দিপাংকৰ,বিশালৰ হাজাৰ কোটিৰ প্ৰৱঞ্চনা; কিয় জালত পৰে উচ্চ শিক্ষিত লোক আৰু ইয়াৰ পৰা হাত সৰাৰ উপায় কি? জানো আহক।

শেহতীয়াভাবে অসমত একাধিক এনেকুৱা ঘটনা পোহৰলৈ আহিছে যে ট্ৰেডিঙৰ নাম লৈ কেইজনমান যুৱকে হাজাৰ হাজাৰ কোটি টকাৰ প্ৰৱঞ্চনা কৰিছে। তাকে লৈ সমাজিক মাধ্যমো উত্তাল হৈ আছে আৰু আৰক্ষী বিভাগো ব্যস্ত হৈ আছে।

Update: 2024-09-19 14:44 GMT

প্ৰস্তাৱনা

শেহতীয়াভাবে অসমত একাধিক এনেকুৱা ঘটনা পোহৰলৈ আহিছে যে ট্ৰেডিঙৰ নাম লৈ কেইজনমান যুৱকে হাজাৰ হাজাৰ কোটি টকাৰ প্ৰৱঞ্চনা কৰিছে। তাকে লৈ সমাজিক মাধ্যমো উত্তাল হৈ আছে আৰু আৰক্ষী বিভাগো ব্যস্ত হৈ আছে। ৰাইজৰ মাজত ট্ৰেডিঙক লৈ এক ভুল ধাৰণাও বিয়পি কৰা দেখা যে ট্ৰেডিং মানেই ধনৰ প্ৰৱঞ্চনা আৰু অপৰাধ। বিশেষকৈ দিপাংকৰ বৰ্মন নামৰ যুৱকজনে ডিবি ষ্টক ব্ৰোকিঙ নাম দি কেইবাহাজাৰ কোটি টকা হৰলুকি কৰি পলায়ন কৰাৰ পাছতেই এই কথাবোৰ পোহৰলৈ আহিছিল। তাৰ পাছতেই ২২ বছৰীয়া যুৱক বিশাল ফুকন আৰু ট্ৰেডাৰ স্বপ্ননীল দাস গ্ৰেপ্তাৰ হয়। সমান্তৰালভাৱে আৰক্ষীৰ জালত পৰে মনোৰঞ্জন জগতত বিভিন্ন কাম কৰা চুমী বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰা।

এই লেখাত কি আছে?

আজিৰ এই লেখাত অসমত সংঘটিত হোৱা এইহেন বিয়োগোম কেলেংকাৰীৰ সবিশেষ আলোচনা কৰাৰ চেষ্টা কৰিছোঁ। প্ৰকৃত ঘটনাবোৰ কি, কিদৰে সংগ্ৰহ কৰা হৈছিল ইমান ধন, পঞ্জি স্কেম কি, কিদৰে মুনাফা আদায় দিছিল বিনিয়োগকৰ্তাক, বাৰে বাৰে কিয় প্ৰৱঞ্চিত হৈছে শিক্ষিত আৰু ধনবান সমাজ, আঁৰৰ কাৰণবোৰ কি কি, কি হ’ব সেই ধনৰ ইত্যাদি বিষয় আমাৰ আলোচনাত সামৰি ল’বলৈ চেষ্টা কৰা হৈছে।

প্ৰকৃত ঘটনাবোৰ কি?

