চাইনব’ৰ্ডত থাৰ ওলমি ৰোৱা দৃশ্যটো AI Generated অৰ্থাত কৃত্ৰিম বুদ্ধিমত্তাসৃষ্ট।     

False Social

শেহতীয়াকৈ অসমৰ বিভিন্ন ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে এখন মহিন্দ্ৰা থাৰ বাহন উৰি গৈ ৰাষ্ট্ৰীয় ঘাইপথত থকা সু- উচ্চ পথ নিৰ্দেশক চাইনব’ৰ্ডত লাগি ধৰিছে। কোনো কোনোৱে সেয়া দিল্লী-গুৰুগ্ৰাম পথৰ দৃশ্য বুলি দাবী কৰিছে।   

Facebook Link Archived Link

একেই দাবীৰে  কৰা পোষ্ট ইয়াত আৰু ইয়াত চাব পাৰিব।

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি দৃশ্যতো ভালকৈ পৰ্যবেক্ষণ কৰিলোঁ। দৃশ্যটোত দেখাৰ দৰে এখন মহিন্দ্ৰা থাৰৰ ওজন প্ৰায় ১৭৫০ৰ পৰা ২১০০ কিলোগ্ৰাম হয়। আনহাতে এখন সাধাৰণ হেট্চবেক গাড়ীৰ ওজন ৮০০-১০০০ কিলোগ্ৰাম হয়। এনে গধুৰ বাহন এখনক প্ৰায় ৫.৫ মিটাৰ (১৮ ফুট) উচ্চতালৈ নিবলৈ যথেষ্ট পৰিমাণৰ শক্তি আৰু প্ৰাৰম্ভিক বেগৰ প্ৰয়োজন হয়। সেই শক্তি আৰু গতিবেগ ব্যস্ত ঘাইপথ এটাত সম্ভৱ নহয়। তদুপৰি ঘাইপথৰ ওপৰৰ পথ নিৰ্দেশক চাইনব’ৰ্ডৰ এলুমিনিয়াম পেনেলবোৰ এই বোজা বহন কৰিব পৰাকৈ ডিজাইন কৰা নহয়। তেনে পৰিপ্ৰেক্ষিতত এনেকৈ যদি থাৰ এখন উৰি গৈ তাত লাগি ধৰে, তেনেহ’লে পেনেলটো ফাটি যোৱাৰ লগতে ভাঙি পৰিব। কিন্তু এই দৃশ্যটোত তেনেকুৱা কোনোধৰণৰ ক্ষতি দেখা যোৱা নাই। গতিকে এই দৃশ্যটো কৃত্ৰিম বা সম্পাদিত হোৱাৰ সম্ভাৱনা আমি দেখিলোঁ। 

তদুপৰি আমি দেখিলোঁ যে হোৰ্ডিঙখনৰ সোঁফালে লিখি থোৱা শব্দবোৰ অৰ্থহীন। সাধাৰণতে পথ নিৰ্দেশকত এইধৰণে লিখা নাথাকে আৰু কৃত্ৰিম বদ্ধিমত্তাৰে সৃষ্টি কৰা ফটো বা ভিডিঅ’ত এনেকুৱা অৰ্থহীন শব্দ বা বাক্য দেখা যায়। তদুপৰি আমি মন কৰিলোঁ যে গাড়ীখনৰ নম্বৰপ্লেটখনো গতানুগতিক ভাৰতীয় নম্বৰপ্লেটৰ দৰে নহয়। কেৱল ইমানেই নহয়, ভিডিঅ’টোত আমি viiztriix বুলি এটা ৱাটাৰমাৰ্কো দেখা পালোঁ। 

প্ৰাথমিকভাৱে এই দৃশ্যটো কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা অৰ্থাত এআই জেনেৰেটেড(AI Generated) হ’ব পাৰে বুলি অনুমান কৰিলোঁ আৰু আমি লাভ কৰা ৱাটাৰমাৰ্কটোৰ পম খেদি ইনষ্টাগ্ৰামত সেই নামৰ হেণ্ডেলটো পালোঁ আৰু তাত ভাইৰেল ভিডিঅ’টো পালোঁ।  আমি দেখিলোঁ যে ভিডিঅ’টোৰ কেপছনত লিখা আছে- This video content is AI-generated for fun purposes only. Please don’t take it seriously.( এই ভিডিঅ’টো মনোৰঞ্জনৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা। ইয়াত গুৰুতৰভাৱে নহ’ব।)

ভাইৰেল ভিডিঅ’টো আৰু ইনষ্টাগ্ৰামত পোৱা মূল ভিডিঅ’টোৰ সামঞ্জস্য তলত দিয়া হৈছে

আমি সেই ভিডিঅ’টো একাধিক এইআই ডিটেকছন টুলছৰ(AI detection tools) সহায়ত পৰীক্ষা কৰি চালোঁ। তেতিয়াও আমি সেই দৃশ্যটো কৃত্ৰিম বুদ্ধিমত্তাসৃষ্ট বুলি ফলাফল লাভ কৰিলোঁ। 

হাইভ মোডাৰেছনৰ মতে এইটো ৯৯.৯ শতাংশ কৃত্ৰিম বুদ্ধিমত্তাসৃষ্ট। 

চাইচইঞ্জিনৰ মতে এই দৃশ্যটো ৮২ শতাংশ কৃত্ৰিম বুদ্ধিমত্তাসৃষ্ট।

ডিপফেক-ও-মিটাৰৰ মতেও এইটো ৯৯.৯ শতাংশ কৃত্ৰিম বুদ্ধিমত্তাসৃষ্ট। 

ইয়াৰ পৰাই স্পষ্ট হৈ পৰে যে এই দৃশ্যটো প্ৰকৃত দৃশ্য নহয়। ই কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা অৰ্থাত এইআই জেনেৰেটেড (AI Generated) এটা দৃশ্য।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে যে দাবীটো মিছা। ই কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা অৰ্থাত এইআই জেনেৰেটেড (AI Generated) এটা দৃশ্য। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:চাইনব’ৰ্ডত থাৰ ওলমি ৰোৱা দৃশ্যটো AI Generated অৰ্থাত কৃত্ৰিম বুদ্ধিমত্তাসৃষ্ট।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *