেউজীয়া বৰণৰ চোলা পিন্ধি থকা ৰাহুল গান্ধীৰ কাষত এগৰাকী মহিলাক দেখা গৈছে। তেওঁকেই অমৃত সিং বুলি দাবী কৰি অমৃত সিঙৰ এখন ফটো কাষত সংলগ্ন কৰি দিয়া হৈছে সেই বিশেষ ফটোখনত। পোষ্টটোত সেই দাবী কৰি লিখিছে-ভাৰত তথা #হিন্দু_বিৰোধী_জৰ্জ_চাৰোচৰ সংগঠনৰ এগৰাকী সঞ্চালক অমৃত সিঙৰ লগত #ৰাহুল_গান্ধীৰ কি জৰুৰী #বিষয় সম্পৰ্কে আলোচনা ?


 



Facebook LinkArchived Link 

কিন্তু এই দাবী সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি সেই ফটোখন ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু একাধিক লিংক লাভ কৰিলোঁ। তেতিয়া আমি এটা ইউটিউৱ লিংক লাভ কৰিলোঁ। ২০২৩ চনৰ ২৭ অক্টোবৰত আপলোড কৰা ওৱান ইণ্ডিয়াৰ সেই বাতৰিটোত সেই সময়ত ৰাহুল গান্ধীয়ে তেওঁৰ আকস্মিকভাৱে কৰা উজবেকিস্তান ভ্ৰমণ সামৰি উভটি অহাৰ কথা উল্লেখ কৰা হৈছে। তাত সেই বিশেষ ফটোখন দেখুৱাই ইয়াকো কোৱা হৈছে যে তেওঁৰ কাষত থকা সেই মহিলাগৰাকী হৈছে ৰাহুল গান্ধীৰ শৈশৱৰ বন্ধু তথা শীৰ্ষ কংগ্ৰেছ নেতা অমিতাভ ডুবেৰ সহধৰ্মিনী অমূল্যা। 


Full View

ভিডিঅ’টোৰ বিৱৰণতো সেই কথা উল্লেখ কৰা হৈছে। 



সেই ভিডিঅ’টোতে কোৱা হৈছে যে কংগ্ৰেছ সামাজিক মাধ্যম কোষৰ শীৰ্ষ নেত্ৰী সুপ্ৰিয়া শ্ৰীনেটে টুইট কৰি সেই কথা নিশ্চিত কৰিছে। ২০২৩ চনৰ ২৭ অক্টোবৰত কৰা সেই টুইটটোও আমি বিচাৰি পালোঁ। 

 

উল্লেখযোগ্য যে অমূল্যা গোপালকৃষ্ণন হৈছে টাইমছ অৱ ইণ্ডিয়া, দি ইণ্ডিয়ান এক্সপ্ৰেছ, দ্য ফ্ৰণ্টলাইন, দি ইকোনোমিক টাইমছ আদি কাকতৰ এগৰাকী স্তম্ভ লিখক।

ইয়াৰ দ্বাৰাই এই কথা স্পষ্ট হৈছে যে ৰাহুল গান্ধীৰ সৈতে থকা সেই মহিলাগৰাকী অমৃত সিং নহয়। তেওঁ হৈছে ৰাহুল গান্ধীৰ শৈশৱৰ বন্ধু তথা শীৰ্ষ কংগ্ৰেছ নেতা অমিতাভ ডুবেৰ সহধৰ্মিনী স্তম্ভ লিখক অমূল্য গোপালকৃষ্ণন।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। ৰাহুল গান্ধীৰ সৈতে থকা সেই মহিলাগৰাকী অমৃত সিং নহয়। তেওঁ হৈছে ৰাহুল গান্ধীৰ শৈশৱৰ বন্ধু তথা শীৰ্ষ কংগ্ৰেছ নেতা অমিতাভ ডুবেৰ সহধৰ্মিনী স্তম্ভ লিখক অমূল্য গোপালকৃষ্ণন।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

 



Claim :  স্তম্ভ লেখক অমূল্যা গোপালকৃষ্ণনৰ ফটো জৰ্জ চৰোচৰ সঞ্চালক অমৃত সিং বুলি দাবী কৰি প্ৰচাৰ।
Claimed By :  Social Media User
Fact Check :  -
Tags:    

Similar News