এই ভিডিঅ’টো ২০২৩চনৰ আগষ্টৰে। ৰাছিয়াৰ শেহতীয়া ভূমিকম্পৰ সৈতে কোনো সম্পৰ্ক নাই।  

যোৱা ৩১ জুলাই ২০২৫ত অসমৰ কেইগৰাকীমান ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভিডিঅ’ত দেখুওৱাৰ দৰে ৰাছিয়াত যোৱা ২৯ জুলাইত হোৱা ভূমিকম্পৰ পূৰ্বে মাজ সাগৰৰ পৰা কেইটামান বেলুগা তিমি মাছ পাৰলৈ উঠি আহিছিল আৰু ভূমিকম্পৰ আগজাননী দিছিল। Facebook Link Archived Link Facebook Link Archived Link ১ আগষ্ট ২০২৫তো একেধৰণৰ দাবীৰে এটা ফেচবুক ৰীল […]

Continue Reading

এই ভিডিঅ’টোত থকা এটা দৃশ্যও ৰাছিয়াৰ শেহতীয়া ভূমিকম্পৰ নহয়। 

যোৱা ৩০ জুলাই ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভিডিঅ’ত দেখুওৱা দৃশ্যসমূহ ৰাছিয়াত হোৱা শেহতীয়া ৮.৭ ৰিখটাৰ প্ৰাবল্যৰ ভূমিকম্পৰ সময় দৃশ্য। ৩০ চেকেণ্ডৰ এই ভিডিঅ’টোত মুঠ ছয়টা ভিন্ন দৃশ্য আছে। ভিডিঅ’টোত টেক্সট ওভাৰলে’ কৰি সেই দৃশ্যসমূহ ২৯জুলাইৰ ৰাছিয়াৰ ভূমিকম্পৰ সময়ৰ বুলি দাবী কৰিছে। লিখিছে- ৰাছিয়াত যোৱা কালি হোৱা ৮.৮ […]

Continue Reading

এয়া ৰাছিয়াৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য বুলি কৰা দাবীটো আংশিকভাৱে মিছা। 

যোৱা ৩০ জুলাই ২০২৫ত অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভিডিঅ’টোত দেখুওৱা দৃশ্যসমূহ ৰাছিয়াত হোৱা শেহতীয়া ৮.৭ ৰিখটাৰ প্ৰাবল্যৰ ভূমিকম্পৰ সময় দৃশ্য। গোটেই ভিডিঅ’টোত মুঠ চাৰিটা ভিন্ন দৃশ্য আছে। ভিডিঅ’টোত লিখিছে-  ৮.৭ প্ৰাব্যলৰ ভূমিকম্পত ৰাছিয়াত ভয়ংকৰ পৰিস্থিতি ভয়ংকৰ ভূমিকম্পৰ পাছতে ৰাছিয়াৰ সাগৰত ছুনামিৰ প্ৰভাৱ সাগৰপৃষ্ঠৰ পৰা ১৩ ফুট পৰ্যন্ত উঠিছে […]

Continue Reading

পেচাদাৰী অভিনেতাৰে অভিনীত চিত্ৰনাট্যযুক্ত ভিডিঅ’ৰে সেনা জোৱানে গৰ্ভৱতী মহিলাক সহায় কৰা বুলি মিছাকৈ প্ৰচাৰ।  

শেহতীয়াভাৱে যোৱা ২৬ জুলাই ২০২৫ত অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে দৃশ্যত দেখাৰ দৰে এগৰাকী গৰ্ভৱতী মহিলাক ভাৰতীয় সেনাৰ এগৰাকী জোৱানে আহি সহায় কৰিছে। ভিডিঅ’টো আপলোড কৰি তাত লিখিছে এইদৰে- আৰ্মী জনৰ মানৱীয়তা দেখিলে আপোনাৰো চকুলো নিগৰিব__ সঁচাকৈ দেশভক্ত আৰ্মীৰ হৃদয়খন বৰ কোমল… চিচি টিভিৰ কেমেৰাত আৱদ্ধ এজন ভাৰতীয় আৰ্মীৰ […]

Continue Reading

অসমৰ সাম্প্ৰতিক গ্ৰীষ্ম প্ৰৱাহঃ এক উদ্ৰেগৰ বিষয়   

ভূমিকা   বৰ্তমান সময়ত অসমত গ্ৰীষ্ম প্ৰৱাহে (Heat Wave) ভয়াবহ ৰূপ ধাৰণ কৰিছে। গৰমৰ প্ৰকোপ দিনক দিনে বাঢ়ি অহা দেখা গৈছে, যাৰ ফলত মানুহৰ দৈনন্দিন জীৱন ব্যাহত হৈছে। সাধাৰণতে অসমত এপ্ৰিল-মে’ মাহত গৰম বেছি অনুভৱ হয়, কিন্তু বৰ্তমান এই গৰম অসহনীয় হৈ পৰিছে। ইয়াৰ প্ৰধান কাৰণ হ’ল জলবায়ু পৰিৱৰ্তন, বনাঞ্চল ধ্বংস কৰা, নগৰীকৰণ আদি। অসমত বৰ্তমান […]

