শেহতীয়াভাৱে দেশত চৰ্চাৰ বিষয় হৈ থকা কৃষক আন্দোলনৰ পৰিপ্ৰেক্ষিতত অসমৰ লগতে দেশৰ ভিন্ন প্ৰান্তত ছোচিয়েল মিডিয়াত বিভিন্ন ধৰণৰ ফটো আৰু ভিডিঅ’ অপব্যাখ্যা আৰু ভুল তথ্যৰে ভাইৰেল হৈ পৰিছে। বিভিন্ন মিছা দাবীৰে কৃষক আন্দোলনকেন্দ্ৰীক ফটো বা ভিডিঅ’ প্ৰচাৰ হৈছে। তেনেকুৱা এটা ফেচবুক পোষ্ট আমাৰ দৃষ্টিগোচৰ হৈছে, য’ত দেখা গৈছে যে বহুকেইজন আন লোকৰ লৈকে এখন ট্ৰেক্টৰত উঠি আছে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী। চালকৰ আসনত বহি আছে তেওঁ। পোষ্টটোত লিখা হৈছে- ভাৰত জোৰো যাত্ৰা বিফল হোৱাৰ পিছত মোদীজীৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে #ভুৱা_কৃষক আন্দোলনৰ নেতৃত্ব দিছে বহুৰূপী ৰাহুল খান গান্ধীয়ে ।

Facebook LinkArchived Link

পোষ্টটোৰে দাবী কৰা হৈছে যে শেহতীয়া কৃষক আন্দোলনৰ নেতৃত্ব লৈছে ৰাহুল গান্ধীয়ে।

তদুপৰি অনুৰূপ দাবীৰে একেখন ফটো আপলোড কৰি কৰা এটা টুইটো আমি পালোঁ।

কিন্তু এই দাবী সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি সেই বিশেষ ফটোখনৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ৰাহুল গান্ধীৰ অফিচিয়েল ফেচবুক পেজত ২০২১ চনৰ ২৬ জুলাইত সেই ফটোখন আপলোড কৰি কৰা এটা পোষ্ট পালোঁ। পোষ্টটোত হিন্দী ভাষাত লিখা হৈছিল- अगर खेत बेचने पर मजबूर करोगे, तो ट्रैक्टर संसद में चलेगा- सत्य की फ़सल उगाकर रहेंगे! कृषि-विरोधी क़ानून वापस लो।(যদি জোৰ কৰি খেতিপথাৰ বিক্ৰী কৰিবলৈ বাধ্য কৰে,তেনেহ’লে সংসদত ট্ৰেক্টৰ চলিব - আমি সত্যৰ ফচলৰ খেতি কৰিহে এৰিম! কৃষি বিৰোধী আইন প্ৰত্যাহাৰ কৰক।)

Archived Link

ইয়াৰ পৰা আমি জানিব পাৰিলোঁ যে সেই ফটোখন ২০২১ চনৰে। ২০২১ চনত তিনিখনকৈ কৃষি আইন বাতিলৰ দাবীত এক কৃষক আন্দোলন গঢ়ি উঠিছিল। সেই সময়ৰে এইখন ফটো বুলি আমি জানিব পাৰিলোঁ।

ইয়াৰ আঁত ধৰি আমি আৰু অধিক অনুসন্ধান কৰি এই সম্পৰ্কে বাতৰি তথা তথ্য পাতিৰ বিচাৰ খোচাৰ কৰিলোঁ। তেতিয়া আমি দেশৰ আগশাৰীৰ কেইবাটিও সংবাদ প্ৰতিস্থানে কৰা বিভিন্ন বাতৰিৰ লিংক লাভ কৰিলোঁ।

২০২১ চনৰ ২৬ জুলাইত ইণ্ডিয়া টুডে’ৰ ইউটিউৱ চেনেলত আপলোড কৰা বুলেটিনত আমি সেই বাতৰিটোৰ সবিশেষ লাভ কৰিলোঁ। তাত উল্লেখ কৰা হৈছে ৰাহুল গান্ধীয়ে নিজৰ বাসগৃহৰ পৰা অইন কংগ্ৰেছ সমৰ্থকৰ সৈতে এখন ট্ৰেক্টৰ চলাই প্ৰতীকি প্ৰতিবাদ কৰি সংসদলৈ যাত্ৰা কৰে।

একেটা দিনতে টাইমছ অৱ ইণ্ডিয়াই Farm laws: Rahul Gandhi drives tractor to Parliament; theatrics, says BJP শীৰোনামেৰে কৰা এটা বাতৰি আমি লাভ কৰিলোঁ। য’ত ঘটনাটোৰ সবিশেষ লিখা আছিল।

টাইমছ অৱ ইণ্ডিয়াৰ এক্স (পূৰ্বৰ টুইটাৰ) হেণ্ডেলতো সেইখন ফটো ব্যৱহাৰ কৰি ৰাহুল গান্ধীয়ে কৃষি আইন বাতিলৰ দাবীত সংসদ ভৱনলৈ প্ৰতিবাদকল্পে ট্ৰেক্টৰ চলাই অহা খবৰটো প্ৰচাৰ কৰা আমি দেখা পালোঁ।

ইয়াৰ উপৰিও এবিপি নিউজেও সেইদিনাই এই বাতৰিটো Parliament Monsoon Session: किसानों के समर्थन में ट्रैक्टर से संसद पहुंचे Rahul Gandhi শীৰোনামেৰে কৰিছিল।

২০২১ চনৰ ২৬ জুলাইৰে ইক’নমিক টাইমছৰ বাতৰি আৰু ২৭জুলাইৰ হিন্দুস্তান টাইমছৰ বাতৰিটো একেখন ফটোকে সংলগ্ন কৰা দেখা পালোঁ।

এই সমস্ত তথ্যৰ পৰা আমি এটা কথাত নিশ্চিত হ’লোঁ যে ফটোখন পুৰণি। অৰ্থাত ৰাহুল গান্ধীয়ে ট্ৰেক্টৰৰ চালকৰ আসনত বহি থকা সেই ফটোখন তেওঁ ২০২১ চনৰ ২৬ জুলাইত কৃষি আইন বাতিৰ কৰাৰ দাবীত প্ৰতিবাদী ৰূপত নিজৰ বাসভৱনৰ পৰা সংসদলৈ আন কংগ্ৰেছ সতীৰ্থসহ ট্ৰেক্টৰখন চলাই অহা দিনটোৰ ফটো সেইখন। সেই ফটোখনৰ বৰ্তমান অব্যহাত থকা কৃষক আন্দোলনৰ সৈতে কোনো সম্পৰ্ক নাই।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো বিভ্ৰান্তিকৰ। ফটোখন ২০২১ চনৰ ২৬ জুলাইৰ। কৃষি আইন বাতিলৰ দাবীত সেইদিনা সংসদ ভৱনলৈ ট্ৰেক্টৰ চলাই আহি প্ৰতিবাদ কৰিছিল ৰাহুল গান্ধীয়ে। ফটোখনৰ চলিত কৃষক আন্দোলনৰ সৈতে কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:২০২১চনৰে ফটো ব্যৱহাৰ কৰি শেহতীয়া কৃষক আন্দোলনত ৰাহুল গান্ধীয়ে নেতৃত্ব দিছে বুলি প্ৰচাৰ কৰা হৈছে।

Fact Check By: Pranjal Sharma

Result: Misleading