প্ৰকৃততে এইধৰণৰ বিয়াগোম কেলেংকাৰী এটা প্ৰথমে পোহৰলৈ আহিছিল ৭ হেজাৰ কোটি টকা হৰলুকি কৰি অষ্ট্ৰেলীয়ালৈ পলায়ন কৰা ডিবি ষ্টক ব্ৰোকিং নামৰ কোম্পানীটোৰ মালিক দিপাংকৰ বৰ্মনৰ জৰিয়তে। অতি শেহতীয়াকৈ অসমত ট্ৰেডিং জনপ্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছিল। বহু লোকে ষ্টক মাৰ্কেটত নিজাকৈ ট্ৰেডিং কৰা আৰম্ভ কৰিছিল। বিভিন্ন এপৰ জৰিয়তেও বহুলোকে মোবাইলৰ পৰায়ে ট্ৰেডিং কৰি লাভবান হোৱা খবৰ মানুহৰ মুখে মুখে বিয়পি কৰিছিল। সেই সময়তেই হঠাত দিপাংকৰ বৰ্মন নামৰ যুৱকজনে প্ৰায় ৭ হাজাৰ কোটি টকা হৰলুকি কৰি পলাই যোৱা বাতৰি ওলায়। বহু লোক ওলাই আহি দিপাংকৰৰ বিৰুদ্ধে বিনিয়োগ কৰা ধন ঘুৰাই বিচাৰি আৰক্ষীৰ কাষ চাপে। তেতিয়াই এই বিয়াগোম কেলেংকাৰীটোৱে সংবাদ শিৰোনাম দখল কৰে।




 

ইয়াৰ পাছতেই ডিব্ৰুগড়ৰ বিশাল ফুকন নামৰ ২২ বছৰীয়া যুৱকজনে সমাজৰ আগশাৰীৰ বিভিন্ন লোকৰ পৰা কোটি কোটি টকা ট্ৰেডিঙত বিনিয়োগ কৰি লাভ দিয়াৰ প্ৰলোভনেৰে সংগ্ৰহ কৰা খবৰ পোহৰলৈ আহে আৰু ২২০০কোটি টকাৰ এই প্ৰৱঞ্চনাৰ কথা সকলোৱে গম পায়। বিশালৰ এই কেলেংকাৰীৰ লগত নাম সাঙোৰ খায় নৃত্যকৰ তথা অভিনেত্ৰী চুমী বৰাৰ আৰু তেওঁৰ স্বামী খ্যাতিমান ফটোগ্ৰাফাৰ তাৰ্কিক বৰাৰ। মনোৰঞ্জন জগতখনৰ বহু তাৰকাৰ ধন চুমীৰ জৰিয়তে বিশালে সংগ্ৰহ কৰাৰ খবৰ বিয়পি পৰে। বিশেষকৈ জয়পুৰত আয়োজন কৰা চুমী আৰু তাৰ্কিকৰ ডেষ্টিনেছন ৱেডিঙত উপস্থিত থকা বহু তাৰকাৰ নামো বিনিয়োগকৰ্তা হিচাপে উচ্চাৰিত হয়। আৰক্ষীয়ে বিশাল ফুকনক কৰায়ত্ব কৰি এই সম্পৰ্কে তদন্ত কৰে আৰু সম্প্ৰতি তেওঁ ডিব্ৰুগড় জিলা কাৰাগাৰত বন্দী। এই কথা পোহৰলৈ অহাৰ প্ৰায় এটা সপ্তাহ পাছতেই আৰক্ষীৰ জালত পৰে চুমী আৰু তাৰ্কিকো। তেওঁলোকো এতিয়া ন্যায়িক জিম্মাত কাৰগাৰত বন্দী হৈ আছে। লগতে তাৰ্কিকৰ ভাতৃকে ধৰি আন এজন যুৱককো এই সম্পৰ্কত কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে। কেৱল ইমানেই নহয়, বিশালৰ সৈতে লগ লাগি ফাৰ্মাচিউটিকেল কোম্পানী আৰম্ভ কৰা চুমীৰ ককায়েক আৰু বৌৱেকো তদন্তৰ আওতালৈ আহিছে। এই সম্পৰ্কত অধিক তথ্য ইয়াত আৰু ইয়াত পঢ়িব পাৰিব।




 

