Archives

হাৰিয়ানাৰ নৃত্যশিল্পী পলক চাইনীৰ এটা ভিডিঅ’ স্বামীহন্তা মুস্কান ৰস্তোগীৰ বুলি মিছা দাবীৰে প্ৰচাৰ।  

শেহতীয়াভাবে অসমৰ এগৰাকী ফেচবুক ব্য়ৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে অলপতে চাহিল নামৰ নিজৰ পৰকীয়া প্ৰেমিকৰে মিলি নিজৰ স্বামী সৌৰভক হত্যা কৰি ১৫টুকুৰাকৈ কাটি পেলোৱা মুস্কান ৰস্তোগীৰ নৃত্যৰত ভিডিঅ’। স্বামীক হত্যা কৰি মুস্কানে এইদৰে নৃত্য কৰা বুলি দাবী কৰি লিখিছেঃ- কেনেকৈ সম্ভৱ বাৰু? নিজৰ গিৰিয়েক সৌৰভক পৰকীয়া প্ৰেমিক চাহিলৰ লগ লাগি হত্যা কৰি […]

Continue Reading

লক্ষ্নৌৰ ছাৰবাগ ৰেল ষ্টেছনৰ ২০২২চনৰে পুৰণি ভিডিঅ’ এটা অসমৰ কোকৰাঝাৰ ৰেল ষ্টেছনৰ শেহতীয়া দৃশ্য বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে।

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজৰ পৰা এটা ভিডিঅ’ আপলোড কৰি সেয়া অসমৰ কোকৰাঝাৰ ৰেল ষ্টেছনৰ ভিডিঅ’ বুলি দাবী কৰা হৈছে। ভিডিঅ’টোত দেখা গৈছে এগৰাকী খাকী পোচাকধাৰীৰ সৈতে দুগৰাকী পুৰুষ-মহিলাৰ হতাহতি লাগিছে। মহিলাগৰাকীয়ে চেণ্ডেলেৰে খাকী পোচাকধাৰী গৰাকীক প্ৰহাৰ কৰিছে আৰু পুৰুষগৰাকীয়েও তেওঁৰ সৈতে মাৰপিটত লিপ্ত হৈছে। খাকী পোচাকধাৰীগৰাকীয়েও দুয়োকে প্ৰহাৰ কৰিছে। পোষ্টটোত সেই পুৰুষ-মহিলাহালক এক দম্পতী […]

Continue Reading

ইণ্ডোনেছিয়াৰ এখন পাৰ্কৰ ভিডিঅ’ উত্তৰাখণ্ডৰ মছজিদ ধ্বংস কৰা বুলি মিছা দাবীৰে প্ৰচাৰ।

শেহতীয়াভাবে অসমৰ বিভিন্ন হোৱাটছএপ গ্ৰুপ তথা ব্যক্তিগত হোৱাটছএপ নম্বৰলৈ এটা ভিডিঅ’ প্ৰেৰণ কৰি একাংশ ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে সেয়া উত্তৰাখণ্ডৰ দৃশ্য। উত্তৰাখণ্ডত মছজিদ ভঙাৰ দৃশ্য বুলি দাবী কৰা হৈছে। লিখিছেঃ- এয়া উত্তৰাখণ্ড। এনেকৈ মছজিদ ভাঙি পেলোৱা হৈছে। ভাল হৈছে নে বেয়া হৈছে? Archived Link  কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন […]

Continue Reading

সুনীতা উইলিয়ামছে মাধ্যাকৰ্ষণ শূণ্য ঠাইত উপস্থিত হৈ আনন্দ প্ৰকাশ কৰা এই ভিডিঅ’টো পুৰণি।

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ন মাহ কটাই যোৱা ১৮ মাৰ্চত মহাকাশচাৰী সুনীতা উইলিয়ামছ, বুটছ উইলমোৰ, নিক হেইগ আৰু আলেকজেণ্ডাৰ গৰ্বোনভ পৃথিৱীলৈ ঘূৰি আহে। এই পৰিপ্ৰেক্ষিতত সুনীতা উইলিয়ামছ আৰু বুটছ উইলমোৰৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত য’ত এক মাধ্যাকৰ্ষণ শূণ্য ঠাইত উপস্থিত হৈ আন তিনিগৰাকী মহাকাশচাৰীক দেখি সুনীতা উইলিয়ামছে আনন্দত নচা দেখা গৈছে। তেওঁৰ পিছে […]

Continue Reading

অসমৰ নামৰূপত স্থাপন হ’বলগীয়া ব্ৰাউনফিল্ড এমোনিয়া-ইউৰিয়া কমপ্লেক্স সম্পৰ্কে সবিশেষ।

পাতনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে অসমৰ নামৰূপত থকা ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেড (BVCL)ত নতুন ব্ৰাউনফিল্ড এমোনিয়া-ইউৰিয়া কমপ্লেক্স স্থাপনৰ বাবে অনুমোদন জনাইছে। এই সুবিধাৰ বাৰ্ষিক উৎপাদন ক্ষমতা ১২.৭ লাখ মেট্ৰিক টন ইউৰিয়া আৰু এয়া বিভিএফচিএলৰ বৰ্তমানৰ চৌহদৰ ভিতৰতে সম্পন্ন কৰা হ’ব। প্ৰকল্প ব্যয় ইয়াৰ আনুমানিক প্ৰকল্প ব্যয় হৈছে ১০,৬০১.৪০ কোটি টকা অৰ্থাত ১.২৩ […]

