কলকাতাৰ ধৰ্ষণৰ ঘটনাৰ পাছতে সমগ্ৰ দেশত প্ৰতিবাদৰ সৃষ্টি হৈছে। এই ঘটনাৰ অনুসন্ধানৰ দায়িত্ব চিবিআইক অৰ্পণ কৰা হৈছে। ইতিমধ্যে চিবিআয়ে ধৰ্ষণৰ ঘটনাৰ অভিযুক্ত সঞ্জয় ৰয়ৰ "লাই ডিটেকশ্বন টেষ্ট" সম্পন্ন কৰা বুলি জানিব পৰা গৈছে। বৰ্তমান ছ'চিয়েল মিডিয়াত এটা পোষ্ট ভাইৰেল হৈছে য'ত দাবী কৰা হৈছে যে জ্যেষ্ঠ অধিবক্তা কপিল ছিবাল আৰু অভিষেক মনু সিংঘৱীয়ে অভিযুক্তৰ পক্ষত আদালতত থিয় দিছে।

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, "কলকাতাৰ ধৰ্ষণ-হত্যাকাণ্ডৰ অপৰাধীৰ পক্ষত কংগ্ৰেছ অধিবক্তা কপিল শিব্বাল৷ আপুনি কিবা বুজিলেনে?

য’তেই যেতিয়াই দেশদ্ৰোহী, সন্ত্ৰাসবাদী, ধৰ্ষণকাৰীৰ সুৰক্ষাৰ কথা আহে, তেতিয়াই কংগ্ৰেছৰ দুই উকিল তৎক্ষণাত উপস্থিত হয়৷ তাৰে এটাৰ নাম কপিল শিব্বাল আৰু আনটো অভিষেক মনু সিংঘৱী৷

মোম্বাই আক্ৰমণকাৰী পাকিস্তানী ইছলামিক সন্ত্ৰাসবাদী আজমল আমিৰ কাচবৰ সুৰক্ষাৰ স্বাৰ্থতো কপিল শিব্বাল আৰু অভিষেক মনু সিংঘৱীয়ে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত ফাঁচীৰ ৰায়দান নাকচ কৰিবলৈ আবেদন কৰি মহান দেশপ্ৰেমৰ নিদৰ্শন দি থৈছে৷

আৰু এইবাৰো অৰ্থাৎ যোৱা মংগলবাৰত হৈ যোৱা শুনানিত কলকাতাৰ ধৰ্ষণকাৰীৰ পক্ষত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত থিয় দিলে কপিল শিব্বাল আৰু অভিষেক মনু৷

কপিল শিব্বালৰ টীমত চুপ্ৰিম ক’ৰ্টত তামাম এনে মহিলাও উপস্থিত আছিল, যিসকল মহিলা অধিবক্তাই কলকাতাৰ ধৰ্ষণকাৰীৰ পক্ষত যুক্তি দিছিল আৰু শুনানিৰ সময়ত কথাবোৰ বাৰেবাৰে হাঁহিৰে উৰুৱাই দিছিল৷

আজমল কাচবৰ পক্ষত কপিল শিব্বাল

ৰামমন্দিৰৰ বিৰুদ্ধে কপিল শিব্বাল

বাবৰি মছজিদৰ পক্ষত কপিল শিব্বাল

NRCৰ বিৰুদ্ধে কপিল শিব্বাল

ধাৰা 370 (35A)ৰ বিৰুদ্ধে কপিল শিব্বাল

জনসংখ্যা নিয়ন্ত্ৰণৰ বিৰুদ্ধে কপিল শিব্বাল...

মুঠতে প্ৰতিটো দেশবিৰোধী, সমাজবিৰোধী কাৰ্য্যত অপৰাধীৰ পক্ষত আপুনি কপিলক পাব৷

ইমানৰ পিছতো কপিল শিব্বাল আজি জীয়াই আছে৷

আৰু জনতাই #মমবাতি জ্বলাই ৰাজপথত ন্যায় বিচাৰিছে৷ ধিক্কাৰ এনে নপুংসক সমাজ...

এজন লেখকে ক’ৰবাত লিখিছিল—

"বলাৎকাৰ এবাৰেই নহয়৷

বলাৎকাৰ হোৱাৰ পিছত এগৰাকী ধৰ্ষিতাৰ হেজাৰবাৰ বলাৎকাৰ হয় আদালতত...সেই বলাৎকাৰ কৰে ন্যায়াধীশ আৰু উকিল সকলে৷’’

যোৱা মংগলবাৰৰ শুনানিত Chief Justice (CJI) চন্দ্ৰচূড়ে শুধিলে—

—"আচলতে ডক্টৰ যুৱতী গৰাকীৰ পিতৃমাতৃক আত্মহত্যা কৰা বুলি কিয় কোৱা হ’ল?’’