তদুপৰি ট্ৰেডিঙৰ জৰিয়তে চহকী হৈ পৰা স্বপ্ননীল দাস নামৰ এজন যুৱকে গুৱাহাটীত ট্ৰেডিঙৰ শিক্ষা প্ৰতিস্থান খোলা আৰু বহু লোকক ট্ৰেডিঙৰ প্ৰশিক্ষণ দিয়া বিষয়টোক কেন্দ্ৰ কৰি তেওঁকো আৰক্ষীয়ে কৰায়ত্ব কৰিছে। স্বপ্ননীলে আন লোকৰ ধন সংগ্ৰহ কৰি ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনা কৰিছিল নে নাই, সেই কথাৰ তদন্ত চলি আছে।

আনহাতে এইসকলৰ লগতে মাইনাও নাৰ্জাৰী আদি আন কেইবাগৰাকীও লোকক এইধৰণ অপৰাধত জৰিত থকাৰ অপৰাধত আৰক্ষীয়ে নিজৰ হাতলৈ আনিছে।

কিদৰে সংগ্ৰহ কৰা হৈছিল ইমান ধন?

বিভিন্ন বাতৰিৰ আঁত ধৰি এই কথা জানিব পৰা গৈছে যে ডিবি ষ্টক ব্ৰোকিঙৰ নামত দিপাংকৰ বৰ্মনে অসমৰে নহয়, বিদেশৰো বিভিন্ন লোকৰ পৰা কোটিৰ ঘৰত ধন আহৰণ কৰিছিল। তেওঁ আনকি নলবাৰীত শাখা পৰ্যন্ত খুলি লৈছিল। তেওঁ বিনিয়োগকাৰী সকলক নিশ্চিত লাভৰ প্ৰলোভন দিছিল। প্ৰথম অৱস্থাত তেওঁ বিনিয়োগকাৰীসকলক প্ৰতিশ্ৰুতিমতে লাভ্যাংশ ঘুৰাই দিছিল। এইদৰে এটা দুটা কিষ্টিৰ ধন লাভ কৰি একাংশ বিনিয়োগকাৰী উত্সাহী হৈ পৰিছিল আৰু তেওঁলোকে নিজৰ চিনাকি লোকসকলৰ মাজত এই কথাটো বিয়পাই দিছিল যে ডিবি ষ্টক ব্ৰোকিঙত ধন বিনিয়োগ কৰিলে খুৱ কম সময়তে লাভবান হ’ব পৰা যায়। প্ৰাথমিক স্তৰত এইদৰে লাভৰ মুখ দেখা লোকসকলেই দিপাংকৰৰ হৈ অঘোষিত প্ৰচাৰকৰ ভুমিকা গ্ৰহন কৰি দিপাংকৰৰ ওচৰলৈ কোটি কোটি টকা বিনিয়োগ কৰা লোকৰ সোঁত বোৱাইছিল। দিপাংকৰে সেইসকল লোকক তেওঁৰ এক আঁচনিৰ কথা কৈছিল। তেওঁ কৈছিল যে তেওঁৰ ওচৰত এনেকুৱা এক ট্ৰেডিং কিটিপ আছে, যাৰ জৰিয়তে তেওঁ অতি কম সময়তে অধিক লাভ আহৰণ কৰে আৰু বিনিয়োগকাৰীসকলক সেই লাভৰ অংশ দিব পাৰে। এইদৰেই তেওঁ প্ৰায় ৭ হেজাৰ কোটি টকা আহৰণ কৰি অষ্ট্ৰেলীয়ালৈ পলায়ন কৰে। আৰক্ষীয়ে দিপাংকৰৰ সন্ধান অব্যাহত ৰাখিছে। অতি শেহতীয়াভাৱে অসমৰ এটা সংবাদ মাধ্যমত দিপাংকৰে তেওঁৰ অফিচত বহি কোটি কোটি টকাৰ বাণ্ডিল লৈ ধন গণি থকা এটা ভিডিঅ’ প্ৰকাশ কৰা হৈছিল। প্ৰকৃততে ট্ৰেডিঙৰ সলনি পঞ্জি স্কিমৰ জৰিয়তেহে এই বিশাল পৰিমানৰ ধন আহৰণ কৰিছিল দিপাংকৰে। সেই পঞ্জি স্কিমেই গৈ মুৰকত পঞ্জি স্কেম হৈ পৰিছিল। (অধিক বিস্তাৰ পৰৱৰ্তি অংশত)

