নেটফ্লিকছৰ ৱেব ছিৰিজ IC 814 সম্পৰ্কে বিভ্ৰান্তিকৰ তথ্য ভাইৰেল।

Update: 2024-09-07 16:31 GMT

কান্দাহাৰৰ বিমান অপহৰণক লৈ নিৰ্মিত ৱেব ছিৰিজ IC 814 সম্পৰ্কে এটা বিশেষ পোষ্ট ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

পোষ্টটোত লিখা আছে এইদৰে, "কান্দাহাৰ বিমানখন অপহৰণ কৰা সন্ত্ৰাসবাদী সকলোৰ নাম আছিল ইব্ৰাহিম আখতাৰ, ছাকিৰ, জাহুৰ মিষ্ট্ৰী, আহমেদ আৰু শ্বাহিদ আখতাৰ, কিন্তু অনুভৱ সিনহাই তেওঁৰ ৱেব ছিৰিজ IC814'ত সন্ত্ৰাসবাদীৰ নাম ৰাখিছে ভোলা আৰু শংকৰ বুলি.... I s I'য়ে বলীউডক নিজৰ যেন ঘৈণী বনাই লৈছে যি কৰিলেও সিহঁতৰ নাম লবলৈ হি** বোৰৰ সাহস নাই। সনাতন ধৰ্মৰ আটাইতকৈ ডাঙৰ শত্ৰু বৰ্তমান বলীউড। ৱেব চিৰিজ খনত অভিনয় কৰা সকলো ক'লা-কুশলী হিন্দু হয় কিন্তু টকাৰ কাৰণে নিজৰ অস্তিত্ব বৰ্তমান বিক্ৰী কৰি দিছে।

কি আচৰিত ইমান সাহস মানে হিন্দুৰ নামটো ৰাখিছেই ওলোটাই ভোলা আৰু শংকৰ ৰাখিছে মানে ডাইৰেক্ট ধৰ্মক আক্রমণ।

নিৰ্মাতা #anuvabsinha'ৰ নামত এতিয়ালৈকে বহুতো কেছ দাখিল হৈছে। আৰু লগতে মহাদেৱ বাবাই তাক উত্তৰ ভালকৈ দিব বুলি আশা কৰিলো।

#জয়_ভোলেনাথ 🙏🏻"


Full View

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে গুগলত প্ৰাসংগিক কী-ৱ'ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া কিছু তথ্য পালোঁ। ২০০০ চনৰ জানুৱাৰী মাহৰ ৬ তাৰিখে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তৰফৰ পৰা দিয়া এক বিবৃতি আমি পালোঁ। বিবৃতিটোত উল্লেখ কৰা হৈছিল যে অপহৰণকাৰীকেইজনৰ নাম আছিল ইব্ৰাহিম আথাৰ, শ্বাহিদ আখতাৰ ছায়েদ, ছানি আহমেদ কাজী, মিষ্ট্ৰী জাহুৰ ইব্ৰাহিম আৰু শ্বাকিৰ। বিবৃতিটোত লগতে উল্লেখ কৰা হৈছিল যে বিমানখনত থকা যাত্ৰীসকলৰ বাবে অপহৰণকাৰীকেইজনৰ ছদ্মনাম আছিল - চীফ, ডাক্তৰ, বাৰ্গাৰ, ভোলা আৰু শংকৰ।


অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link 

আমি পুনৰ কী-ৱ'ৰ্ড ছাৰ্চ কৰি ইণ্ডিয়া টুডেৰ এক ভিডিঅ' প্ৰতিবেদনত IC 814 বিমানখনত সেই সময়ত উপস্থিত থকা দুগৰাকী যাত্ৰীৰ সাক্ষাৎকাৰ পালোঁ। যাত্ৰী দুগৰাকীয়ে ( ৰাকেশ আৰু পূজা কাটাৰিয়া) কৈছিল যে অপহৰণকাৰীকেইজনৰ ছদ্মনাম ৰখা হৈছিল চীফ, ডাক্তৰ, বাৰ্গাৰ, ভোলা আৰু শংকৰ বুলি। তেওঁলোকে ইজনে সিজনক ছদ্মনামেৰেই সম্বোধন কৰিছিল।


অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link

বিমান অপহৰণ সম্পৰ্কে IC 814 বিমানখনৰ পাইলট দেৱী শৰণৰ মন্তব্য তলত চাব পাৰিব।


Full View

Facebook Link

উল্লেখযোগ্য যে ১৯৯৯ চনৰ ২৪ ডিচেম্বৰত ইণ্ডিয়ান এয়াৰলাইঞ্চৰ বিমান IC 814 অপহৰণ কৰিছিল হৰকত-উল-মুজাহীদীনৰ পাঁচজন সদস্য‌ই। ভাৰতীয় কাৰাগাৰত সন্ত্ৰাসবাদৰ অভিযোগত বন্দী হৈ থকা বিভিন্ন পাকিস্তানী কয়দীৰ মুক্তি নিশ্চিত কৰিবলৈ এই অপহৰণৰ সংঘটিত কৰা হৈছিল। ৩১ ডিচেম্বৰত ভাৰত চৰকাৰে বন্দী তিনিজনক তালিবানৰ হাতত গতাই দিয়াৰ পাছত যাত্ৰী আৰু ক্ৰুক মুকলি কৰি দিয়াত এই অপহৰণৰ অন্ত পৰে।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। দাবী কৰা ধৰণে নেটফ্লিকছৰ ৱেব ছিৰিজ IC 814 ত কান্দাহাৰৰ বিমান অপহৰণৰ ঘটনাত জড়িত মুছলমান সন্ত্ৰাসবাদীক হিন্দু নাম দি "হিন্দু" সজোৱা হোৱা নাই। অপহৰণকাৰীকেইজনৰ ছদ্মনাম আছিল চীফ, ডাক্তৰ, বাৰ্গাৰ, ভোলা আৰু শংকৰ আৰু তেওঁলোকে ইজনে সিজনক ছদ্মনামেৰেই সম্বোধন কৰিছিল।



যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | গুগল নিউজ চেনেল | হোৱাটছএপ

Tags:    

Similar News