Continue Reading

বিহাৰৰ এজন অধিবক্তাক আৰক্ষীয়ে টানি নিয়া দৃশ্যকে অসমৰ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰা দৃশ্য বুলি মিছাকৈ প্ৰচাৰ।  

শেহতীয়াভাৱে যোৱা ২০ জুলাই ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে। ভিডিঅ’টোত দেখা গৈছে যে আৰক্ষী-প্ৰশাসনৰ লোকে এগৰাকী ক’লা চ্যুট পৰিহিত লোকক বলপূৰ্বক টানি লৈ গৈছে। সেই দৃশ্যটো আপলোড কৰি সেয়া অসমৰ মুখ্যমন্ত্ৰী বুলি দাবী কৰিছে ব্যৱহাৰকাৰীজনে।    Facebook Link Archived Link […]

Continue Reading

AI Generated ভিডিঅ’কে মাত্ৰাধিক পাপ কৰা লোকৰ ভিডিঅ’ বুলি মিছাকৈ প্ৰচাৰ। 

শেহতীয়াভাৱে অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভিডিঅ’ত দেখা শীৰ্ণকায়,আলৰ বুঢ়া ব্যক্তিগৰাকী হৈছে এগৰাকী পাপ কৰা ব্যক্তি, যিয়ে মাত্ৰাধিক পাপ কৰাৰ বাবে তেওঁৰ এই অৱস্থা হৈছে। ফেচবুক ব্যৱহাকাৰীজনে কেমেৰাৰ সমুখত নিজমুখে অসমীয়া ভাষাত সেই দাবী  কৰিছে।    Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা […]

Continue Reading

অসমত বৰ্তমান খৰাং সদৃশ পৰিস্থিতি — এটা পৰ্যালোচনা  

পাতনি অসমত বৰ্তমান সময়ত বৃষ্টিপাত কমি অহাৰ ফলত এক খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। এই পৰিস্থিতিয়ে দৈনন্দিন জীৱনত গভীৰ প্ৰভাৱ পেলাইছে। প্ৰচণ্ড তাপমাত্ৰা, বৰষুণৰ অভাৱ আৰু নদী-নলা,খাল-বিল, পুখুৰী আদি শুকাই অহা এই অৱস্থাই ৰাজ্যখনৰ জনজীৱন, কৃষি আৰু পৰিবেশৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছে। প্ৰাথমিক মূল্যায়নত প্ৰকাশ পাইছে যে অসমৰ ১৪খন জিলা “উচ্চ বৃষ্টিঘাটি” শ্ৰেণীৰ অন্তৰ্ভুক্ত হৈছে। […]

Continue Reading

AI Generated ভিডিঅ’ ব্যৱহাৰ কৰি কেডাৰনাথত বাছ দুৰ্ঘটনা হোৱা বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে বাছ দুৰ্ঘটনাৰ এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেইটো কেডাৰনাথলৈ যোৱা এখন যাত্ৰীবাহী বাছৰ দুৰ্ঘটনাৰ ভিডিঅ’। ভিডিঅ’টোত ব্যৱহাৰকাৰীজনে নিজেই কেমেৰাৰ সমুখত সেই দাবী উত্থাপন কৰিছে।     Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভণীতে […]

Continue Reading

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ ক্ষেত্ৰত এন আৰ চিৰ তথ্য ব্যৱহাৰঃ এক আলোচনা

পাতনি ভাৰতৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (NRC) আৰু নিৰ্বাচন আয়োগ (EC) ৰ ভোটাৰ তালিকাৰ মাজৰ সম্পৰ্ক অসম তথা দেশৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰসংগ। NRC-ৰ তথ্য ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিলে কিছুমান প্ৰভাৱ পৰিব পাৰে, যি নাগৰিকত্ব আৰু ভোটাধিকাৰৰ সৈতে জড়িত।  ই নাগৰিকত্ব পৰীক্ষণ আৰু নিৰ্বাচনী তালিকাত অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত এক গুৰুতৰ উদ্বেগ সৃষ্টি কৰে। এন আৰ চিয়ে আইনী […]

Continue Reading