প্ৰায় অনুৰূপ ধৰণেই বিশাল ফুকনেও বিনিয়োগকাৰীৰ পৰা ধন সংগ্ৰহ কৰিছিল। তেওঁৱো প্ৰথমে ট্ৰেডিঙৰ কথাকেই কৈছিল সকলোকে। তেওঁ আনকি দুমাহত ৩০ শতাংশ লাভৰ নিশ্চিত গেৰাণ্টিও প্ৰদান কৰিছিল। সেইদৰেই সমাজৰ উচ্চ পৰ্যায়ৰ বিত্তশালী বহু লোক যেনে ডাক্তৰ, ইঞ্জিনিয়াৰ, তাৰকা অভিনেতা, গায়ক আদিয়ে তেওঁৰ ওচৰত ধন বিনিয়োগ কৰিছিল বুলি জানিব পৰা গৈছে বিভিন্ন সংবাদ মাধ্যমৰ সূত্ৰত। বিশালৰ এই ধন সংগ্ৰহত সহায় কৰিছিল তেওঁৰ পাতি লোৱা বায়েক চুমী বৰাই। সাধাৰণতে সামাজিক মাধ্যমত ৰীলত নৃত্য কৰি দৃষ্টি আকৰ্শন কৰা তথা পৰৱৰ্তী পৰ্যায়ত এগৰাকী নৰ্তকী হিচাপে খ্যাতি অৰ্জন কৰি অসমীয় চিনেমাতো অভিনয় কৰাৰ সুযোগ লাভ কৰা চুমী বৰা নামৰ যুৱতীগৰাকীয়ে অসমৰ নৃত্য-গীত-অভিনয়ক্ষেত্ৰৰ বহু লোকৰ পৰা ধন আহৰণ কৰাত বিশালক সহায় কৰিছিল। সেই সহায়ৰ বিনিময়ত বিশালৰ পৰা চুমীয়ে লাভ কৰিছিল লোভজনক উপহাৰ। কেৱল ইমানেই নহয়, চুমী আৰু তাৰ্কিকৰ বিয়াখন জয়পুৰত ৰাজকীয় ধৰণে কোটি টকা খৰচ কৰি আয়ো জন কৰি দিছিল বিশালে। কিন্তু অৱশেষত সকলো গোমৰ ফাঁক হৈ গ’ল। বিশালৰ প্ৰৱঞ্চনা পোহৰলৈ আহিল। আচলতে বিশালে ট্ৰেডিং নহয় পঞ্জি স্কেম কৰিছিল।

কি এই পঞ্জি স্কেম?

আচলতে প্ৰথম অৱস্থাত বহুলোকৰ পৰা মোটা অংকত ধন সংগ্ৰহ কৰি লোৱা হয়। প্ৰথম বিনিয়োগকাৰী সকলক এক নিৰ্দিষ্ট পৰিমানৰ লাভ্যাংশ নিৰ্দিষ্ট এটা সময়ৰ মুৰত ঘুৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হয়। সেই মতে দ্বিতীয় পৰ্যায়ৰ বিনিয়োগকাৰীৰ পৰাও মোটা অংকত ধন আহৰণ কৰি, প্ৰথম পৰ্যায়ৰ বিনিয়োগকাৰীসকলক নিৰ্দিষ্ট এক সময়ত এটা পৰিমানৰ ধন ঘুৰাই দিয়া হয়। সেই ধন লাভ কৰি সেইসকল বিনিয়োগকাৰীয়ে নিজৰ লাভৰ কথা নিজৰ পৰিয়াল তথা বন্ধুবৰ্গৰ আগত অৱগত কৰাত নতুন বিনিয়োগকাৰীৰ সৃষ্টি হয়।সেই নতুন বিনিয়োগকাৰীখিনি হৈ পৰে তৃতীয় পৰ্যায়ৰ বিনিয়োগকাৰী। এইদৰে বিনিয়োগ কৰা লোকৰ সংখ্যা ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে আৰু প্ৰৱঞ্চকৰ হাতত কোটিৰ ঘৰত ধন সংগ্ৰহ হয়। সেই ধনেৰেই প্ৰৱঞ্চকে বিলাসী জীৱন পৰ্যন্ত কটায়। তেওঁলোকে এইদৰেই মাছৰ তেলেৰেই মাছ ভজাৰ দৰে নতুন বিনিয়োগকাৰীৰ কিছু অংশ ধন পুৰণি বিনিয়োগকাৰীক দুটা তিনিটামান কিষ্টিত পৰিশোধ কৰি প্ৰৱঞ্চনাৰ জালখন বহল কৰি গৈ থাকে আৰু এটা সময়ত হাজাৰ হাজাৰ কোটি টকা আহৰণ হোৱাৰ পাছত পলায়ন কৰে। এইদৰেই আমাৰ দেশত ইতিপূৰ্বে কেইবাটাও প্ৰৱঞ্চনাৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰিছিল। ধন সংগ্ৰহৰ এইধৰণটোকে পঞ্জি স্কিম বোলে, যিটো পঞ্জি স্কেমলৈ পৰ্যৱসিত হয় আৰু লাখ লাখ লোকে কোটি কোটি টকা হেৰুৱায়।


