দেশত চলি থকা কৃষক প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত বিভিন্ন মিছা খবৰ, তথ্য বিয়পি পৰিছে। কৃষকৰ প্ৰতিবাদৰ সময়ত প্ৰতিবাদকাৰীসকলে হাৰিয়ানা আৰু পঞ্জাৱৰ শম্ভু আৰু খানাউৰী সীমান্তত আৰক্ষীয়ে পেলেট গান ব্যৱহাৰ কৰাৰ অভিযোগো বিভিন্ন মাধ্যমত উত্থাপন হৈছে। আনহাতে হাৰিয়ানাৰ ডিজিপি শত্ৰুজীত কাপুৰে এই অভিযোগ খণ্ডন কৰিছে যদিও আহত প্ৰতিবাদকাৰীসকলৰ চিকিৎসা পৰীক্ষাত পেলেট ব্যৱহাৰৰ প্ৰমাণো পোৱা গৈছে।

ইয়াৰ মাজতে এজন ব্যক্তিৰ মুখত সৰু সৰু ক’লা ঘাঁ আৰু তাত কিছু মলম লগোৱা যেন লগা ছবি এখন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ফটোখন শ্বেয়াৰ কৰা ছোচিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে দাবী কৰে যে ইয়াত প্ৰতিবাদৰ সময়ত আহত এজন আহত কৃষকক দেখুওৱা হৈছে।

দেশৰ আন প্ৰান্তৰ লোকৰ ফেচবুক একাউণ্টৰ লগতে আমাৰ অসমৰো কিছুমান লোকৰ ফেচবুকত সেই ফটোখন আপলোড হোৱা দেখা গৈছে। কিছুমান পোষ্টত প্ৰত্যক্ষভাৱে কোনো স্থান বা কালৰ উল্লেখ কৰা দাবী নাই যদিও দেশত চলি থকা কৃষক আন্দোলনৰ পৰিপ্ৰেক্ষিতত সেই ফটোখনো কোনোবা পেলেট গানত আহত কৃষকৰ ফটো হিচাপেই যেন প্ৰদৰ্শন কৰা হৈছে। তেনেকুৱা এটা ফেচবুক পোষ্ট আমাৰ দৃষ্টিগোচৰ হৈছে। তাত লিখা হৈছে- আমাৰ অন্নদাতা আগতে এই পেলেট গান কাশ্মীৰৰ প্ৰতিবাদীৰ ওপৰত ব্যবহাৰ কৰা হৈছিল, ই আপোনাক মাৰি নেপেলাই কিন্তু চিৰদিনলৈ ঘুনীয়া কৰিব ।।

লগেগী আ...গ ত' আয়েগী কয়ী ঘৰ যদ মে

য়েহা পে হামাৰা মাকান থৰী হে!!

Facebook LinkArchived Link

কিন্তু এই দাবী সত্য হয়নে? এই লোকজন পেলেট গানত আহত কৃষক হয় নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি চালোঁ। তাৰ ফলত আমি ২০১৬ চনৰ ১৬ ছেপ্টেম্বৰত প্ৰকাশিত নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ এটা বাতৰি পালোঁ, য’ত এই ভাইৰেল হোৱা ফটোখন আছিল। প্ৰতিবেদন অনুসৰি, লোকজনৰ নাম মহম্মদ ইমৰাণ পেৰে আৰু কাশ্মীৰত প্ৰতিবাদৰ সময়ত পেলেটৰ আঘাতত আঘাতপ্ৰাপ্ত হয় তেওঁ। ২০১৬ চনত সংঘটিত হোৱা এই কাণ্ডত ভাৰতীয় নিৰাপত্তা বাহিনীৰ পেলেট গুলীচালনাত আহত হোৱা অন্যতম ভুক্তভোগী আছিল এই পেৰে।

এই ফটোখনৰ কৃতিত্ব সংবাদ সংস্থা এছ’চিয়েটেড প্ৰেছ (এপি)ৰ। এছ’চিয়েটেড প্ৰেছে ২০১৬ চনৰ ১৩জুলাইত একেখন ফটো প্ৰকাশ কৰিছিল, য’ত বৰ্ণনা কৰা হৈছিল যে সেই ছবিখন সেইদিনা ফটোগ্ৰাফাৰ দাৰ ইয়াছিনে নিজৰ কেমেৰাত বন্দী কৰিছিল। ইয়াত উল্লেখ আছে যে “প্ৰতিবাদৰ সময়ত পেলেটৰ আঘাতত আহত হোৱা মহম্মদ ইমৰাণ পেৰেই ভাৰত নিয়ন্ত্ৰিত কাশ্মীৰৰ শ্ৰীনগৰৰ এখন চিকিৎসালয়ত সুস্থ হৈ উঠিছে, ১৩ জুলাই, ২০১৬”।

অধিক অনুসন্ধানত আমি ২০১৬ চনৰ ১৪ জুলাইত প্ৰকাশিত ইণ্ডিয়া টাইমছৰ এটা বাতৰিৰ প্ৰতিবেদনো পালোঁ, য’ত ভাইৰেল হোৱা এই ফটোখন সংলগ্ন কৰা হৈছিল। প্ৰতিবেদন অনুসৰি ২০১৬ চনৰ জুলাই মাহত হিজবুল মুজাহিদীনৰ সন্ত্ৰাসবাদী বুৰহান ৱানীৰ মৃত্যুৰ পিছত কাশ্মীৰত হিংসাত্মক বিক্ষোভ আৰু শিলগুটি নিক্ষেপ আৰম্ভ হয়। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে তেওঁলোকৰ সৈতে পেলেট গানৰ সৈতে মোকাবিলা কৰিছিল, যাৰ ফলত বহু ব্যক্তি আঘাতপ্ৰাপ্ত হৈছিল।

ইতিমধ্যেই আমি ফেক্ট ক্ৰেছেণ্ডোৱে আন ভাষাৰ ছোচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই ফটোখন সন্দৰ্ভত ইতিপূৰ্বেই সত্যতা নিৰূপণ কৰি প্ৰকৃত তথ্যখিনি পোহৰলৈ আনিছোঁ। আমাৰ তেনেকুৱা আন এক প্ৰতিবেদন আপোনালোকে ইয়াত ক্লিক কৰি পঢ়িব পাৰিব।

সেয়েহে আমি নিশ্চিত কৰিব পাৰোঁ যে ভাইৰেল ফটোখন পুৰণি আৰু কৃষকৰ প্ৰতিবাদৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।দাবীটো সংগতিহীন

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো সংগতিহীন। ভাইৰেল ফটোখনত ২০১৬ চনৰ জুলাই মাহত কাশ্মীৰত প্ৰতিবাদৰ সময়ত আহত এজন লোকক দেখা গৈছে । চলি থকা কৃষকৰ প্ৰতিবাদৰ সৈতে এই ফটোখনৰ কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:২০১৬ চনতে পেলেট গানত আহত কাশ্মীৰৰ লোকৰ ফটো বৰ্তমানৰ কৃষক আন্দোলনকাৰীৰ বুলি প্ৰচাৰ কৰা হৈছে মিছাকৈ।

Fact Check By: Pranjal Sharma

Result: Missing Context