মৰক্কোৰ হাই এটলাছ পৰ্বতত বিগত ৮ ছেপ্টেম্বৰত হোৱা ৬.৮ ৰিখটাৰ প্ৰাবল্যৰ এক শক্তিশালী ভূমিকম্পত ১০০০ৰো অধিক লোকে প্ৰাণ হেৰুওৱাৰ লগতে ৩০০ৰো অধিক লোক আহত হয় আৰু অসংখ্য অট্টালিকাৰ ক্ষতিসাধন হয়। মৰক্কোৰ চতুৰ্থ বৃহত্তম চহৰ মাৰাকেছৰ পৰা ৭৫ কিলোমিটাৰ পশ্চিমে এই ভয়ংকৰ ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল। এই ঘটনাৰ পাছত চ’ছিয়েল মিডিয়াত ভূমিকম্পৰ প্ৰভাৱৰ কিছুমান ভিডিঅ’ আৰু ফটোৰ জোৱাৰ উঠিছে। তেনেকুৱা এটা ভিডিঅ’ত দেখা গৈছে যে এজন ইছলাম ধৰ্মী লোকে এটা ভাঙি যোৱা মছজিদৰ ওপৰত উঠি আজান দিছে।

অসমৰ এটা সংবাদ প্ৰতিস্থান TIME8 এ তেওঁলোকৰ ফেচবুকত সেই ভিডিঅ’টো শ্বেয়াৰ কৰি দাবী কৰিছে যে সেইটো শেহতীয়া মৰক্কো ভূমিকম্পৰ ফলত খহি পৰা এটা মছজিদৰ দৃশ্য। সেই মছজিদটোত এজন লোকে এইদৰে আজান দিছে বুলি দাবী কৰি ভিডিঅ’টো প্ৰচাৰ কৰিছে। বিৱৰণত লিখিছে-সকলো ভাঙি শেষ। ভঙা মছজিদৰ ওপৰত কিন্তু এতিয়াও আজান অব্যাহত। মৰক্কোৰ ধ্বংস হৈ যোৱা মছজিদৰ ওপৰত আজান।

Facebook LinkArchived Link

তদুপৰি Gana Adhikar গণ অধিকাৰ নামৰ ফেচবুক পেজটোৱেও একেটা ভিডিঅ’ শ্বেয়াৰ কৰি সেই একেই দাবী কৰিছে যে মৰক্কোৰ ধ্বংসপ্ৰাপ্ত মছজিদৰ ওপৰত এইদৰে লোক এজনে আজান দিছে। তেওঁলোকে বিৱৰণত লিখিছে- ভয়াৱহ ভূমিকম্পত তচনচ মৰক্কো, ভঙা মছজিদৰ ওপৰৰ পৰা আজান দিয়াৰ এক দৃশ্য। #morocco #NewsUpdate #GanaAdhikar

Facebook LinkArchived Link

কিন্তু এই দাবীটো সত্য হয়নে? সঁচাকৈয়ে সেইটো মৰক্কোৰ দৃশ্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি ভাইৰেল হোৱা সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ পৰা ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি ২০১৭ চনৰ একাধিক চ’ছিয়েল মিডিয়া পোষ্ট লাভ কৰিলোঁ।

আমি ২০১৭ চনৰ ১৬ জুলাইত কৰা এটা টুইট পালোঁ, য’ত একেটা ভিডিঅ’ পোষ্ট কৰা হৈছিল আৰু সেইটো এতিয়া ভাইৰেল হোৱাতকৈ কিছু দীঘলীয়া আছিল। ভিডিঅ'টোৰ সৈতে থকা কেপছনটো অনুবাদ কৰাত বুজিব পৰা গ’ল যে তাত এইদৰে লিখা আছে,-"এনেদৰে মছুলৰ এটা মছজিদৰ ধ্বংসাৱশেষৰ ওপৰত নামাজ পঢ়া কৰা হৈছে, কাণ দুখন ওপৰলৈ তুলি লওক, কাৰণ তেওঁৱেই বিভ্ৰান্তিৰ সৃষ্টি কৰিছিল, তেওঁ আপোনাক এদিন ধূলিময় পৰিৱেশত বাট দেখুৱাব"।

তদুপৰি আমি Shaykh Mohammed Aslam নামৰ এটা ফেচবুক একাণ্টৰ পৰা ২০১৭ চনৰ ২৭ জুনত কৰা পোষ্ট লাভ কৰিলোঁ। তাত একেটা ভিডিঅ’ শ্বেয়াৰ কৰি উল্লেখ কৰা হৈছে যে - যুদ্ধবিধ্বস্ত ছিৰিয়াৰ ভঙা মছজিদত আজান গাই থকা এজন বৃদ্ধ। আমাৰ পৰা সকলো ল’ব পাৰে কিন্তু আমাৰ ইমান ল’ব নোৱাৰে। (শ্বেয়াৰ কৰা)

এইদৰে আমি বিচাৰ খোচাৰ কৰি চাওতে ২০১৭ চনতেই এক্স(পূৰ্বৰ টুইটাৰ) আৰু ফেচবুকত আপলোড হৈ থকা অৱস্থাত এই ভিডিঅ’টো পালোঁ। যিটো কথাই প্ৰমান কৰিলে যে ভিডিঅ’ ২০২৩ চনৰ চেপ্তেম্বৰ মাহৰ অৰ্থাত এতিয়াৰ শেহতীয়া ভিডিঅ’ নহয়। তদুপৰি দুয়োটা পোষ্টত ভিডিঅ’টো দুই ভিন্ন ঠাইৰ মোছুল আৰু ছিৰিয়া বুলি কোৱা হৈছে যদিও এই মুহূৰ্তলৈকে ইয়াৰ মূল স্থান আমি জানিব পৰা নাই। কিন্তু আমাৰ অনুসন্ধান অব্যাহত আছে। একেবাৰে প্ৰকৃত স্থানৰ তথ্য লাভ কৰাৰ লগে লগেই আমি এই প্ৰতিবেদনত সেই তথ্য অন্তৰ্ভুক্ত কৰিম।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে যিটো ভিডিঅ’ TIME8, Gana Adhikar আদি ফেচবুক পেজে মৰক্কোৰ শেহতীয়া ভূমিকম্পৰ বুলি দাবী কৰি প্ৰচাৰ কৰিছে, সেই ভিডিঅ’টো ২০১৭চনৰে । শেহতীয়া মৰক্কো ভূমিকম্পৰ সৈতে তাৰ কোনো সম্পৰ্কয়ে নাই। গতিকে দাবীটো মিছা।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:মৰক্কোৰ ভূমিকম্প বিধ্বস্ত মছজিদত আজান দিয়া বুলি প্ৰচাৰিত দৃশ্যটো ২০১৭ চনৰে পুৰণি দৃশ্য।

Written By: Pranjal Sharma

Result: False