 



বাৰে বাৰে কিয় প্ৰৱঞ্চিত হৈছে শিক্ষিত আৰু ধনবান সমাজ?

ইয়াৰ আঁৰৰ কাৰণ হিচাপে ক’ব পৰা যায় যে আমাৰ দেশত অৰ্থনৈতিক সাক্ষৰতাৰ হাৰ পুতৌজনকভাৱে কম। তদুপৰি আমাৰ অসমত তো এই হাৰ অতি দুখ লগা। সাধাৰণ লোকৰ পৰা আৰম্ভ কৰি উচ্চ শিক্ষিত, বিত্তশালী, সমাজৰ আগশাৰীৰ বহু লোকেই এইদৰে ধন বিনিয়োগ কৰে লাভৰ আশাত। কিন্তু তেওঁলোকৰ সেই আশাত চেঁচাপানী ঢালি পলায়ন কৰে প্ৰৱঞ্চকসকল। ভাৰতৰ ঋণ আৰু বিনিয়োগ সমীক্ষা ২০১৯ৰ তথ্যৰ ভিত্তিত প্ৰস্তুত কৰা সংখ্য মতে ভাৰতৰ লোকসকল মাজত অৰ্থনৈতিক সাক্ষৰতা মাত্ৰ ৪.২৩ শতাংশ হে। অৰ্থাত তেনেই নগণ্য সংখ্যক লোকেহে আমাৰ দেশত ধনৰ বিনিয়োগ, লেনদেন আদি সম্পৰ্কত সম্পূৰ্ণৰূপে সাক্ষৰ। বাকী প্ৰায় ৯৬ শতাংশ লোকেই এইক্ষেত্ৰত অজ্ঞ। সেইবাবেই এইধৰণৰ কাণ্ড ঘটি থাকে।




 

তদুপৰি আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলৰ সাক্ষৰতাৰ হাৰ আমাৰ দেশৰ অইন ৰাজ্যৰ তুলনাত সন্তোষজনক বা অধিক যদিও অৰ্থনৈতিক সাক্ষৰতা তেনেই কম। কম মানে অতিকৈ নগণ্য। সেইবাবেই বাৰে বাৰে এইদৰে বিভিন্ন বিনিয়োগ জালত ভৰি দি কষ্টোপাৰ্জিত ধন হেৰুৱাই আহিছে আমাৰ ৰাজ্যৰ লোকসকলে।




 

The North East Financial Traders & Investors Association (NEFTIA) ই শেহতীয়াকৈ এক সংবাদমেল যোগে এই সম্পৰ্কে ৰাইজক সতৰ্ক কৰিও দিছিল। সেই বাতৰি আপোনালোকে ইয়াত পঢ়িব পাৰিব




 

আঁৰৰ কাৰণবোৰ কি কি?