Continue Reading

২০২৩ চনত ভাৰতীয় ক্ৰিকেট দলে ষ্টেডিয়ামৰ পৰা হোটেললৈ ওভটাৰ পথত বাছত হোলী খেলা দৃশ্য এইবছৰৰ বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াভাবে অসমৰ বিভিন্ন হোৱাটছএপ গ্ৰুপ তথা ব্যক্তিগত হোৱাটছএপ নম্বৰলৈ এটা ভিডিঅ’ প্ৰেৰণ কৰি একাংশ ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে সেয়া ভাৰতীয় ক্ৰিকেট দলে এইবছৰৰ শেহতীয়া হোলীত আনন্দ কৰাৰ দৃশ্য। লিখিছেঃ- টীম ইণ্ডিয়াৰ হোলী চেলিব্ৰেছন। এইবছৰ লগে ভাগে হোলী খেলিলে আটায়ে। Archived Link  কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ […]

Continue Reading

পাকিস্তানৰ উমেৰকোটৰ ১১ বছৰ পুৰণি হোলী উদযাপনৰ ফটো শেহতীয়া ২০২৫চনৰ হোলীৰ বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে।

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজত এখন বিশেষ ফটো আপলোড কৰি দাবী কৰা হৈছে যে সেইখন অতি শেহতীয়া হোলীৰ ফটো। ফটোখনেৰে দাবী কৰা হৈছে যে শেহতীয়া হোলীত পাকিস্তানৰ ৰাজপথত সেইদৰে হিন্দু লোকসকলে হোলী খেলি আনন্দ প্ৰকাশ কৰিছে। লিখিছেঃ-পাকিস্তানৰ ৰাজপথত উলহ মালহেৰে হলি উদযাপন কৰিলে দেশখনৰ হিন্দুৱে। দেখা নগ’ল কোনো অপ্ৰিতিকৰ পৰিস্থিতি। Facebook Link Archived Link  কিন্তু […]

Continue Reading

কৰাচীৰ ছকৰ অঞ্চলৰ পাচলি বজাৰত হোৱা অগ্নিকাণ্ডৰ দৃশ্য জাফৰ এক্সপ্ৰেছ অপহৰণৰ সময়ৰ বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াভাবে অসমৰ একাংশ ফেচবুক পেজ তথা ব্যৱহাৰকাৰীয়ে পাকিস্তানৰ বেলুছ লিবাৰেছন আৰ্মীয়ে জাফৰ এক্সপ্ৰেছ অপহৰণ কৰা ঘটনাটোৰ সৈতে সংগতি কৰি এটা ভিডিঅ’ আপলোড কৰিছে। ভিডিঅ’টোত এখন চলন্ত ৰেলৰ সমীপতে বিস্ফোৰণ ঘটা দেখা গৈছে আৰু এটা অঞ্চলৰ জুইৰ লেলিহান শিখাৰ মাজত আৱদ্ধ হৈ পৰা দেখা গৈছে। এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে সেই দুয়োটা ভিডিঅ’ আপলোড কৰি সেয়া জাফৰ এক্সপ্ৰেছৰ […]

Continue Reading

২০২২ চনত বেলুছ লিবাৰেছন আৰ্মীয়ে বেলুছিস্তানৰ চিবিত আইইডি বিস্ফোৰণ ঘটাই ৰেল আক্ৰমণ কৰা দৃশ্যটোকে শেহতীয়া জাফৰ এক্সপ্ৰেছ অপহৰণৰ দৃশ্য বুলি প্ৰচাৰ কৰা হৈছে।

শেহতীয়াভাবে অসমৰ একাংশ ফেচবুক পেজ তথা ব্যৱহাৰকাৰীয়ে পাকিস্তানৰ বেলুছ লিবাৰেছন আৰ্মীয়ে জাফৰ এক্সপ্ৰেছ অপহৰণ কৰা ঘটনাটোৰ সৈতে সংগতি কৰি এটা ভিডিঅ’ আপলোড কৰিছে। ভিডিঅ’টোত এখন চলন্ত ৰেলৰ সমীপতে বিস্ফোৰণ ঘটা দেখা গৈছে। দাবী কৰা হৈছে যে সেয়া জাফৰ এক্সপ্ৰেছ অপহৰণ সময়ত বেলুছ লিবাৰেছন আৰ্মীয়ে চলোৱা বিস্ফোৰণৰ দৃশ্য। প্ৰথম পোষ্টটো তলত দেখুওৱা হৈছে। Facebook Link Archived […]

Continue Reading

অসম চৰকাৰৰ এই কাৰ্যকালৰ অন্তিমখন বাজেটঃ কি কি ঘোষণা কৰিছে চৰকাৰে। 

পাতনি যোৱা ১০ মাৰ্চ ২০২৫.সোমবাৰে অসমৰ বিত্তমন্ত্রী অজন্তা নেওগে সদনত দাখিল কৰে অসম চৰকাৰৰ ২০২৫-২৬ বৰ্ষৰ পূৰ্ণাংগ বাজেট । আগন্তুক বৰ্ষৰ বাজেটখনত বহুকেইটা উল্লেখযোগ্য ঘোষণা কৰা হৈছে । বাজেটখনক লৈ বিভিন্ন মহলত বিভিন্ন আলোচনা হোৱা পৰিলক্ষিত হৈছে। আমাৰ এই লেখাত আমি বাজেটখনৰ প্ৰধান ঘোষণাসমূহ সামৰি ল’বলৈ যতন কৰিছোঁ। আহকচোন চাওঁ কি কি আছে এই বাজেটত। […]

Continue Reading