
যিমানেই মহানগৰসমুহ ডাঙৰ হৈ গৈ আছে, সিমানই বন্য জীৱজন্তুৱে জনবসতিপূৰ্ণ অঞ্চলত ঘুৰি ফুৰা দৃশ্য সঘনাই দেখিবলৈ পোৱা হৈছে, কেতিয়াবা ভিন্ন দাবীৰে সেই দৃশ্য ভাইৰেল হয়। তেনেকুৱায়ে এটা চিচিটিভি দৃশ্য,যত এটা মাইকী সিংহই সাধাৰণভাৱে খোজ কাঢ়ি থকা আৰু জাঁপ মাৰি দেৱাল পাৰ হৈ যোৱা দেখা গৈছে, অসমত হোৱাটছএপত ভাইৰেল হৈ পৰিছে। ভাইৰেল মেছেজটোত লিখা হৈছে যে সেই দৃশ্য গুৱাহাটীৰ এখন মলৰ।
এগৰাকী হোৱাটছএপ ব্যৱহাৰকাৰীয়ে আমাৰ 24×7 ফেক্টলাইন নম্বৰ 904 905 3770লৈ ইয়াৰ সত্যাসত্য নিৰুপনৰ বাবে প্ৰেৰণ কৰি জানিব বিচাৰিছিল সেয়া সচাকৈ গুৱাহাটীৰ দৃশ্য হয় নে নহয়।

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই জানিব পাৰিলো সেই দাবী মিছা।
সত্যতা নিৰূপন পদ্ধতি
আমি ভিডিওটো কেইবাটাও ভাগত ভাগ কৰি লৈ স্ক্ৰিণশ্বট আৰু প্ৰাসংগিক কিছু শব্দেৰে গুগল ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালো আমি ২০২১চনৰ ১১ফেব্ৰুৱাৰীত ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশ হোৱা এটা বাতৰি দেখিলো যত শিৰোনাম লিখা হৈছিল “Watch: CCTV camera captures Asiatic Lion entering hotel in Junagadh” (চাওকঃ জুনাগড়ৰ এখন হোটেলত এটা সিংহ প্ৰৱেশ কৰা চিচিটিভি দৃশ্য) আৰু তাত এটা সিংহই এখন গেটৰ ওপৰেৰে জাঁপ কৰিব ধৰা এখন ফটো লগোৱা হৈছিল।

Original Link- Indian Express | Archived Link
বাতৰিটোত কোৱা হৈছে যে দৃশ্যটো গুজৰাটৰ জুনাগড় চহৰৰ সৰোবৰ পাৰ্টিকো হোটেলৰ। ইয়াকো কোৱা হৈছে যে বন বিভাগৰ বিষয়াই পৰৱৰ্তী সময়ত হোটেলত উপস্থিত হয় আৰু ঘটনাটোৰ নিশ্চিতি প্ৰদান কৰে।
আমি যেতিয়া প্ৰাসংগিক কিছুমান শব্দেৰে ছাৰ্চ কৰিছিলো আমি কেইবাটাই লিংক লাভ কৰিলো। কিছুমান বাতৰিত একেটা ঘটনাৰে চিচিটিভি ফুটেজৰ ভিন্ন এংগলৰ পৰা লোৱা আৰু সময় আৰু তাৰিখ লিখা থকা স্ক্ৰিনশ্বট ব্যৱহাৰ কৰিছে ।

Orginal Link- Live Hindustan | Archived Link
আমি গুগলত বিচাৰি চালো যে গুৱাহাটীৰ ক’ৰবাত সিংহই সেইদৰে প্ৰৱেশ কৰা কোনো শেহতীয়া বাতৰি আছে নেকি, কিন্তু নাপালো।
ফলাফল
এটা পাৰ্কিং লটত বিচৰণ কৰি থকা সিংহৰ দৃশ্যটো গুৱাহাটীৰ নহয়, গুজৰাটৰ জুনাগড়ৰ হে হয় ।

Title:গুজৰাটৰ এক পাৰ্কিং লটত এটা সিংহই বিচৰণ কৰা দৃশ্য অসমৰ বুলি ভাইৰেল কৰা হৈছে!
Fact Check By: Manjori BorkotokyResult: False