মানুহে এইধৰণৰ জালত ভৰি দিয়াৰ কাৰণ ইতিমধ্যেই উল্লেখ কৰিছোঁ যে আমাৰ দেশত আৰু ৰাজ্যত অৰ্থনৈতিক সাক্ষাৰতাৰ হাৰ তেনেই কম। আমাৰ শিক্ষা ব্যৱস্থাতো নাই অৰ্থনৈতিক সাক্ষাৰতাৰ পৰ্যাপ্ত শিক্ষা। আমাৰ দেশ আৰু ৰাজ্যৰ সৰহসংখ্যক লোকেই ধন জমা কৰা মানে ফিক্সড ডিপোজিত আৰু চেভিংছ একাউণ্টৰ কথাহে জানে। তেনে এক প্ৰেক্ষাপটত এইদৰে কম দিনতেই চহকী হোৱা বা অধিক ধন আহৰণ কৰা সপোন কোনোবাই দেখুৱালেই, সেই জালত ভৰি দিয়ে আনকি তথাকথিত উচ্চ শিক্ষিত সমাজেও। সেইবাবেই বিভিন্ন সময়ত বিভিন্ন প্ৰৱঞ্চকে বিভিন্ন ৰূপে জাল পেলাবলৈ সক্ষম হয় আৰু সফলো হয়। যিহেতু শেহতীয়াকৈ ট্ৰেডিং ব্যৱসায় জনপ্ৰিয় হৈ পৰিছে, গতিকে বহুতেই ট্ৰেডিঙৰ জৰিয়তে চহকী হোৱাৰ সপোন দেখিছে আৰু সেই সপোনকে মূলধন হিচাপে লৈ প্ৰৱঞ্চকে এইসকল লোকৰ জেপৰ পৰা উলিয়াই নিছে কোটি কোটি ধন। গতিকে ইয়াৰ আঁৰৰ কাৰণ হিচাপে মূলতঃ অৰ্থনৈতিক সাক্ষৰতাৰ অভাৱ আৰু অধিক লাভৰ প্ৰতি লোভকেই ক’ব লাগিব। মানুহৰ ধনৰ প্ৰতি থকা সীমাহীন লোভেই এইধৰণৰ কেলেংকাৰীৰ মূল কাৰণ। কেলেংকাৰী কৰাসকলৰো সীমাহীন লোভ আৰু ভুক্তভোগীসকলৰো সীমাহীন লোভ।

কি হ’ব সেই ধনৰ?

এইধৰণে হেৰুওৱা ধন দুনাই ঘুৰাই পোৱাৰ কোনো সম্ভাৱনা নাথাকে। প্ৰৱঞ্চকবোৰ আৰক্ষীৰ জালত পৰিলেও সেই ধন বিনিয়োগকাৰীৰ হাতলৈ নাহে। বিশেষকৈ যিসকল লোকে নিজৰ ক’লাধন বিনিয়োগ কৰিছিল, তেওঁলোকে মুখ খুলি ক”বলৈও সাহস নকৰে। ফলত কোটি কোটি টকা এইদৰেই হেৰায় যায়। ইয়াৰ ফলত আমাৰ দেশ তথা ৰাজ্যৰ অৰ্থনীতিতো কোনোধৰণৰ সহায় নহয়। কেইদিনমান, কেইমাহমান অথবা কেইবাছৰমান আইনৰ দুৱাৰে দুৱাৰে ঘুৰিও সেই ধন আৰু জেপলৈ ঘুৰাই আনিব পৰা নাযায়।

ইয়াৰ পৰা হাত সাৰি থকাৰ উপায় কি?

