শেহতীয়াকৈ এজন লোকে "দেশত নতুনকৈ এক ধৰণৰ 'FASTag স্কেম' হব ধৰিছে" বুলি কৰা দাবীৰ সহিত এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল হৈছে ।

প্ৰথমতে ভিডিঅ’টোত দেখা গৈছে যে এজন শিশুৱে গাড়ীৰ উইণ্ডস্ক্ৰীণ পৰিষ্কাৰ কৰি আছে আৰু তাৰ পাছত শিশুটোৱে হাতত পিন্ধি থকা দামী ঘড়ীটোৰ বিষয়ে গাড়ীত বহি থকা ব্যক্তি দুজনে প্ৰশ্ন কৰাত শিশুটোৱে তাৰ পৰা পলায়ন কৰা । গাড়ীত বহি থকা ব্যক্তি দুজনৰ এজনে শিশুটোক কৰায়ত্ব কৰিবলৈ চেষ্টা কৰে যদিও সফল নহয় ।

ইয়াৰ পাছত ড্ৰাইভাৰ চিটত বহি থকা ব্যক্তি জনে তেওঁৰ সতীৰ্থজনক বুজাব ধৰে যে তেওঁৰমতে কেনেকৈ শিশুটোৱে নিজৰ ঘড়ীটো ব্যৱহাৰ কৰি গাড়ীখনৰ FASTag একাউণ্টৰ পৰা টকা চুৰি কৰিছিল।

কেইবাটাও ফেচবুক পেজ আৰু প্ৰফাইলত ভিডিঅ’টো আপলোড কৰাৰ পিছতে অসমতো বৰ্তমান ভাইৰেল হৈ পৰিছে এই ভিডিঅ’টো ।

Facebook Post | Archived Post

Facebook Post | Archived Post

FASTag হৈছে এটা ৰিচাৰ্জ কৰিব পৰা টেগ যিটো বাহনত লগোৱা হয়, যিয়ে ইলেক্ট্ৰনিক টোল/পাৰ্কিং মাচুল সংগ্ৰহ কৰাত সহায় কৰে। ইয়াক এটা একাউণ্টৰ সৈতে সংযুক্ত কৰা হয় যিয়ে চালকজনে স্বয়ংক্ৰিয়ভাৱে ধন পৰিশোধ কৰাত সহজ কৰি তোলে । ইয়াৰ ব্যৱহাৰৰ ফলত টোল প্লাজাত বেছি সময় শাৰী পাতি ৰৈ থাকিব লগীয়া নহয় ।

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই দাবীটোৰ ওপৰত এটা ফেক্ট চেক কৰাৰ সিদ্ধান্ত লৈছিলো। তদন্তৰ অন্তত আমি গম পালোঁ যে সেই বিশেষ দাবীটো মিছা। ভিডিঅ’টোত দাবী কৰা ধৰণে FASTag একাউণ্টৰ পৰা টকা চুৰি কৰিব নোৱাৰি।

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমতে আমি তথ্য পৰীক্ষাৰ সৈতে জড়িত প্ৰেছ ইনফৰ্মেচন ব্যুৰো (পিআইবি)ৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত এই বিষয়ে কোনো ঘোষণা কৰা হৈছে নেকি চাবলৈ সিদ্ধান্ত ললোঁ । আমি দেখিলোঁ যে এই অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা ইতিমধ্যে বিষয়টো সন্দৰ্ভত এটা আনুষ্ঠানিক বিবৃতি জাৰি কৰা হৈছে। টুইটটোত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে ভাইৰেল ভিডিঅ’টোত কৰা দাবীটো মিছা আৰু প্ৰতিখন টোল প্লাজাৰ এটা একক ক’ড আছে।

টুইটটোত আৰু কোৱা হৈছে যে, “এনে লেনদেন সম্ভৱ নহয় আৰু মুকলি ইণ্টাৰনেটৰ জৰিয়তে কোনো পধ্যেই নহয়। প্ৰতিটো টোল প্লাজাত এটা অনন্য ক'ড থাকে যিটো এটা বিশেষ বেংক আৰু এটা জিঅ'-ক'ডৰ সৈতে মেপ কৰা হয়, এই সংমিশ্ৰণটো ৰাষ্ট্ৰীয় ইলেক্ট্ৰনিক টোল সংগ্ৰহ ব্যৱস্থাত মেপ কৰা হয়। লেনদেনসমূহ এটা সুৰক্ষিত, আভ্যন্তৰীণ ব্যৱস্থাৰ ওপৰত নিৰাপদ ইণ্টাৰনেট প্ৰট’কলৰ জৰিয়তে ঘটে, য'ত সঠিক সুৰক্ষা প্ৰট’কলসমূহ মানি চলা হৈছে। ভিডিঅ’টোত কৰা দাবীটো মিছা।”

ইয়াৰ পিছত আমি ভাৰতত FASTag পেমেণ্ট পৰিচালনা কৰা চৰকাৰী সংস্থা 'নেচনেল পেমেণ্টছ কৰ্প’ৰেশ্যন অৱ ইণ্ডিয়া'ৰ (এনপিচিআই) অফিচিয়েল টুইটাৰ হেণ্ডেলত এই বিষয়ে কোনো ঘোষণা কৰা হৈছে নেকি চাবলৈ সিদ্ধান্ত ললোঁ । এনপিচিআই ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বিশেষ বিভাগ।

এনপিচিআইয়েও ইয়াৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত এই সন্দৰ্ভত এক বিবৃতি দিছে। ইয়াত কোৱা হৈছে যে FASTag Person to Merchant (P2M) মডেলৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে আৰু ইয়াৰ পৰা আন এজন ব্যক্তিয়ে ধন হৰলুকি কৰাটো সম্ভৱ নহয়। ইয়াত আৰু কোৱা হৈছে যে মুক্ত ইণ্টাৰনেট সংযোগৰ জৰিয়তে এনে লেনদেন সম্ভৱ নহয়।

ফলাফল

ভাইৰেল ভিডিঅ’টোত কৰা দাবীটো মিছা। ভাইৰেল ভিডিঅ’টোত উল্লেখ কৰা ধৰণে FASTag একাউণ্টৰ পৰা ধন হৰলুকি কৰাটো সম্ভৱ নহয়। এই ভিডিঅ’টোৱে ৰাইজৰ মাজত অপ্ৰয়োজনীয় আতংকৰ সৃষ্টি কৰিছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ভাইৰেল ভিডিঅ’টোত উল্লেখ কৰা ধৰণে FASTag একাউণ্টৰ পৰা ধন হৰলুকি কৰাটো সম্ভৱ নহয়

Fact Check By: Manjori Borkotoky

Result: False