বাংলাদেশৰ হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ এটা বিশেষ পোষ্ট ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে। পোষ্টটোত সংলগ্ন ক'লাজখনৰ এখন ফটোত দেখা গৈছে জুইত জ্বলি থকা এটা ঘৰৰ কাষত একাংশ লোক থিয় হৈ আছে আৰু আনখন ফটোত বাংলাদেশৰ ক্ৰিকেট খেলুৱৈ লিটন দাসক দেখা গৈছে। দাবী কৰা হৈছে যে বাংলাদেশৰ ক্ৰিকেট দলৰ খেলুৱৈ লিটন দাসৰ ঘৰ এইটো আৰু প্ৰতিবাদকাৰীয়ে তেওঁৰ ঘৰ জ্বলাই দিছে। ফেচবুকত ফটোখন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, "বাংলাদেশ ক্ৰিকেট দলৰ খেলুৱৈ লিটন দাসৰ ঘৰ জ্বলাই দিয়া হ'ল। কিয়??? হিন্দু ধৰ্মৰ ব্যক্তি হোৱা বাবে নহয় জানো! গতিকে য'ত হিন্দু সুৰক্ষিত নহয় তাৰ বাবে হিন্দুস্তানৰ দুৱাৰ মুকলি আছে"।

Facebook Link | Archived Link

এনেধৰণৰ পোষ্ট ইয়াতো চাব পাৰিব। Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে ভাইৰেল ফটোখন ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ আৰু তেতিয়া যোৱা ৫ আগষ্টত দ্য মুনচিফ ডেইলী ( The Munsif Daily)ত প্ৰকাশিত এক প্ৰতিবেদনত ভাইৰেল ফটোখন পালোঁ। প্ৰতিবেদনত লিখা আছিল এইদৰে, "সোমবাৰে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰি দেশ এৰি যোৱাৰ পিছত দেশত হিংসাত্মক পৰিস্থিতি আৰু বিশৃংখলতা অব্যাহত থকাৰ সময়তে বাংলাদেশৰ প্ৰাক্তন ক্ৰিকেট অধিনায়ক মাছৰাফে বিন মোৰ্তাজাৰ ঘৰত প্ৰতিবাদকাৰীয়ে জুই লগাই দিয়াৰ খবৰ আহিছে। চলিত বৰ্ষৰ আৰম্ভণিত বাংলাদেশত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত আৱামী লীগৰ প্ৰাৰ্থী হিচাপে একেৰাহে দ্বিতীয়বাৰৰ বাবে খুলনা সংমণ্ডলৰ নাৰাইল-২ সমষ্টিৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল মোৰ্তাজা"।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link

এইবাৰ আমি গুগলত প্ৰাসংগিক কী-ৱ'ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া ইণ্ডিয়া টুডেৰ ইউটিউব চেনেলত আপলোড কৰা এটা ভিডিঅ' প্ৰতিবেদন পালোঁ য'ত ভাইৰেল ফটোখনত থকা ঘৰটো জ্বলি থকা অৱস্থাৰ এক দৃশ্যাংশ আছিল। উল্লেখ কৰা হৈছিল যে বাংলাদেশৰ ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মাছৰাফে মোৰ্তাজাৰ ঘৰ প্ৰতিবাদকাৰীয়ে জ্বলাই দিছে।

Archived Link

আন এটা ইউটিউব চেনেলত আপলোড কৰা এক ভিডিঅ' তলত চাব পাৰিব।

Archived Link

এই সম্পৰ্কে আন প্ৰতিবেদন ইয়াত পঢ়িব পাৰিব। Archived Link

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। প্ৰতিবাদকাৰীয়ে জ্বলাই দিয়া ঘৰটো বাংলাদেশৰ ক্ৰিকেট দলৰ খেলুৱৈ লিটন দাসৰ নহয় বৰং বাংলাদেশৰ ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা আৱামী লীগৰ সাংসদ মাছৰাফে মোৰ্তাজাৰহে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:বাংলাদেশৰ ক্ৰিকেট দলৰ খেলুৱৈ লিটন দাসৰ ঘৰ প্ৰতিবাদকাৰীয়ে জ্বলাই দিছে নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

Fact Check By: Debanjana Baishya

Result: False