কপিল শিব্বালঃ- "না না, এইটো গোকাট মিছাকথা মিলৰ্ড৷’’

CJI:-"পীড়িতাৰ পিতৃমাতৃক যি বাৰ্তা দিয়া হৈছিল, তাত আত্মহত্যা কৰিছে বুলি জনোৱা হৈছিল৷’’

কপিন শিব্বালঃ- "সেইটো কথা কলেজৰ কোনো লোকে জনাইছিল, সেই ব্যক্তিজন কোন আছিল আমি নেজানো...’’

CJI:- ডক্টৰ যুৱতীৰ মৃতদেহ 8:30ত উদ্ধাৰ হোৱাৰ পিছত, কেছ ফাইল কৰোঁতে 12:30 কিয় বাজিল??

আৰু ডক্টৰ যুৱতীৰ শৱদেহ পিতৃমাতৃক তিনিঘন্টা পৰ্যন্ত কিয় চাবলৈ দিয়া নহ’ল?

নিৰ্লজ্জ, লম্পট, দেশদ্ৰোহী কপিল শিব্বালৰ ওচৰত কোনো উত্তৰ নাছিল৷

ডক্টৰ আৰু সাধাৰণ জনতাৰ তীব্ৰ প্ৰতিবাদৰ অন্তত 8 দিনৰ পিছত দেশৰ চুপ্ৰিম ক’ৰ্ট সাৰ পাইছিল৷ কিন্তু মৃত পীড়িতাক এতিয়াও ধৰ্ষণ কৰি আছে কপিল শিব্বালৰ টীম টোৱে মমতা আৰু কংগ্ৰেছৰ ছত্ৰছায়াত৷

ইফালে মমতাই কলকাতা পুলিচৰ দ্বাৰা মৌমিতাৰ ন্যায়ৰ বাবে টুইটাৰ আৰু ফেচবুকত পোষ্ট কৰা সকলক Notice পঠিয়াই গ্ৰেপ্তাৰৰ ভাবুকি দিছে বুলি খবৰ আহিছে"৷

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমে আমি প্ৰাসংগিক কী-ৱ'ৰ্ড ছাৰ্চ কৰি আমাৰ অনুসন্ধান আৰম্ভ কৰিলোঁ। তেতিয়া আমি হিন্দুস্তান টাইমছত ২০২৪ চনৰ ২৮ আগষ্টত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ। প্ৰতিবেদন অনুসৰি অভিযুক্ত সঞ্জয় ৰায়ক কোনেও প্ৰতিনিধিত্ব নকৰাত জিলা আইন সেৱা প্ৰাধিকৰণ (ডি এল এছ এ) ছিয়ালদহে অভিযুক্তৰ পক্ষ ল’বলৈ অধিবক্তা কবিতা সৰকাৰক নিযুক্তি দিয়ে। তদুপৰি জ্যেষ্ঠ অধিবক্তা কপিল ছিবাল, এডভোকেট অন ৰেকৰ্ড আস্থা শৰ্মা, আৰু তেওঁৰ দলটোৱে পশ্চিম বংগ ৰাজ্যক প্ৰতিনিধিত্ব কৰি আছে।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link

এই সম্পৰ্কে আন এক প্ৰতিবেদন ইয়াত পঢ়িব পাৰিব। বিজনেছ টুডেৰ এই প্ৰতিবেদনতো উল্লেখ কৰা হৈছে যে কলকাতাৰ ধৰ্ষণৰ ঘটনাৰ অভিযুক্ত সঞ্জয় ৰায়ৰ পক্ষ ল'বলৈ কোনো অধিবক্তাই আগ্ৰহ প্ৰকাশ নকৰাত ছিয়ালদহ কোৰ্টৰ তৰফৰ পৰা ৫২ বৰ্ষীয় অধিবক্তা কবিতা সৰকাৰক নিযুক্তি দিয়া হয়।

Archived Link

বিজনেছ টুডেত প্ৰকাশিত আন এক প্ৰতিবেদন অনুসৰি বংগ চৰকাৰৰ আইনী দলটোত ২১ জন অধিবক্তা আছে, আনহাতে কেন্দ্ৰৰ দলটোত পাঁচজন অধিবক্তা আছে।

