বাংলাদেশত হিন্দু মহিলাক এইদৰে মুছলমান মহিলাই শাস্তি দিয়া বুলি কৰা দাবীটো মিছা।

শেহতীয়াভাবে বাংলাদেশত সৃষ্টি হোৱা আশান্তিকৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমতো বিভিন্ন ধৰণৰ ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। তেনেকুৱা একাধিক ফেচবুক পোষ্ট আমি লাভ কৰিছোঁ, যিবোৰত দাবী কৰা হৈছে যে সেই ফটো আৰু ভিডিঅ’সমুহ বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ। এজন ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভিডিঅ’টোত বাংলাদেশত মুছলমান মহিলাই হিন্দু মহিলাক অত্যাচাৰ কৰা দেখা গৈছে।  […]

Continue Reading

বাংলাদেশত ৰবীন্দ্ৰনাথৰ মুৰ্তি ধ্বংস কৰা বুলি দাবী কৰি পুৰণি ফটো আৰু ভিডিঅ’ ভাইৰেল কৰা হৈছে।

শেহতীয়াভাবে বাংলাদেশত সৃষ্টি হোৱা আশান্তিকৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমতো বিভিন্ন ধৰণৰ ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। তেনেকুৱা একাধিক ফেচবুক পোষ্ট আমি লাভ কৰিছোঁ, যিবোৰত দাবী কৰা হৈছে যে সেই ফটো আৰু ভিডিঅ’সমুহ বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ। কিছুমান পোষ্টত দেখা গৈছে যে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিমুৰ্তিৰ ভগ্ন মূৰ এটাৰ ফটো আপলোড কৰি  বাংলাদেশৰ শেহতীয়া অশান্তিত কোনো চক্ৰই […]

Continue Reading

মুছলমান টুপী পৰিহিত লোকে এখন তোৰণ হাতুৰীৰে কোবাই ভাঙিবলৈ চেষ্টা কৰা এই ভিডিঅ’টো বাংলাদেশৰ নহয়। তদুপৰি ইয়াত কোনো সাম্প্ৰদায়িক দিশ নাই।

মুছলমান টুপী পৰিহিত কিছু লোকে এখন পকী তোৰণ হাতুৰীৰে কোবাই ভাঙিবলৈ চেষ্টা কৰা এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। দাবী কৰা হৈছে যে বাংলাদেশত এইদৰে মুছলমানে হিন্দুৰ মন্দিৰ ভাঙিছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “বাংলাদেশত এফালৰ পৰা জ্বলাই বা ভাঙি দিয়া হৈছে হিন্দুৰ মন্দিৰ।হিংসাত্মক প্ৰতিবাদৰ মাজতে চলিছে হিন্দুৰ ওপৰত অত্যাচাৰ”। Facebook Link | […]

Continue Reading

ভিডিঅ’টোত বাংলাদেশৰ হিন্দু মন্দিৰত জুই লগা দেখা গৈছে নেকি?

শেহতীয়াকৈ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে য’ত এটা ভৱনত জুই লগা দেখা গৈছে। দাবী কৰা হৈছে যে এইটো বাংলাদেশৰ এটা হিন্দু মন্দিৰ আৰু মুছলমানে সেই মন্দিৰটো জ্বলাই দিছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে,”বাংলাদেশত মন্দিৰ জ্বলাই দিয়া হল । হিন্দুৰ অস্তিত্ব বিপন্ন । সমগ্ৰ বিশ্বত৫৮খন ইছলামিক ৰাষ্ট্ৰ থকা পিছত শ্বেখ হাচিনা শেষ আশ্ৰয় […]

Continue Reading

বাংলাদেশৰ এই ভিডিঅ’টোৰ কোনো সাম্প্ৰদায়িক দিশ নাই। ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ।

হিংসাজৰ্জৰ বাংলাদেশৰ এটা খুব আমনিদায়ক ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। ভিডিঅ’টোত দেখা গৈছে যে এগৰাকী মৃতপ্ৰায় ব্যক্তিক এটা মূৰ্তিত ওলোমাই নিৰ্মমভাৱে প্ৰহাৰ কৰিছে কিছুমান লোকে। দাবী কৰা হৈছে এই ব্যক্তিজন হিন্দু আৰু তেওঁক মুছলমান লোকে বাংলাদেশত এইদৰে অত্যাচাৰ কৰিছে। ভিডিঅ’টো ফেচবুকত শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “বাংলাদেশত অশান্তিৰ ধৰ্মৰ মুছলমানে হিন্দু পুৰুষ এজনক মজিবৰ ৰহমানৰ […]

Continue Reading

২০১৫ চনৰ নেপালৰ ত্ৰিশুলী নদীৰে ছাত্ৰ-ছাত্ৰী বিপজ্জনকভাৱে পাৰ হোৱা দৃশ্য অসমৰ নগাঁৱৰ কলং নদীৰ বুলি ভাইৰেল কৰা হৈছে।

