
চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে সম্প্ৰতি সমগ্ৰ দেশখনকে ছানি ধৰিছে আৰু ধীৰে ধীৰে এই ৰোগ বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । চীন দেশত ইতিমধ্যে জৰুৰী কালিন অৱস্থা ঘোষনা কৰা হৈছে । এই বীজাণুৰ আক্ৰমণত ৰোগত ভুগি চীনত পাঁচশজনতকৈ অধিকৰ মৃত্যু হৈছে আৰু লাখতকৈ অধিক মানুহ আক্ৰান্ত হৈ আছে । এই সময়তে ছচিয়েল মিডিয়াত ৱুহান ক’ৰনা ভাইৰাছৰ বিষয়ে না না উৰা বাতৰি বিয়পিব ধৰিছে ।
সম্প্ৰতি ব্ৰইলাৰ মুৰ্গীত ক’ৰনা ভাইৰাছ পোৱা গৈছে বুলি এনে এক ফেচবুক পোষ্ট ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । আতাউৰ ৰহমান আহমেদ নামৰ এক ফেচবুক প্ৰফাইলৰ পৰা ফেব্ৰুৱাৰী ৫, ২০২০ তাৰিখে উক্ত পোষ্টটো আপলোড কৰা হৈছে আৰু এই পোষ্টটো অসমত ফেচবুকৰ জৰিয়তে ভাইৰেল হৈ পৰিছে । পোষ্টটোত দাবী কৰা হৈছে যে ব্ৰইলাৰ মুৰ্গীৰ মাংসত ক’ৰনা ভাইৰাছৰ বীজাণু পোৱা গৈছে গতিকে সকলোকে আৱেদন কৰা হৈছে যাতে তেওঁলোকে এই মাংস নাখায় । উক্ত পোষ্টটোত কিছু বেমাৰী যেন লগা ব্ৰইলাৰ মুৰ্গী আৰু ব্ৰইলাৰ মাংসৰ ফটো শ্বেয়াৰ কৰা হৈছে ।
সঁচাকৈ ব্ৰইলাৰ মুৰ্গীৰ মাংসত ক’ৰনা ভাইৰাছৰ বীজাণু পোৱা গৈছে নেকি? সত্য কি? জানোঁ আহক ।
প্ৰণালী
প্ৰথমতে আমি ক’ৰনা ভাইৰাছৰ উৎস সমন্ধে প্ৰকাশিত বাতৰি আৰু আন তথ্য সম্বলিত ৱেবছাইটত ব্ৰইলাৰ মুৰ্গীৰ মাংসত ক’ৰনা ভাইৰাছৰ বীজাণু পোৱাৰ বিষয়ে কোনো তথ্য আছে নেকি বিচাৰি চালোঁ । এই বিষয়ে আমি চিডিচি ৱেবছাইটত বিচাৰিলোঁ আৰু পালোঁ যে উক্ত ৰোগৰ উৎস বিচাৰি এই অনুষ্ঠানৰ কৰ্মী সকলে দিনে ৰাতি কাম কৰি আছে । ক’ৰনা ভাইৰাছ আচলতে ভাইৰাছৰ এক ডাঙৰ পৰিয়ালৰ এটা অংশ হয় আৰু ইয়াৰ কিছু ভাইৰাছ জীৱ জন্তু যেনে মেকুৰী, উট আৰু বাদুলিৰ ৰোগৰ কাৰণ হব পাৰে আৰু আন কিছুমান মানুহৰ ৰোগৰ কাৰণ হব পাৰে । আমি কিন্তু ইয়াত ক’তো ব্ৰইলাৰ মুৰ্গী আৰু ক’ৰনা ভাইৰাছৰ সম্পৰ্ক বিচাৰি নাপালোঁ । এই সম্পৰ্কে বিতংভাৱে পঢ়ক ইয়াত ।


ইয়াৰ পাছত আমি ভাইৰেল পোষ্টটোত থকা ফটোবোৰ ব্যৱহাৰ কৰি গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ আৰু পালোঁ যে এই ফটোবোৰ আচলতে বহু পুৰণি আৰু ক’ৰনা ভাইৰাছৰ লগত কোনো সম্পৰ্ক নাই ।
ফটো ১: এই ফটোখন ‘য়েল্লোও ব্ৰেড চৰ্টছ’ নামৰ এক ৱেবচাইটৰ পৰা লোৱা য’ত মূৰ্গীটো ‘এছপাৰ্গিল’জ‘ নামৰ এক ৰোগত আক্ৰান্ত ।

ফটো ২: এই ফটোখন ২০১৪ চনতে প্ৰকাশিত এক গৱেষণাৰ লিখনিৰ হয় । ফটোখনৰ শিৰোনামা দিয়া হৈছে: “মুখেদি উশাহ লোৱা এটা বেমাৰী মুৰ্গী”

ইয়াৰ পাছত আমি এই সম্পৰ্কে আৰু নিশ্চিত হবলৈ ডাঃ পুলিন চন্দ্ৰ দাস (ডাইৰেক্টৰ, ডাইৰেক্টৰেট অফ এইএইছ এণ্ড ভেটেৰিনেৰী, গুৱাহাটী, অসম) সৈতে যোগাযোগ কৰিলোঁ । তেখেতে নিশ্চিত কৰিলে যে ব্ৰইলাৰ মুৰ্গীত মাংসত ক’ৰনা ভাইৰাছৰ বীজাণু পোৱা কথাটো সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন । অসমৰ ৰাইজে এই সম্পৰ্কত কোনো শংকা কৰিব নালাগে বুলি তেওঁ জনালে ।

Title:ব্ৰইলাৰ মুৰ্গীৰ মাংসত ক’ৰনা ভাইৰাছৰ বীজাণু পোৱা গৈছে নেকি?
Fact Check By: Manjori BorkotokyResult: False