বংগ চৰকাৰৰ বাবে অধিবক্তাসকল হ'ল -

১. জ্যেষ্ঠ অধিবক্তা কপিল ছিবাল

2. জ্যেষ্ঠ অধিবক্তা মেনকা গুৰুস্বামী

3. অধিবক্তা সঞ্জয় বসু

4. অধিবক্তা আস্থা শৰ্মা

5. অধিবক্তা শ্ৰীসত্য মহন্ত

6. অধিবক্তা নিপুন ছাক্সেনা,

7. অধিবক্তা অঞ্জু থমাছ

8. অধিবক্তা অপৰাজিতা জামৱাল

9. অধিবক্তা সঞ্জীৱ কৌশিক

10. অধিবক্তা মন্তিকা হাৰিয়ানী

11. অধিবক্তা শ্ৰেয়াছ অৱস্থী

12. অধিবক্তা উত্তকৰ্শ প্ৰতাপ

13. অধিবক্তা প্ৰতিভা যাদ

14. অধিবক্তা লিহজু শ্বাইনি কনিয়াক

15. অধিবক্তা ৰিপুল স্বাতী কুমাৰী

16. অধিবক্তা লাভকেশ ভানভানি

17. অধিবক্তা অৰুনিছা দাস

18. অধিবক্তা দেৱদীপ্ত দাস

19. অধিবক্তা আৰ্চিত আদলাখা

20. অধিবক্তা আদিত্য ৰাজ পাণ্ডে

21. অধিবক্তা মেহৰীন গাৰ্গ

আনহাতে কেন্দ্ৰৰ দলটোত আছে-

১. ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা

2. অধিবক্তা মাধৱ সিংহল

3. অধিবক্তা আৰ্কাজ কুমাৰ

4. অধিবক্তা স্বতী ঘিলদিয়াল

5. অধিবক্তা এম.কে. মাৰোৰিয়া, এ অ’ আৰ

Archived Link

এই নামসমূহৰ ক'তো কিন্তু অভিষেক মনু সিংঘৱীৰ নাম নাই। তদুপৰি কপিল ছিবালে অভিযুক্ত সঞ্জয় ৰয়ৰ পক্ষত নহয় বৰং বংগ চৰকাৰকহে প্ৰতিনিধিত্ব কৰিছে।

উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কলকাতা ধৰ্ষণৰ ঘটনা সম্পৰ্কে কৰা প্ৰশ্নৰ উত্তৰত কপিল ছিবালৰ মন্তব্য তলত চাব পাৰিব।

পোষ্টটোত লগতে দাবী কৰা হৈছিল যে কপিল ছিবাল আৰু অভিষেক মনু সিংঘৱীয়ে ২৬/১১ কাণ্ডৰ অপৰাধী আজমল কাচবৰ হৈয়ো ওকালতি কৰিছিল। এই সম্পৰ্কে তথ্য বিচাৰি আৰু প্ৰাসংগিক কী-ৱ'ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া কিছু তথ্য পালোঁ।

২০০৯ চনৰ ৩০ নৱেম্বৰত ৰয়টাৰছত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি অধিবক্তা আব্বাছ কাজমীক আজমল কাচবৰ পক্ষ ল'বলৈ কোৰ্টৰ তৰফৰ পৰা নিযুক্তি দিয়া হৈছিল যদিও তেওঁ সহযোগিতা নকৰাৰ ফলত তেওঁক আঁতৰাই কে পি পৱাৰক নিযুক্ত কৰা হয়।

ব'ম্বে উচ্চ ন্যায়ালয়ত কাচবৰ পক্ষত যুঁজিছিল আমিন চ'লকাৰ আৰু ফাৰহানা শ্বাহে আৰু মৃত্যুদণ্ডৰ বিৰুদ্ধে আবেদনৰ সময়ত ভাৰতৰ উচ্চতম ন্যায়ালয়ত কাচবৰ অধিবক্তা হিচাপে আছিল ৰাজু ৰামচন্দ্ৰন। কিন্তু ক'তো কপিল ছিবাল আৰু অভিষেক মনু সিংঘৱীয়ে আজমল কাচবৰ পক্ষত ওকালতি কৰা বুলি আমি নাপালোঁ।

গতিকে ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। কপিল ছিবালে কলকাতা ধৰ্ষণৰ ঘটনাৰ অভিযুক্তৰ পক্ষত আদালতত ওকালতি কৰা নাই। তদুপৰি অভিষেক মনু চিংঘভি আৰু কপিল ছিবালে আজমল কাচবৰ হৈয়ো ওকালতি কৰা নাছিল।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। জ্যেষ্ঠ অধিবক্তা কপিল ছিবাল আৰু অভিষেক মনু সিংঘৱীয়ে কলকাতা ধৰ্ষণৰ ঘটনাৰ অভিযুক্তৰ পক্ষত ওকালতি কৰা নাই। কপিল ছিবালে বংগ চৰকাৰকহে প্ৰতিনিধিত্ব কৰিছে। অধিবক্তা কবিতা সৰকাৰকহে কলকাতাৰ ধৰ্ষণৰ ঘটনাৰ অভিযুক্তৰ পক্ষত নিযুক্তি দিয়া হৈছে। তদুপৰি আজমল কাচবৰ পক্ষতো কপিল ছিবাল আৰু অভিষেক মনু সিংঘৱীয়ে ওকালতি কৰা নাছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:কপিল ছিবাল আৰু অভিষেক মনু সিংঘৱীয়ে কলকাতাৰ ধৰ্ষণৰ ঘটনাৰ অভিযুক্তক প্ৰতিনিধিত্ব কৰিছে নেকি? জানক সত্যতা।

Fact Check By: Debanjana Baishya

Result: Misleading