শেহতীয়াভাবে এটা বিশেষ ভিডিঅ’ অসমৰ হোৱাটছএপত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে যে একাংশ ছাত্ৰ-ছাত্ৰীয়ে কেবল কাৰৰ সহায়ত অতি বিপজ্জনকভাৱে নদী পাৰ হৈ বিদ্যালয়লৈ গৈছে। দাবী কৰা হৈছে যে সেয়া অসমৰ নগাঁও জিলাৰ কলং নদীৰ দৃশ্য। ছাত্ৰ-ছাত্ৰীয়ে এইদৰে কলং পাৰ হৈ বিদ্যালয়লৈ যায় বুলি প্ৰচাৰ কৰা হৈছে। আমাৰ ফেক্টলাইন নম্বৰ(9049053770)লৈও ভিডিঅ’টো প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে […]

Continue Reading

২০২২ চনৰ শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ বিচনাৰ ফটোকে বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ শোৱাপাটি বুলি ভাইৰেল কৰা হৈছে। 

শেহতীয়াভাবে চাকৰিৰ সংৰক্ষণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদৰ পাছত সোমবাৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰি দেশ এৰি পলায়ন কৰে। দেওবাৰে সমগ্ৰ দেশতে সংঘটিত হোৱা সংঘৰ্ষত প্ৰায় ১০০ জন লোকৰ মৃত্যু হোৱাৰ পাছত সোমবাৰে ছাত্ৰ কৰ্মীসকলে ৰাজধানী ঢাকালৈ পদযাত্ৰাৰ আহ্বান জনাইছিল। আনকি বিক্ষোভকাৰীয়ে ৰাষ্ট্ৰপতিৰ বাসগৃহতো লুটপাত কৰে। ছ’চিয়েল মিডিয়াত ঢাকাৰ বৰ্তমানৰ অনিশ্চিত পৰিস্থিতি দেখুওৱা বুলি কিছুমান ফটো […]

Continue Reading

বাংলাদেশৰ ক্ৰিকেট দলৰ খেলুৱৈ লিটন দাসৰ ঘৰ প্ৰতিবাদকাৰীয়ে জ্বলাই দিছে নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

বাংলাদেশৰ হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ এটা বিশেষ পোষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। পোষ্টটোত সংলগ্ন ক’লাজখনৰ এখন ফটোত দেখা গৈছে জুইত জ্বলি থকা এটা ঘৰৰ কাষত একাংশ লোক থিয় হৈ আছে আৰু আনখন ফটোত বাংলাদেশৰ ক্ৰিকেট খেলুৱৈ লিটন দাসক দেখা গৈছে। দাবী কৰা হৈছে যে বাংলাদেশৰ ক্ৰিকেট দলৰ খেলুৱৈ লিটন দাসৰ ঘৰ এইটো আৰু প্ৰতিবাদকাৰীয়ে তেওঁৰ […]

Continue Reading

ৰাছেলছ্ ভাইপাৰ সম্পৰ্কত পুনৰ বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ কৰা হৈছে ফেচবুকত। 

শেহতীয়াভাবে অসমত ৰাছেলছ্ ভাইপাৰ প্ৰজাতিৰ সাপক লৈ অনেক জল্পনা-কল্পনা বিয়পি কৰিছে। তাৰ মাজতে ভুল আৰু বিভ্ৰান্তিকৰ তথ্য কিছুমানো প্ৰচাৰ হৈ আছে। তেনে পৰিপ্ৰেক্ষিততে ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইতিমধ্যেই সবিস্তাৰ তথ্য আৰু সত্য সামৰি এক বিশেষ বিশ্লেষণাত্মক লেখাও শেহতীয়াভাৱে প্ৰকাশ কৰিছিল যদিও এতিয়াও সামাজিক মাধ্যমত কিছুমান বাৰ্তা বিয়পি আছে। তেনেকুৱা এটা ফেচবুক পোষ্ট আমাৰ দৃষ্টিগোচৰ হৈছে। এটা […]

Continue Reading

আৰ এছ এছৰ কৰ্মীসকলে কৰা উদ্ধাৰ অভিযানৰ পুৰণি ফটো ৱায়ানাডৰ শেহতীয়া পৰিস্থিতিৰ সৈতে জড়িত বুলি ভাইৰেল।

কেৰেলাৰ ৱায়ানাডত যোৱা ৩০ জুলাইত হোৱা ভূমিস্খলনত তিনিশৰো অধিক লোকৰ মৃত্যু হৈছে আৰু বহুতো লোক এতিয়াও নিৰুদ্দেশ হৈ আছে। চৰকাৰৰ লগতে বিভিন্ন দল- সংগঠন উদ্ধাৰ আৰু সাহাৰ্য অভিযানত জড়িত হৈ পৰিছে। এই পৰিপ্ৰেক্ষিতত কেইখনমান বিশেষ ফটোৰ এখন ক’লাজ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে য’ত কিছু লোকে সাহাৰ্য বিতৰণ কৰা আৰু বানাক্ৰান্ত এলেকালৈ যোৱা দেখা গৈছে। […]

Continue Reading