
যোৱা কেইবাদিনৰপৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত অসমৰ বিভিন্ন ঠাইৰ নদ-নদী সমূহ ওফন্দি পৰি ভয়ংকৰ বানপানীৰ সৃষ্টি হৈছে। বিশেষকৈ নামনি অসমৰ বিভিন্ন ঠাইত বিস্তৰ ক্ষতিসাধন হৈছে।
এনে সময়তে এটা বিশেষ ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হৈছে। ভিডিঅ’টোত দেখুওৱা হৈছে এটা নদীবান্ধ, য’ৰপৰা তীব্ৰ সোঁতত পানী এৰি দিয়া হৈছে। দাবী কৰা হৈছে যে এই ভিডিঅ’টো ভূটানৰ আৰু ভূটানে এইদৰে পানী এৰি দিয়াৰ ফলত কামৰূপ আৰু নলবাৰী জিলাৰ লোকসকল ভয়ানক বানপানীৰ সম্মুখীন হোৱাৰ সম্ভাৱনা আছে।

উক্ত ভিডিঅ’টো ফেচবুকত ভাইৰেল হৈ পৰিছে লগতে আমাৰ হোৱাটচএপ নম্বৰলৈও সত্যতা নিৰূপণৰ বাবে অনুৰোধ আহিছে ।
আমি, ‘ফেক্ট ক্ৰেচেণ্ড অসমীয়া’ই, এই সম্পৰ্কে এক অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ । অনুসন্ধানৰ পাছত আমি জানিব পাৰিলোঁ যে ভিডিঅ’টো ভূটানৰ নদীবান্ধৰ নহয়।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ইনভিড-উই ভেৰিফাই এপ্প ব্যৱহাৰ কৰি ভাইৰেল ভিডিঅ’টো কীফ্ৰেমত বিভক্ত কৰিছিলোঁ আৰু গুগলত ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিবলৈ কীফ্ৰেম ব্যৱহাৰ কৰিলোঁ, তেতিয়া আমি কিছু তথ্য পালোঁ।
প্ৰথমে আমি ইউটিউবত যোৱা ১৮ মে’ ২০২২ তাৰিখে আপলোড হোৱা ভিডিঅ’এটা পালোঁ, যিটো ভিডিঅ’ বৰ্তমান ভাইৰেল হোৱা ভিডিঅ’টোৰ স’তে একেই। ইউটিউবৰ ভিডিঅ’টোৰ হেডলাইনত লিখা আছিল যে সেয়া কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্প।
ভাইৰেল ভিডিঅ’টো আৰু ইউটিউবৰ ভিডিঅ’টো ভালদৰে চালে দেখা গৈছে যে দুয়োটা ভিডিঅ’ত দেখা যোৱা ব্যক্তিকেইজনো একেই।

গতিকে ইয়াৰদ্বাৰা ক’ব পাৰি যে ভাইৰেল হোৱা ভিডিঅ’টো ভূটানৰ নদীবান্ধৰ নহয় বৰং অসমৰ কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰহে হয়, লগতে ভিডিঅ’টো প্ৰায় এমাহ পুৰণি হয়।
ফলাফল
ভূটানৰ নদীবান্ধৰ বুলি ভাইৰেল হোৱা ভিডিঅ’টো আচলতে অসমৰ কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰহে হয় ।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:এক নদীবান্ধৰ পৰা তীব্ৰ সোঁতত পানী এৰি দিয়াৰ ভাইৰেল ভিডিঅ’টো ভূটানৰ নহয়!
Fact Check By: Debanjana BaishyaResult: False
