
যিসময়ত সমগ্ৰ দেশতে এনআৰচি’ৰ বিৰুদ্ধে বিভিন্ন ধৰণে আন্দোলন চলি আছে, এনআৰচি সম্পৰ্কীয় এক বিশেষ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । উক্ত ভিডিঅ’টোত কিছু পুলিচৰ মানুহে সাধাৰণ নাগৰিক কিছুমানক জোৰেৰে টনা-আজোঁৰা কৰা দেখা গৈছে । দাবী কৰা হৈছে যে এইটো অসমৰ ভিডিঅ’ আৰু এইসকল মানুহক নিজৰ ঘৰৰ পৰা বাহিৰ কৰি দিয়া হৈছে কাৰণ তেওঁলোকৰ নাম এনআৰচি’ত অহা নাই ।
উক্ত ভিডিঅ’টো টুইটাৰত ভাইৰেল হৈ পৰিছে আৰু বিভিন্নজনে ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে যে মিডিয়াত এইবোৰ নোলায় কিন্ত সত্যটো হ’ল যে অসমত এনআৰচি’ত নাম নহা বাবে এইসকল মানুহক এতিয়া নিজৰ ঘৰৰ পৰা বাহিৰ কৰি দিয়া হৈছে ।
আব্দুল ৰেহমান নামৰ এটা টুইটাৰ প্ৰফাইলৰ পৰা উক্ত ভিডিঅ’টো টুইটাৰত আপলোড কৰা হৈছে আৰু আপডেটটোত লিখা হৈছে যে অসমীয়াসকলক এতিয়া এনেকৈয়ে ভাৰতৰ পুলিচ আৰু আন সুৰক্ষা বাহিনীয়ে আক্ৰমণ কৰিছে কাৰণ তেওঁলোকৰ নাম এনআৰচি’ত অহা নাই । উক্ত টুইটটো যোৱা ২১ জানুৱাৰীত দিনৰ ৩:০৬ বজাত আপলোড কৰা হৈছিল ।
সঁচাকৈ এনে হৈছিল নেকি? জানোঁ আহক ।
প্ৰণালী
প্ৰথমতে আমি ভিডিঅ’টো ভালদৰে অধ্যয়ন কৰিলোঁ আৰু দেখিলোঁ যে ভিডিঅ’টোত দেখা পোৱা পুলিচবোৰে পিন্ধি থকা ইউনিফৰ্মটো ৰাজস্থানৰ হয় যিহেতু তেওঁলোকৰ বেজবোৰৰ পৰা এইয়া স্পষ্ট হৈ পৰিছে । গতিকে এই পুলিচবোৰ ৰাজস্থানৰ হয়, অসমৰ নহয় । ঘটনাটো অসমৰ নহয় ৰাজস্থানৰ হয় যে সেইয়া স্পষ্ট হৈ পৰিছে ।

কিছুমান বিশেষ কীৱৰ্ডছ ব্যৱহাৰ কৰি আমি অনলাইন চাৰ্ছ কৰিলোঁ আৰু ‘ভাৰত প্রভাত পাৰ্টি’ নামৰ এটা টুইটাৰ হেণ্ডেলৰ পৰা আপলোড কৰা এটা টুইট দেখা পালোঁ য’ত একেটা ভিডিঅ’ আপলোড কৰা হৈছে আৰু জয়পুৰৰ কানৌতা গাওঁত পুলিচে ঠাইখনৰ দলিত আৰু ট্ৰাইবেল মানুহ কিছুমানৰ ঘৰ উচ্ছেদ কৰা ভিডিঅ’ বুলি লিখা হৈছে । উক্ত টুইটটো যোৱা আগষ্ট ৭, ২০১৯ তাৰিখে কৰা হৈছিল ।

আৰু অনুসন্ধান কৰি আমি দেখিলোঁ যে জিৰ’ নিউজ নামৰ এটা ইউটিউব চেনেল এটাত উক্ত ঘটনাটোৰ আন ভিডিঅ’ আৰু আন তথ্য দিয়া আছে । ইয়াতো বিৱৰণ দিয়া আছে যে উক্ত ঘটনাটো জয়পুৰৰ কানৌতা গাওঁৰ হয় ।

আমি এই বিষয়ে অসমৰ বিভিন্ন বাতৰি কাকত আৰু টিভি চেনেলৰ বাতৰিবোৰ চলাথ কৰিলোঁ আৰু নিশ্চিত হলোঁ যে এনেকুৱা কোনো ঘটনা অসমত ঘটা নাই ।
ফলাফল
আমি নিশ্চিত যে উক্ত ভিডিঅ’টো অসমৰ নহয় বৰঞ্চ জয়পুৰৰ হয় আৰু অসমত এনআৰচি’ত নাম নহা মানুহক উচ্ছেদ কৰি দিয়া সময়ৰ ভিডিঅ’ বুলি প্ৰচাৰ কৰি জনসাধাৰণক বিপথে পৰিচালিত কৰা হৈছে ।

Title:এইটো অসমত এনআৰচি’ত নাম নহা মানুহক উচ্ছেদ কৰি থকা ভিডিঅ’ নহয়!
Fact Check By: Manjori BorkotokyResult: False