এটায়ে উপায়। সেয়া হৈছে লোভ সম্বৰণ। যিহেতু আমাৰ দেশত অৰ্থনৈতিক সাক্ষৰতা কম, গতিকে কিছু সচেতনতাৰে লোভ সম্বৰণ কৰিলে আপুনি আপোনাৰ কষ্টোপাৰ্জিত ধনখিনি প্ৰৱঞ্চকৰ হাতত নপৰাকৈ ৰাখিবলৈ সক্ষম হ’ব পাৰে। ধন বিনিয়োগ কৰা নিৰাপদ যিসমুহ পথ আছে, যে ফিক্সড ডিপোজিত, মিউছুৱেল ফাণ্ড, ৰিয়েল এষ্টেট আদি, সেইসমুহৰ সঠিক তথ্য আৰু জ্ঞান লৈ আপুনি আপোনাৰ ধন বিনিয়োগ কৰিব পাৰে। অন্যথা ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া, ছেবি আদি নিৰ্ধাৰণ কৰি দিয়া নীতিৰ ব্যতিৰেকে কোনেও আমাৰ দেশত ধন বিনিয়োগৰ ক্ষেত্ৰত কোনো ধৰণৰ গেৰাণ্টি দিব নোৱাৰে বাৰে পৰ্বতসম মুনাফা দিব নোৱাৰে। নীতি নিয়মৰ অধিনত যিটো হাৰত লাভ্যাংশ ঘুৰি আহে, আপুনি সেইটোৱেই লাভ কৰিব। অন্যথা, দিপাংকৰ, বিশালহঁতে দিয়াৰ দৰে এমাহ দুমাহতে ৩০-৪০ শতাংশ লাভ কোনোপধ্যেই সম্ভৱ নহয়। যদি তেনেকুৱা কোনো ধৰণৰ প্ৰলোভন লাভ কৰে, তেনেহ’লে শীঘ্ৰেই সেই সংগ ত্যাগ কৰক, নিজৰ আত্মীয়-স্বজনক এই সম্পৰ্কে সজাগ কৰক আৰু আৰক্ষীৰ কাষ চাপক। অসমীয়াত এশাৰী বাক্য আছে- লোভেই পাপ, পাপেই মৃত্যু। এইক্ষেত্ৰতো শেষত ক”ব লাগিব যে লোভেই পাপ আৰু পাপেই পৰ্বতসম লোকচান। গতিকে লোভ নকৰিব।

উপসংহাৰ

এই লেখাৰ অন্তত এটা কথাকেই ক’ব পৰা যায় যে আমাৰ দেশ তথা ৰাজ্যত আনকি ডাক্তৰ, ইঞ্জিনিয়াৰ,বিয়াগোম অফিচাৰ আদিৰ মাজতো অৰ্থনৈতিক সাক্ষৰতা তেনেই কম। তাৰেই সুযোগ লৈ আহিছে এই প্ৰৱঞ্চকসকলে। বহুলোকে অনৈতিক পন্থাৰেও কোৰোণাৰে ধন চপায় আৰু সেই ধন এইদৰে বিনিয়োক কৰি ক’লাধনৰ পৰা বগাধনলৈ ৰূপান্তৰ কৰিবলৈ বিচাৰে আৰু অধিক মুনাফাৰ লোভত প্ৰৱঞ্চকৰ হাতত তুলি দিয়ে। আয়কৰ প্ৰদান নকৰালৈ আহৰণ কৰা ধনৰ ক্ষেত্ৰত তেওঁলোকো নিশ্চুপ হৈ থাকে, ফলত দেশৰ আইন ব্যৱস্থায়ো তেওঁলোকক সহায় কৰিব নোৱাৰে। আৰু এইদৰেই এখন বজাৰ চলি আছে। এই বজাৰখনৰ পৰা হাত সাৰি থকাৰ একমাত্ৰ উপায় হৈছে ধন বিনিয়োগ সম্পৰ্কত বিশেষজ্ঞৰ পৰা জ্ঞান আহৰণ কৰা, অৰ্থনৈতিক সাক্ষৰতা বৃদ্ধি কৰা আৰু যিসমুহ আইনগত বিনিয়োগ ব্যৱস্থা, সেইসমুহৰ জৰিয়তেহে বিনিয়োগ কৰা।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Tags:    

Similar News