কৃষক সংঘই ১৩ ফেব্ৰুৱাৰীৰ পৰা কেন্দ্ৰীয় চৰকাৰক তেওঁলোকৰ দাবী পূৰণ কৰিবলৈ বাধ্য কৰিবলৈ দিল্লীলৈ প্ৰতিবাদী সমদল আৰম্ভ কৰে। কৃষকৰ প্ৰতিবাদস্থলীৰ ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াৰ জৰিয়তে ব্যাপকভাৱে প্ৰচাৰিত হৈছে।

এই ভিডিঅ’বোৰৰ এটাত বিভিন্ন বয়সৰ পুৰুষে গাড়ীৰ খোলা খিৰিকীৰে ডিচপ’জেবল গ্লাছ আৰু বাচন-বৰ্তন লৈ হাত মেলি থকা দেখা গৈছে আৰু এজন মানুহে সুৰা বাকি দিয়া দেখা গৈছে। কিছুসংখ্যক ব্যৱহাৰকাৰীয়ে এই ভিডিঅ’টো শেহতীয়া কৃষক আন্দোলনৰ সৈতে জড়িত কৰি শ্বেয়াৰ কৰিছে।

ফেচবুকতো এই ভিডিঅ'টো শ্বেয়াৰ হোৱা দেখা গ'ল।

Facebook Link | Archived Link

কিন্তু সঁচাকৈয়ে এই ভিডিঅ'টো শেহতীয়া কৃষক আন্দোলনৰ সৈতে জড়িত হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

ভিডিঅ’টোৰ বিষয়ে অধিক তথ্যৰ বাবে আমি গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ আৰু আৱিষ্কাৰ কৰিলোঁ যে ভিডিঅ’টো পুৰণি। গতিকে এই ভিডিঅ'টো যে ২০২০ চনৰ এপ্ৰিল মাহৰ পৰা ইণ্টাৰনেটত প্ৰচাৰ হৈ আছে সেয়া স্পষ্ট হৈ পৰিল।

অধিক সন্ধানত আমি ইউটিউব চেনেল R PUNJABI ত এই ভিডিঅ'টো পালোঁ। ২০২০ চনৰ ১১ এপ্ৰিল তাৰিখে ভিডিঅ'টো আপলোড কৰা হৈছিল।

মন কৰিবলগীয়া যে ২০২০–২০২১ চনৰ ভাৰতীয় কৃষকৰ প্ৰতিবাদ হ'ল ভাৰতৰ সংসদে ২০২০ চনৰ ছেপ্টেম্বৰ মাহত গৃহীত কৰা তিনিখন কৃষি আইনৰ বিৰুদ্ধে কৰা প্ৰতিবাদ।২০২০ চনৰ ২৬ নৱেম্বৰত এই আন্দোলন দিল্লীত আৰম্ভ হৈছিল। একাংশ পৰ্যবেক্ষকে এই আন্দোলনক “আধুনিক ভাৰতৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ আৰু দীঘলীয়া কৃষকৰ সংগ্ৰাম” বুলি অভিহিত কৰিছে। শেহতীয়াকৈ কৃষকসকলে ১৩ ফেব্ৰুৱাৰীৰ পৰা দিল্লীলৈ যাত্ৰা আৰম্ভ কৰিছিল ৷

ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে ভাইৰেল ভিডিঅ'টোৰ বিতং তথ্য যদিও ইণ্টাৰনেটত উপলব্ধ নহয়, ভিডিঅ’টো প্ৰায় চাৰি বছৰ ধৰি ইণ্টাৰনেটত আছে আৰু ইয়াৰ পূৰ্বৰ কৃষক আন্দোলনৰ সৈতে বা বৰ্তমানৰ কৃষক আন্দোলনৰ সৈতে কোনো সম্পৰ্ক নাই।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ভিডিঅ'টো পুৰণি আৰু বৰ্তমানৰ বা পূৰ্বৰ কৃষক আন্দোলনৰ সৈতে কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:সুৰা বিতৰণৰ এই ভিডিঅ'টো কৃষক আন্দোলনৰ নহয়।

Fact Check By: Debanjana Baishya

Result: False