ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ পুৰণি ভিডিঅ' ইজৰাইলৰ ওপৰত হোৱা আক্ৰমণৰ বুলি ভাইৰেল।

Update: 2024-10-12 10:39 GMT

শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' ভাইৰেল হৈছে য'ত দেখা গৈছে যে এটা মিছাইল উৎক্ষেপণৰ কিছু সময়ৰ পাছতে পুনৰ উৎক্ষেপণস্থলীলৈ ঘূৰি আহি বিস্ফোৰিত হৈছে। ভিডিঅ'টো ফেচবুকত শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে এয়া ইজৰাইলৰ ওপৰত মিছাইল আক্ৰমণৰ দৃশ্য।

Full View

Facebook Link | Archived Link.

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে ভাইৰেল ভিডিঅ'টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি এটা ৱেবছাইটত এই ভিডিঅ'টো ২০২২ চনৰ ২৪ জুনত আপলোড হোৱা দেখিলোঁ। ভিডিঅ'টোৰ বিৱৰণ অংশত লিখা আছে, "ইউক্ৰেইনৰ আলচেভস্ক চহৰখন বৰ্তমান ৰাছিয়ান সৈন্যৰ নিয়ন্ত্ৰণত আছে"।


আমি পুনৰ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া ২০২২ চনৰ ২৪ জুনত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ য'ত ভাইৰেল ভিডিঅ'টোৰ স্ক্ৰীণশ্বটৰ সৈতে মিল থকা ফটো সংলগ্ন কৰা হৈছিল। প্ৰতিবেদনৰ শিৰোনামত লিখা আছিল, "ভয় খাইছে?! - দখল কৰা আলচেভস্কত ৰাছিয়াৰ বিমান বিৰোধী ক্ষেপণাস্ত্ৰই ঘৰলৈ উভতি যোৱাৰ সিদ্ধান্ত লৈছিল ভিডিঅ'"।


অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link.

ইয়াকে সমল হিচাপে লৈ আমি প্ৰাসংগিক কী-ৱ'ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া ২০২২ চনৰ ২৪ জুনত দ্য টেলিগ্ৰাফত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ। প্ৰতিবেদন অনুসৰি ভাইৰেল ভিডিঅ'টো এটা ৰাছিয়াৰ মিছাইল উৎক্ষেপণৰ বিফল প্ৰচেষ্টা বুলি উল্লেখ কৰা হৈছিল, যিটো উৎক্ষেপণৰ পাছতে নিজৰ উৎক্ষেপণ স্থানলৈ ঘূৰি আহি বিস্ফোৰিত হৈছিল।


অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link

এইবাৰ আমি ভাইৰেল ভিডিঅ'টো news.com.au নামৰ এটা ইউটিউব চেনেলত পালোঁ। ভিডিঅ'টো আপলোড কৰা হৈছিল ২০২২ চনৰ ২৪ জুনত। ভিডিঅ'টোৰ বৰ্ণনা অনুসৰি ৰাছিয়াৰ ছাৰফেছ-টু-এয়াৰ (surface-to-air) মিছাইল ব্যৱস্থাত অদ্ভূত কাৰিকৰী বিসংগতিৰ বাবে সেইটো উভতি আহি উৎক্ষেপণস্থলীতে বিস্ফোৰিত হৈছিল।

Full View

একেটা ভিডিঅ' The Sun নামৰ ইউটিউব চেনেলতো ২০২২ চনৰ ২৪ জুনত আপলোড কৰা হৈছিল। বিৱৰণ অনুসৰি ভিডিঅ'টো ৰাছিয়াৰ সৈন্য বাহিনীৰ দখলত থকা ইউক্ৰেইনৰ লুহানস্ক অঞ্চলৰ আলচেভস্ক চহৰৰ। ৰাছিয়াৰ ছাৰফেছ-টু-এয়াৰ (surface-to-air) মিছাইল ব্যৱস্থাত অদ্ভূত কাৰিকৰী বিসংগতিৰ বাবে সেইটো উভতি আহি উৎক্ষেপণস্থলীতে এইদৰে বিস্ফোৰিত হৈছিল।

Full View

গতিকে ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ'টো পুৰণি আৰু ইজৰাইলৰ সৈতে ইয়াৰ সম্পৰ্ক নাই।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ভিডিঅ'টোৰ সৈতে কৰা দাবীটো মিছা। ভিডিঅ'টো পুৰণি। ৰাছিয়াৰ ছাৰফেছ-টু-এয়াৰ (surface-to-air) মিছাইল ব্যৱস্থাত অদ্ভূত কাৰিকৰী বিসংগতিৰ বাবে সেইটো উভতি আহি উৎক্ষেপণস্থলীতে বিস্ফোৰিত হোৱাৰ দৃশ্য দেখা গৈছে ভিডিঅ'টোত। ইয়াৰ ইজৰাইল-হামাছ অথবা ইজৰাইল-লেবাননৰ যুদ্ধৰ সৈতে কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ


Claim :  ভিডিঅ'টোত ইজৰাইললৈ উদ্দেশ্যি উৎক্ষেপণ কৰা মিছাইল কাৰিকৰী বিজুতিৰ ফলত পুনৰ উৎক্ষেপণস্থলীলৈ ঘূৰি আহি বিস্ফোৰিত হোৱা দেখা গৈছে।
Claimed By :  Social Media User
Fact Check :  FALSE
Tags:    

Similar News